ETV Bharat / state

নিৰ্লজ্জ: গোৱালপাৰাত 55 ঊৰ্ধৰ দুই বৃদ্ধৰ কামনাৰ বলি হ’ল দুই কিশোৰী - Goalpara Rape case

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 9:36 PM IST

Rape case in Assam : ৰাজ্যত ধৰ্ষণকাণ্ডক লৈ অব্যাহত আছে প্ৰতিবাদ ৷ ইয়াৰ মাজতে গোৱালপাৰাত পোহৰলৈ আহিছে দুটাকৈ পৃথক ধৰ্ষণকাণ্ড । ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দুই অভিযুক্ত ধৰ্ষণকাৰীক আজি গ্ৰেপ্তাৰ কৰা হৈছে । ধৃত দুই অভিযুক্ত ক্ৰমে চিত্ৰ ৰায় (55) আৰু সুশীল নাথ (75)।

Two separate rape cases in Goalpara
গোৱালপাৰাত পোহৰলৈ আহিছে দুটাকৈ পৃথক ধৰ্ষণকাণ্ডৰ ঘটনা (ETV Bharat)

গোৱালপাৰা, 25 জানুৱাৰী : ৰাজ্যত এটাৰ পিছত আনটো ধৰ্ষণকাণ্ডক লৈ অব্যাহত আছে উত্তাল প্ৰতিবাদ ৷ এনে সময়তে আজি (দেওবাৰ) গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানা এলেকাত দুটাকৈ পৃথক কিশোৰী ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে ।

বয়সে ভাতি দিলেও একাংশ লোকৰ মানসিকতা এতিয়াও ভৰিৰ তলত ৷ চফল ডেকা নহয়; তথ্য অনুসৰি, এইবাৰ গোৱালপাৰাৰ ধৰ্ষণকাণ্ডত জড়িত হৈছে 55 ঊৰ্ধৰ দুই বৃদ্ধ । এই সন্দৰ্ভত ভুক্তভোগী দুই কিশোৰীৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : নাৰীক দেৱীৰ লগত তুলনা কৰাৰ অৰ্থ ক’ত : ৰাজীৱ শৰ্মা - Protest against rape

ভুক্তভোগী দুই কিশোৰী পৰিয়ালৰ এজাহাৰ :

  • ঘটনা 1 :

এজাহাৰত উল্লেখ কৰা মতে, চিত্ৰ ৰায় (55) নামৰ এটা অভিযুক্ত বৃদ্ধই ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰত প্ৰায় দুমাহ ধৰি কাঠমিস্ত্ৰী হিচাপে কাম কৰিছিল । যোৱা 20 জুলাইৰ দিনা ঘৰত কোনো নথকাৰ সুযোগ লৈ চিত্ৰ ৰায়ে কিশোৰীগৰাকীৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰে ৷ আনকি ভুক্তভোগী কিশোৰীগৰাকীক এই কথা ঘৰৰ কাৰোৰে আগত নক’বলৈ বিভিন্ন ধৰণেৰে ভাবুকি দিয়ে ।

কিন্তু 23 আগষ্টৰ দিনা ভুক্তভোগী কিশোৰীগৰাকীয়ে এই ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক সকলো কথা বিৱৰি কয় ৷ তাৰ পাচতে আজি পৰিয়ালৰ লোকে মৰনৈ থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । ভুক্তভোগী পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত মৰনৈ থানাৰ আৰক্ষীয়ে অভিযান চলাই 55 বছৰীয়া চিত্ৰ ৰায় নামৰ অভিযুক্তটোক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক : লম্পট শিক্ষকৰ কামনাৰ বলি নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী : উলংগ কৰি উত্তম-মধ্যম ৰাইজৰ - Rape case in Assam

  • ঘটনা 2 :

আনহাতে, মৰনৈ আৰক্ষী থানৰ অন্তৰ্গত আন এক এলেকাত আন এগৰাকী কিশোৰীক 75 বছৰীয়া সুশীল নাথে ধৰ্ষণৰ চেষ্টা চলায় । ভুক্তভোগী পৰিয়ালটোৱে এজাহাৰত উল্লেখ কৰা মতে, চলিত মাহৰ 18 আগষ্টৰ দিনা ঘৰত কোনো নথকাৰ সুযোগ লৈ সুশীল নাথ নামৰ অভিযুক্তটোৱে এগৰাকী কিশোৰীক অপকৰ্মৰ চেষ্টা চলায় ৷ কিন্তু তেনে সময়ত কিশোৰীগৰাকীৰ পিতৃ-মাতৃ ঘৰলৈ অহাৰ উমান পাই সেই স্থানৰ পৰা অভিযুক্তটোৱে পলায়ন কৰে ৷

ভয়ত কিশোৰীগৰাকীয়ে এই কথা ঘৰৰ কাৰো আগত প্ৰকাশ নকৰে যদিও স্কুলত গৈ এগৰাকী শিক্ষকৰ আগত সকলো কথা বিৱৰি কয় ৷ তাৰ পাচত শিক্ষকগৰাকীয়ে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ আগত সকলো কথা অৱগত কৰে ৷ আজি মৰনৈ থানাত সেই কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে দাখিল কৰে এক এজাহাৰ ।

এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আজি বিয়লি অভিযুক্ত সুশীল নাথ (75)ক গ্ৰেপ্তাৰ কৰি মৰনৈ থানা লৈ আনে । ইতিমধ্যে সুশীল নাথক মৰনৈ আৰক্ষীয়ে POSCO আইনৰ 59/24 U/S-329 (4)sec 8 ৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোত লৈ প্ৰেৰণ কৰে ।

  • শাস্তিৰ দাবী :

দুই অভিযুক্ত বৃদ্ধৰ এনে কৰ্মকাণ্ডত ক্ষুব্ধ হৈ পৰিছে মৰনৈৰ সচেতন মহল ৷ ধৃত দুই অভিযুক্তকে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে মৰনৈৰ মহিলা সমাজে ৷

লগতে পঢ়ক : অসমত এতিয়া আইন-শৃংখলা বুলি একো নাই, গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ : আছুৰ সভাপতি - Dhing rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.