হাফলং, 7 এপ্ৰিল: হাফলং অসামৰিক চিকিৎসালয়ত অপ্ৰীতিকৰ পৰিস্থিতি ৷ সুৰাপান কৰি উদ্ভণ্ডালি কৰাৰ অভিযোগ চিকিৎসালয়খনৰ এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ৷ জানিব পৰা মতে, অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত অৱস্থিত অসামৰিক চিকিৎসালয়ৰ এগৰাকী কৰ্মীয়ে ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ৰ সৈতেও দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে । কৰ্মীগৰাকীৰ নাম হাফলং অসামৰিক চিকিৎসালয়ৰ চিটি স্কেন ইনচাৰ্জ গোবিন্দ সোনাৰ ৷
- " class="align-text-top noRightClick twitterSection" data="">
ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰৰ নিশা সুৰামত্ত অৱস্থাত সোনাৰে হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগী আৰু তেওঁলোকৰ এটেনডেন্টৰ সৈতে দুৰ্ব্যৱহাৰত লিপ্ত হোৱাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । জানিব পৰা মতে, এইগৰাকী কৰ্মীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি হাফলং অসামৰিক চিকিৎসালয়লৈ অহা ৰোগী আৰু আত্মীয়ৰ সৈতে দুৰ্ব্যৱহাৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । আনকি হাফলং অসামৰিক চিকিৎসালয়ত ৰোগীসকলৰ বাবে কেবিনৰ বাবে দালালি কৰাৰ পৰা আৰম্ভ কৰি এম্বুলেন্সৰ বাবেও দালালি কৰাৰ অভিযোগ আছে সোনাৰৰ বিৰুদ্ধে ।
নিশা হ’লেই হাফলং অসামৰিক চিকিৎসালয়ৰ নিৰাপত্তাৰক্ষীৰ ৰূপলৈ ৰোগী আৰু ৰোগীসকলৰ লগত অহা আত্মীয়ৰ সৈতে দুৰ্ব্যৱহাৰত লিপ্ত হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া বুলি স্থানীয় লোকে জনায় ৷ সোমবাৰৰ নিশা গোবিন্দ সোনাৰে হাফলং অসামৰিক চিকিৎসালয়ৰ ৰোগী আৰু আত্মীয়ৰ সৈতে কৰা দুৰ্ব্যৱহাৰৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাচতে সচেতন লোকৰ মাজত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ।
এতিয়া গোবিন্দ সোনাৰৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ।
লগতে পঢ়ক: ডিমা হাছাও জিলাত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, বিপৰ্যস্ত জনজীৱন - Flood in Dima Hasao