ETV Bharat / state

চৌদিশে প্ৰলয় : বলিয়া বানৰ বাবে বাতিল হ’ল বিবাহ অনুষ্ঠান - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 8:11 PM IST

Flood In Dibrugarh : বন্যাৰ্তৰ খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধি আৰু চৰকাৰী বিষয়াৰ ৷ ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত বানৰ ভয়ংকৰ ৰূপ ৷ বানাক্ৰান্ত ৰাইজ হাহাকাৰ, খাবলৈ নাই বিশুদ্ধ খোৱাপানী ৷ বানৰ বাবেই বাতিল কৰিবলগীয়া হ’ল বিবাহ ৷

DIBRUGARH FLOOD SITUATION
বানে লৈছে জটিল ৰূপ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 1 জুলাই : ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো দেখা গৈছে বানৰ ভয়ংকৰ ৰূপ ৷ জিলাখনত বানে লৈছে জটিল ৰূপ ৷ জিলাখনৰ বিভিন্ন প্ৰান্ত এতিয়া বাঢ়নী পানীৰ তলত ৷ যোগাযোগ তথা যাতায়ত বাধাগ্ৰস্ত হোৱাৰ লগতে বিদ্যুৎ যোগানো ব্যাহত হৈছে এই অঞ্চলসমূহত ৷ ফলত বানাক্ৰান্ত অঞ্চল সমূহত হাহাকাৰ কৰিছে বন্যাৰ্তই ৷

ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত বানৰ ভয়ংকৰ ৰূপ (ETV BHARAT ASSAM)

ইয়াৰ মাজতে ডিব্ৰুগড়ৰ চাবুৱাত সংঘটিত হ’ল এক দুখজনক ঘটনা ৷ বানৰ বাবে চাবুৱাৰ টেঙাবাৰী গাঁৱত বাতিল হ’ল এটা পৰিয়ালৰ বিবাহ অনুষ্ঠান ৷ গাঁওখনৰ এটা পৰিয়ালে তেওঁলোকৰ কন্যাৰ শুভ বিবাহৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল ৷ সকলোৱে বিবাহৰ দিনটোলৈ উৎসাহেৰে বাট চাইছিল ৷ কিন্তু হঠাৎ অহা লুইতৰ প্ৰৱল বানে জলমগ্ন কৰি পেলালে বিয়াৰ পেণ্ডেল ৷ ফলত নিৰ্দিষ্ট দিনটোত অনুষ্ঠিত হ’বলগীয়া এই বিবাহ অনুষ্ঠান বিতাল কৰিবলৈ বাধ্য হয় পৰিয়ালটো ৷

লগতে পঢ়ক : প্ৰবল বানৰ কবলত লখিমপুৰ জিলা : স্থগিত জিলা আয়ুক্ত সন্মিলন - Assam floods 2024

ইফালে নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনত ওফন্দি উঠিছে বুঢ়ীদিহিং নদী ৷ ঠায়ে ঠায়ে কালৰূপ ধাৰণ কৰিছে নদীৰ পানীয়ে ৷ টিংখাং সমষ্টিৰ ৰমাই লাচন গাঁৱতো এতিয়া বানৰ বিভীষিকা ৷ বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে বিস্তীৰ্ণ‌ অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ ঘৰ ৷ মিচিং জনগোষ্ঠী লোকৰ বসতিস্থল হিচাপে পৰিচিত অঞ্চলটোত বানৰ তাণ্ডৱলীলাত দিশহাৰা অঞ্চলবাসী ৷ পথ-পথাৰ সকলো এতিয়া পানীৰ তলত ৷ সকলো ফালেই যাতায়ত তথা যোগাযোগ বিছিন্ন হৈ পৰিছে ৷ নাও, কলৰ ভূৰ লৈ হাট-বজাৰ কৰিছে বানাক্ৰান্তই ৷ ইফালে বানাক্ৰান্তৰ কাষত জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই বুলি অভিযোগ উঠিছে ৷ এক প্ৰকাৰৰ অসহায় অৱস্থাত আছে বানাক্ৰান্ত ৰাইজে ৷

কৃষিপ্ৰধান অঞ্চলটোত পশু খাদ্যৰ অভাৱ ঘটাৰ লগতে খোৱা পানীৰ সমস্যা সৃষ্টি হৈছে ৷ প্ৰতি বছৰে বানত সৰ্বস্বান্ত হয় টিংখাং সমষ্টিৰ এই বৃহত্তৰ অঞ্চলটো ৷ বুঢ়ীদিহিং নদীৰ পানী বঢ়াৰ লগে লগে নদীৰ পানী সোমাই ডুব যায় অঞ্চলটো ৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাই বানাক্ৰান্ত ৰাইজৰ দুৰ্দশা নুবুজাৰ অভিযোগ তুলিছে বানাক্ৰান্ত ৰাইজে ৷ আনহাতে কেবাদিনৰ পৰা হোৱা নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত সমগ্ৰ অসমৰ লগতে চাবুৱাৰ বিন্ধাকটা অঞ্চলতো ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে নৈপৰীয়া ৰাইজৰ নিদ্ৰা হৰণ কৰিছে । লুইতৰ প্ৰলয়ংকাৰী বানে অঞ্চলটোৰ কেইবাখনো গাঁও প্লাৱিত কৰাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : বানৰ কবলত অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান : বানবিধ্বস্ত মানাহত উটি গ’ল শিবিৰ - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.