ETV Bharat / state

প্ৰতিমা বিসৰ্জন; গুৱাহাটীৰ এইকেইটা পথেৰে যোৱাৰ পূৰ্বে সাৱধান !

Guwahati Traffic Police: প্ৰতিমা বিসৰ্জনৰ লগত সংগতি ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে পথ নিৰ্দেশনা জাৰি কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 2:27 PM IST

Guwahati Traffic Police
প্ৰতিমা বিসৰ্জন;গুৱাহাটীৰ এইকেইটা পথেৰে যোৱাৰ পূৰ্বে সাৱধান ! (ETV Bharat)

গুৱাহাটী,১২ অক্টোবৰ : আজি বিজয়া দশমী । প্ৰতিবছৰে দশমীৰ দিনা বিশেষকৈ প্ৰতিমা বিসৰ্জনৰ সময়ত গুৱাহাটীত ব্যাপত যান-জঁট হোৱা দেখা যায় । যাৰ ফলত পথচাৰী তথা যাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হয় । সেয়ে প্ৰতিমা বিসৰ্জনৰ লগত সংগতি ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে পথ নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা শনিবাৰ আৰু দেওবাৰৰ বাবে জাৰি কৰা হৈছে । দুৰ্গা পূজা কমিটীসমূহক প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা দিয়া হৈছে ।

লাচিত ঘাটত বিসৰ্জনৰ সময়ত প্ৰতিমা অনা বাহনৰ চলাচলত নিৰ্দেশনা :

  • চানমাৰিৰ ফালৰ পৰা অহা প্ৰতিমা কঢ়িওৱা সকলো বাহন গুৱাহাটী ক্লাব হৈ এম চি ৰোড বাৰোৱাৰী হৈ গুৱাহাটী উচ্চ ন্যায়ালয় হৈ লাচিত ঘাটলৈ যাব ।
  • টোকোবাৰী, পল্টনবজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, চাত্ৰিবাৰী, বিষ্ণুপুৰ, আঠগাঁও আৰু ফটাশিল অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনবোৰ আৰ্য নগৰ-এ.কে আজাদ ৰোড-নেপালী মন্দিৰ হৈ বিশাল পইণ্ট হৈ পানবজাৰ-আৰবিআই পইণ্ট হৈ জিএনবি ৰোড হৈ কেএলবি ৰোড হৈ লাচিত ঘাটলৈ যাব লাগিব ।
  • কুমাৰপাৰা আৰু লালগণেশ অঞ্চলৰ পৰা অহা বাহনবোৰ বিষ্ণুপুৰ ৰোড চাবিপুল আৰ্য নগৰ-এ.কে. আজাদ ৰোড হৈ নেপালী মন্দিৰ-গোধুলী বজাৰ হৈ বিশাল পইণ্ট-পানবজাৰ হৈ লাচিত ঘাটলৈ যাব ।
  • ৰাজগড়, ভঙাগড় আৰু খ্ৰীষ্টানবস্তি অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনবোৰ জিএছ ৰোড-ভাঙাগড়-ৰাজগড় ৰোড-কমাৰ্চ কলেজ পইণ্ট হৈ চান্দমাৰি-গুৱাহাটী ক্লাব-এমচি ৰোড হৈ এফচি ৰোড হৈ এমজি ৰোডহৈ লাচিত ঘাটলৈ যাব লাগিব ।
  • গণেশগুৰি, দিছপুৰ আৰু কাহিলীপাৰা অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনবোৰ গণেশগুৰিৰ পৰা জু ৰোড হৈ জিএনবি ৰোড হৈ গুৱাহাটী ক্লাব-এম চি ৰোড হৈ এফ চি ৰোড-এম জি ৰোড হৈ লাচিত ঘাটলৈ যাব লাগিব ।
  • উলুবাৰীৰ পৰা বি বৰুৱা ৰোড হৈ টিচি পইণ্টলৈ কোনো প্ৰতিমা কঢ়িওৱা বাহন চলাচল কৰিবলৈ অনুমতি দিয়া নহ'ব । লাচিত ঘাটত বিসৰ্জনৰ পিছত সকলো প্ৰতিমা কঢ়িওৱা বাহন এম.জি ৰোড-ডি.জি ৰোড বা এ.টি ৰোড হৈ যাব লাগিব ।

সাধাৰণ বাহন চলাচলত নিৰ্দেশনা :

  • চানমাৰিৰ ফালৰ পৰা জালুকবাৰীৰ দিশে অহা কোনো বাহনক এম.চি ৰোড/জিএনবি ৰোড/কেএলবি ৰোড/এম.জি ৰোডহৈ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব । এই বাহনবোৰ টিচি পইণ্টৰ পৰা বি.বৰুৱা ৰোড-উলুবাৰী হৈ যাব লাগিব ।
  • জালুকবাৰী আৰু ভৰলুমুখৰ পৰা চানমাৰি, দিছপুৰ অভিমুখে অহা সকলো বাহন মাছখোৱা পুলিচ পইণ্টৰ এলিভেটেড কৰিডৰ হৈ এফ.এ. ৰোডৰে এ.টি ৰোড হৈ যাব লাগিব ।
  • উজানবজাৰ, খাৰঘুলি আৰু নুনমাটিৰ পৰা অহা সকলো বাহন প্লেনেটৰিয়াম পইণ্টৰ পৰা লেম্ব ৰোড-জিএনবি ৰোড-টিচি পইণ্ট হৈ যাব লাগিব ।

বিসৰ্জনৰ দুটা দিনত পাণ্ডু ঘাটত যান-বাহনৰ নিৰ্দেশনা :

  • মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু অভিমুখে কোনো প্ৰতিমা কঢ়িওৱা বাহন প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব । প্ৰতিমা কঢ়িওৱা বাহনবোৰ আদাবাৰী তিনিয়ালি হৈ পাণ্ডু ঘাট অভিমুখে যাব লাগিব ।
  • ভৰলুমুখ আৰু ফটাশিল অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনবোৰ এ.টি ৰোড আৰু ডিজি ৰোড হৈ পাণ্ডু অভিমুখে যাব লাগিব ।

লগতে পঢ়ক :আজি বিজয়া দশমী, অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিবলৈ মণ্ডপে মণ্ডপে চলিছে প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.