ETV Bharat / state

নাগালেণ্ডৰ থানাত বন্দী যোৰহাটৰ যুৱক - Two youths kidnapped in Jorhat

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 1:37 PM IST

Two youths kidnapped by Naga: নাগালেণ্ডত বন্দী অসমৰ দুই যুৱক । নগাই দাবী কৰা চৰ্ত পূৰণ নকৰিলে অপহৃত যুৱকক হত্যাৰ ভাবুকি । বিমোৰত পৰিয়াল ৷ অসম চৰকাৰৰ হস্তক্ষেপ দাবী ৷

Two youths from Jorhat were accused of being kidnapped by Nagas
নাগালেণ্ডৰ থানাত বন্দী যোৰহাটৰ যুৱক (ETV Bharat Assam)

যোৰহাট, 3 আগষ্ট : ৰাজ্যত বৃদ্ধি হৈছে চুৰি-ডকাইতি, হত্যা-লুণ্ঠনকে ধৰি অপৰাধজনিত ঘটনা ৷ পুনৰ অপহৰণৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত ৷ নাগালেণ্ডৰ মোককচাং জিলাৰ লুংথুত বন্দী হৈ আছে যোৰহাট মৰিয়নী নকছাৰীৰ দুজনকৈ যুৱক ৷

জানিব পৰা মতে, বিগত 5 দিন ধৰি একাংশ নগা লোকে বন্দী কৰি ৰাখিছে দুই যুৱকক । যুৱক দুজনৰ মুক্তিৰ বিনিময়ত মৰিয়নিৰ তিনিজনকৈ ব্যক্তি আৰু নগদ 2.50 লাখ টকা পৰিয়ালৰ লোকক দাবী কৰিছে বুলি জানিবলৈ পৰা গৈছে । লুংথু বস্তিৰ কাউন্সিলে উক্ত ধনৰাশি মুক্তিপণ হিচাপে দাবী কৰিছে বুলি জানিব পৰা গৈছে ৷

নাগালেণ্ডৰ মোককচাং জিলাৰ লুংথুত বন্দী হৈ থকা যুৱক দুজন হ'ল মৰিয়নি নকছাৰী বালিজান নতুন মাটিৰ জাকিৰ আলি আৰু বুটু আলি । বৰ্তমান লুংথু আৰক্ষীৰ জিম্মাত দুয়োজন ভুক্তভোগী যুৱক আছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে কাউন্সিলৰ লগতে একাংশ নগা লোকে দুয়োজন যুৱক আৱদ্ধ হৈ থকা থানাখন ঘেৰাও কৰি ৰাখিছে বুলি জানিব পৰা গৈছে ।

যুৱক দুজনৰ পৰিয়ালৰ লোকে লুংথু বস্তিৰ কাউন্সিলে দাবী কৰা ধন আৰু তেওঁলোকে দিয়া চৰ্ত পূৰণ নকৰিলে থানাখনত আক্ৰমণ কৰি যুৱক দুজনক হত্যা কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰিছে । আনহাতে, লুংথুত আৱদ্ধ হৈ থকা দুয়োজন যুৱকক আনিবলৈ গৈ নিৰাশমনেৰে ঘৰলৈ উভতি আহিবলৈ পৰিয়াল লোক বাধ্য হৈছে বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে এই ঘটনা সম্পৰ্কত দুয়োটা পৰিয়াল আৰক্ষীৰ কাষ চাপিব বুলি জানিব দিছে । বহিঃৰাজ্য নাগালেণ্ডত আৱদ্ধ হৈ থকা যুৱক দুজনক উদ্ধাৰৰ ক্ষেত্ৰত অসম চৰকাৰ তথা ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক: লখিমপুৰত ছাত্র অপহৰণৰ অপচেষ্টা : দুৰ্বত্তৰ হাতত কামুৰিহে ৰক্ষা পৰিল ছাত্ৰজন - Attempt to kidnap in Lakhimpur

যোৰহাটত এমাহতে দুবাৰকৈ শিশু অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ - Child Abduction Attempt

কয়লাখনিৰ পৰা অপহৃlক সোঁশৰীৰে মুকলি কৰি দিয়াৰ আহ্বান পৰিয়ালৰ

শদিয়াৰ অপহৃত কিশোৰৰ মৃতদেহ অৰুণাচলত উদ্ধাৰৰ পিচতে তীব্ৰ প্ৰতিবাদ - kidnapping and murder in Arunachal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.