ধিং, ২১ ছেপ্টেম্বৰ: ধিঙৰ লাঠিয়ামাৰী চৰত বৃহস্পতিবাৰে সংঘটিত দলবদ্ধ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক শনিবাৰে ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্ত ধৰ্ষণকাৰী দুটা ক্ৰমে ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইন বুলি জানিব পৰা হৈছে । ধিং আৰক্ষীয়ে অভিযান চলাই পুৱতি নিশা লাঠিয়ামাৰী চৰৰ পৰা গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক ৷
কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, ভুক্তভোগী কিশোৰীগৰাকীয়ে বৃহস্পতিবাৰে ভায়েকৰ সৈতে আইতাকক নদীৰ ঘাটত থৈ উভতি অহাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ ধিঙৰ লাঠিয়ামাৰী চৰত যুৱকদ্বয়ে বলেৰে কিশোৰীগৰাকীক মটৰ চাইকেলত উঠাই নিয়ে আৰু এডৰা জাৰণিৰ মাজত কিশোৰীগৰাকীক ধৰ্ষণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে ৷
লগতে পঢ়ক: ধিঙত পুনৰ দুই যুৱকে জাৰণিৰ মাজলৈ টানি নি বলাৎকাৰ কৰিলে নাবালিকাক - Dhing rape case
ইফালে কিশোৰীগৰাকীক যুৱকদ্বয়ে বলপূৰ্বকভাৱে লৈ যোৱাত ভায়েকে ঘৰলৈ উভতি আহি চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ একগোট হয় ৷ তেওঁলোকে ঘটনাৰ বিষয়ে জানিব পাৰি তৎপৰতাৰে অভিযান চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে অভিযুক্ত দুটাই পলায়ন কৰাত স্থানীয় লোক তেওঁলোকক আটক কৰাত ব্যৰ্থ হয় ৷
ইয়াৰ পাছতেই ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে অভিযুক্ত ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইনৰ বিৰুদ্ধে ধিং থানাত এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে ১৭৯/২৪ নম্বৰত গোচৰ ৰুজু কৰি দুই অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ ইফালে কিশোৰীগৰাকীক সংকটজনক অৱস্থাত নগাঁও চিকিৎসালয়ত ভর্তি কৰোৱা হয় ।
ধিং আৰক্ষীয়ে আজি দুই অভিযুক্ত ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইনক নগাঁও আদালতত হাজিৰ কৰে ৷ নগাঁও আদালতে ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইনক দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা হৈছে ৷