তিনিচুকীয়া: ‘‘প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দূৰদৰ্শী নেতৃত্বত এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত মৰাণ জনগোষ্ঠীয়ে বীৰ ৰাঘৱ মৰাণৰ জীৱনগাঁথা আৰু আদৰ্শক সাৰোগত কৰি সবল ভূমিকা ল'ব বুলি আমি দৃঢ় বিশ্বাসী । বীৰ ৰাঘৱ মৰাণৰ সাহস, বীৰত্ব, স্বদেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠাৰ বৰ্ণিল গাঁথা ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াস কৰা হ'ব ।" বীৰ ৰাঘৱ মৰাণ দিৱসত উপস্থিত থাকি এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত অসম মৰাণ সভাৰ উদ্যোগত আৰু মৰাণ জনজাতিৰ কেউটা সংগঠনৰ সহযোগত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ কাকজান গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত (ৰজা বদৌচা সমন্বয় ক্ষেত্র) মঙলবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত ২৮৯ সংখ্যক ‘বীৰ ৰাঘৱ মৰাণ দিৱস'ৰ কালি সামৰণি পৰে ।
পুৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয় অন্তিম দিনাৰ কাৰ্যসূচী ৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়া যোগানন্দ বুঢ়াগোহাঁইয়ে উদ্বোধন কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক-সংস্কৃতি প্ৰদৰ্শন কাৰ্যসূচীৰ পাছতেই বিয়লি অনুষ্ঠিত হয় দ্বিতীয়খন মুকলি সভা ৷ অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই সভাপতিত্ব কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
Speaking at the 289th Bir Raghab Moran Diwas at the Raja Bodousa Samanway Kshetra, Doomdooma. https://t.co/VvuINXtVhI
— Sarbananda Sonowal (@sarbanandsonwal) November 20, 2024
বীৰ ৰাঘৱ মৰাণৰ জীৱনাদৰ্শ সন্দৰ্ভত আলোকপাত কৰি তেওঁৰ আদৰ্শ গ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় সোণোৱালে ৷ কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে বীৰ ৰাঘৱ মৰাণৰ প্ৰতি সশ্রদ্ধ প্রণিপাত জনায় ৷
সোণোৱালে ভাষণ প্রসংগত কয়, "অসমৰ ইতিহাসৰ এক অন্যতম শক্তিশালী বীৰসত্তা ৰাঘৱ মৰাণৰ সাহস, শৌর্য-বীৰ্য আৰু দেশপ্ৰেমৰ চেতনাই যুগে যুগে জাতি-জনগোষ্ঠীক উদ্বুদ্ধ কৰি অহাৰ লগতে একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে ৷ এইগৰাকী মহান বীৰে সৰ্বসাধাৰণৰ আশা-আকাংক্ষাক প্রতিফলিত কৰিছিল ।’’
🎥 | ডুমডুমাৰ ৰজা বদৌচা সমন্বয় ক্ষেত্ৰত আয়োজিত ২৮৯সংখ্যক বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন অনুষ্ঠানত ৰাইজৰ ব্যাপক উৎসাহ-উদ্দীপনা pic.twitter.com/Qc778F9sHl
— Sarbananda Sonowal (@sarbanandsonwal) November 20, 2024
লগতে পঢ়ক: এজন মানুহ আৰু এখন নৈ ! প্ৰকৃতিয়ে দিয়া নহয়, নিজে খান্দি উলিওৱা
‘‘ৰাঘৱ মৰাণ মৰাণসকলৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰো স্বাভিমানৰ প্রতীক । তেখেতে শোষিত, নিষ্পেষিত জনতাক একত্ৰিত কৰি নতুন মনোবল, সাহস আৰু আশা প্ৰদান কৰিছিল । অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেখেতে জাগ্রত হৈ স্বদেশ-স্বজাতিৰ সুৰক্ষাৰ হকে অহোপুৰুষাৰ্থ কৰিছিল আৰু লগতে কৰ্মচেতনাৰ পথো প্রশস্ত কৰিছিল । বীৰ ৰাঘৱ মৰাণৰ সিৰাই সিৰাই প্রবাহিত হৈ আছিল দেশপ্ৰেমৰ নৈ ।’’ সোণোৱালে লগতে কয় ৷
তেওঁ আৰু কয়, ‘‘মহান বীৰপুৰুষ ৰাঘৱ মৰাণৰ সাহসিকতা, নির্ভীকতা, জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰে উদ্বুদ্ধ হৈ অসমৰ জাতি-জনগোষ্ঠীসমূহে ঐক্যবদ্ধভাৱে আগুৱাই যাব লাগিব । মৰাণ জনগোষ্ঠীৰ মহান বীৰ ৰাঘৱ মৰাণৰ অদম্য সাহস, বীৰত্ব আৰু স্বদেশ-স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতা জাতীয় জীৱনৰ বাবে প্ৰেৰণাৰ উৎস । বীৰ ৰাঘৱ মৰাণ দিৱস উপলক্ষে আই অসমীৰ অমৰ সন্তানগৰাকীলৈ সশ্রদ্ধ প্রণিপাত জনালোঁ । মৰাণ জনগোষ্ঠীৰ লগতে অসমীয়া জাতিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তোলাৰ যাত্ৰাত বীৰ ৰাঘৱ মৰাণৰ জীৱনগাঁথা প্ৰাসংগিক হৈ ৰ'ব ।’’
