ETV Bharat / state

বোকাখাতত উদ্ধাৰ বিষাক্ত গ্ৰীণপীট ভাইপাৰ, অঞ্চলজুৰি তীব্ৰ উত্তেজনা - Green pit viper rescued

Green pit viper rescued: গোলাঘাট জিলাৰ বোকাখাতত বুধবাৰে নিশা উদ্ধাৰ হৈছে বিশ্বৰ অতি বিষাক্ত সৰ্পৰ প্ৰজাতিসমূহৰ ভিতৰত অন্যতম গ্ৰীণপীট ভাইপাৰ বা ছালাজাৰ পীট ভাইপাৰ । কৈলাখাত গাঁৱৰ সঞ্জিত দত্তৰ বাসগৃহত সাপডাল প্ৰত্যক্ষ কৰাৰ লগে লগে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । পৰৱৰ্তী সময়ত প্ৰকৃতিপ্ৰেমী জীতেন দত্তই উদ্ধাৰ কৰে সাপডাল ।

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2024, 4:51 PM IST

Green pit viper rescued
বোকাখাতত উদ্ধাৰ বিষাক্ত গ্ৰীণপীট ভাইপাৰ (ETV Bharat)

গোলাঘাট,২৬ ছেপ্টেম্বৰ : বোকাখাতত উদ্ধাৰ হৈছে অতি বিষাক্ত গ্ৰীণপীট ভাইপাৰ । বিশ্বৰ বিষাক্ত সাপবোৰৰ ভিতৰত অন্যতম এই গ্ৰীণপীট ভাইপাৰ । কৈলাখাত গাঁৱৰ সঞ্জিত দত্ত নামৰ এজন লোকৰ বাসগৃহত উদ্ধাৰ এই বিষাক্ত সাপডাল । সচৰাচৰ জনাঞ্চলত নেদেখা এই সাপডাল উদ্ধাৰ হোৱাৰ লগে লগে এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

গ্ৰীণপীট ভাইপাৰ উদ্ধাৰক লৈ চাঞ্চল্য

জানিব পৰা মতে সঞ্জিত দত্তৰ পৰিয়ালে নিশা ঘৰৰ ভিতৰত এই বিষাক্ত সাপডাল প্ৰত্যক্ষ কৰে । ঘৰৰ ভিতৰত চাঙৰ মাজত সোমাই আছিল সেউজীয়া ৰঙৰ এই সাপডাল । লগে লগে হুৱাদুৱা লাগে ঘৰখনত । পূৰ্বে কেতিয়াও নেদেখা সাপডাল হঠাৎ ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰি পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । চুবুৰীয়াসকলো আহি সঞ্জিত দত্তৰ ঘৰত উপস্থিত হ'ল ।

কোনেও নাজানে এই সাপডালৰ নাম বা ইয়াৰ প্ৰজাতিৰ বিষয়েও কোনো লোকৰ ধাৰণা নাই । পৰৱৰ্তী সময়ত স্থানীয় প্ৰকৃতিপ্ৰেমী জীতেন বৰাক খবৰ দিয়া হয় । জীতেন বৰা উপস্থিত হৈ অতি কৌশলেৰে সাপডাল উদ্ধাৰ কৰে । বৰাই সাপডাল চিনাক্ত কৰিলে আৰু ইয়াক গ্ৰীণপীট ভাইপাৰ বুলি দাবী কৰিলে । নিশাই সাপডাল বন বিভাগক হস্তান্তৰ কৰা বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে সচৰাচৰ পাহাৰীয়া আৰু ঘন জংঘলত দেখা পোৱা এই প্ৰজাতিৰ সাপ কিছুমাহৰ পূৰ্বে কাজিৰঙাৰ হালধিবাৰী অঞ্চলত একাংশ লোকে প্ৰত্যক্ষ কৰিছিল । বোকাখাতৰ বিভিন্ন অঞ্চলটো এনে প্ৰজাতিৰ সাপ প্ৰত্যক্ষ কৰাৰ কথা জানিব পৰা গৈছে । কিন্তু জনবহুল কৈলাখাত গাঁৱৰ সঞ্জিত দত্তৰ বাসগৃহত কেনেদৰে আহিল এই বিষাক্ত সাপডাল তাকে লৈ এতিয়া অঞ্চলটোৰ লোকসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :পৃথিৱীৰ মানচিত্ৰত খোদিত আন এক শৃংগ - Himalayan Unclimbed Peak

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.