ETV Bharat / state

এখন বিশেষ আদৰ্শ আৰক্ষী চকীত উপস্থিত হাজাৰ হাজাৰ লোক

আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এখন বিশেষ আৰক্ষী চকী । ক'ত আছে এই আৰক্ষী চকীখন ?

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 6:05 PM IST

Model Police Outpost
বিশেষ আদৰ্শ আৰক্ষী চকী (ETV Bharat Assam)

তিনিচুকীয়া, ১২ অক্টোবৰ: তিনিচুকীয়াৰ এখন বিশেষ আদৰ্শ আৰক্ষী চকী । এই আদৰ্শ আৰক্ষী চকীখনৰ আৰক্ষীক চাবলৈ বিগত দুদিনত আগমন ঘটিছে হাজাৰ হাজাৰ লোকৰ । শাৰদীয় দুৰ্গা পূজাৰ বতৰত কি কাৰণে এইখন বিশেষ আদৰ্শ আৰক্ষী চকীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সেয়া জানিলে আপুনিও হ'ব আচৰিত ।

আচলতে তিনিচুকীয়াৰ ইয়ং ন-পুখুৰী দুৰ্গা পূজা কমিটীয়ে পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে আদৰ্শ আৰক্ষী চকীৰূপে । পূজা মণ্ডপে সন্মান প্ৰদৰ্শন কৰিছে সদাব্যস্ত অসম আৰক্ষীক । অসম আৰক্ষীক সন্মান প্ৰদৰ্শনেৰে নিৰ্মাণ কৰা পূজা মণ্ডপে ইতিমধ্যে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে লাভ কৰিছে পুৰস্কাৰ ।

পূজা মণ্ডপলৈ আপুনি প্ৰৱেশ কৰাৰ লগে লগে পথৰ দুয়োকাষে দেখা পাব অসম আৰক্ষীয়ে সদায় ব্যস্ত হৈ থকা প্ৰতিচ্ছবিসমূহ । প্ৰতিচ্ছবিসমূহত প্ৰখৰ ৰ’দত আৰক্ষীয়ে যান-বাহন নিয়ন্ত্ৰণ কৰাৰ লগতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ স্থানত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দৃশ্য়ও প্ৰদৰ্শন কৰা হৈছে । সমান্তৰালভাৱে চোৰ, ডকাইতৰ লগতে অপৰাধীক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা, কাৰাগাৰত বন্দী কৰি ৰখাৰ দৃশ্য ছবিৰ জৰিয়তে প্ৰদৰ্শন কৰিছে ।

এই সন্দৰ্ভত উদ্যোক্তাসকলে কয়," আমি সকলোৱে আনন্দমনেৰে দুৰ্গা পূজা উপভোগ কৰি আছো আৰু অসম আৰক্ষীয়ে এইবোৰৰ পৰা আঁতৰি নিজৰ দায়িত্ব পালনৰ জৰিয়তে আমাক সুৰক্ষা দি আহিছে । যিকোনো উৎসৱতে পৰিয়ালৰ পৰা আঁতৰি জনতাৰ সুৰক্ষাৰ বাবে ব্যস্ত হৈ থকা আৰক্ষীক আমি সকলোৱে সন্মান দিয়া উচিত ।"

তেওঁলোকে পুনৰ কয়," চলিত বৰ্ষত দেখিবলৈ পাইছিলো প্ৰখৰ ৰ’দত আমি ফেনৰ তলত, শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি থকাৰ সময়ত এইসকল যান-বাহন আৰক্ষীয়ে যান-বাহন নিয়ন্ত্ৰণ কৰি নিজৰ দায়িত্ব পালনৰ জৰিয়তে জনতাৰ সেৱা কৰি আহিছে । সেই উদ্দেশ্যে আমি ইয়ং ন-পুখুৰী দূৰ্গা পূজা কমিটীয়ে অসম আৰক্ষীক সন্মান প্ৰদৰ্শন কৰিছো দুৰ্গা পূজাৰ মণ্ডপৰ জৰিয়তে । "

লগতে পঢ়ক:সম্প্ৰীতিৰ পুণ্যস্থান এই অসমভূমি, য'ত মুছলিম পৰিয়ালে আগবঢ়াই দুর্গা পূজাৰ প্ৰতিমা

পুথিভঁৰালৰ আৰ্হিত পূজা মণ্ডপ, ক'ত আছে এই মণ্ডপটি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.