বীৰ ৰাঘৱ মৰাণ - মৰাণ জনগোষ্ঠীৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ বাবে সাহস আৰু কৰ্মচেতনাৰ এক যুগজয়ী প্ৰতীক। বীৰ ৰাঘৱ মৰাণৰ অদম্য মনোবল, জনতাৰ হকে থকা দায়বদ্ধতা আৰু নেতৃত্বই জাতীয় জীৱনক অনুপ্ৰাণিত কৰি আহিছে।
— Sarbananda Sonowal (@sarbanandsonwal) November 20, 2024
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত আৰু অসম মৰাণ সভাৰ উদ্যোগত… pic.twitter.com/BM9Sg8SChB
সোণোৱালে লগতে কয়, "অসমৰ থলুৱা জাতি-জনগোষ্ঠীৰ জাতি-মাটি-ভেটি, ভাষা-কৃষ্টি-সংস্কৃতি সুৰক্ষিত কৰাৰ স্বাৰ্থত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সবল পথ প্ৰদৰ্শনেৰে দ্বৈত ইঞ্জিন চৰকাৰে কেতবোৰ অভিলাষী পদক্ষেপ গ্ৰহণ কৰি আহিছে । অসমৰ থলুৱা ভাষা, কৃষ্টি-সংস্কৃতিৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি অসমীয়া ভাষা আৰু জনগোষ্ঠীয় ভাষাসমূহ চিৰকালৰ বাবে যাতে সগৌৰৱে জীয়াই থাকে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তদুপৰি, জনগোষ্ঠীয় ভাষাসমূহৰ বিকাশতো বিশেষ গুৰুত্ব দিয়া হয় ।’’
লগতে পঢ়ক: গুৱাহাটীত ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ অসম গ্ৰন্থমেলা
‘‘অসমৰ শক্তিশালী জনগোষ্ঠী মৰাণসকলৰ বৰ্ণাঢ্য অৱদানৰ কথা উপলব্ধি কৰিয়েই আমি অসমত পোনপ্রথমবাৰৰ বাবে বীৰ ৰাঘৱ মৰাণ বঁটাৰ প্ৰচলন কৰিছিলোঁ আৰু ৰাজ্যিক ভিত্তিত বীৰ ৰাঘৱ মৰাণ দিৱস কেন্দ্ৰীয়ভাৱে চৰকাৰী উদ্যোগত অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ । বীৰপুৰুষগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ অসম চৰকাৰে ২০১৮ চনত পোনপ্ৰথমবাৰৰ বাবে বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰৱৰ্তন কৰিছে । মৰাণ জনগোষ্ঠীৰ বাৰেৰহনীয়া কলা-সংস্কৃতিক অধিক উজলাই তোলাৰ বাবে বলিষ্ঠ পদক্ষেপ লোৱা হৈছে । তদুপৰি আমাৰ চৰকাৰৰ দিনতেই মৰাণ স্বায়ত্তশাসিত পৰিষদ গঠন হৈছিল ৷’’ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় ৷
বীৰ ৰাঘৱ মৰাণৰ অতুলনীয় স্বদেশপ্ৰেম, কৰ্তব্যনিষ্ঠা আৰু সাহসৰ দৃষ্টান্তই জাতীয় জীৱনক উদ্বুদ্ধ কৰি থাকিব। ডুমডুমাস্থিত ৰজা বদৌচা সমন্বয় ক্ষেত্ৰত আয়োজিত ২৮৯সংখ্যক বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন অনুষ্ঠানৰ কিছু দৃশ্যাংশ 📽️ pic.twitter.com/CvYZ310oiO
— Sarbananda Sonowal (@sarbanandsonwal) November 20, 2024
এই অনুষ্ঠানতে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বর্ধনা জনায় । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্রী সঞ্জয় কিশান, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক সুৰেন ফুকন, বলিন চেতিয়া, ৰূপেশ গোৱালা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, অসম পেট্র'-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, অসম ৰাজ্যিক হাউছিং ব'ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, লিডু মহাবিদ্যালয়ৰ প্ৰৱক্তা মৃদুল দহোটীয়া প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল ৷
অনুষ্ঠানত ধৰ্মপ্ৰাণ জয়ৰাম মৰাণ, সাহিত্যিক-গীতিকাৰ প্ৰকাশ কুৰ্মী, অনাতাঁৰ শিল্পী দীপামণি বড়া, সমাজ সেৱক নিৰোদ হাতীবৰুৱা, উদ্যোগী-সমাজসেৱক ৰাজৰ্শী গগৈক অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ মুকলি সভাৰ পূৰ্বে অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ১০০ গৰাকী বিশিষ্ট ব্যক্তিক অসম মৰাণ সভাই সম্বৰ্ধনা জনায় ৷
লগতে পঢ়ক: জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন