ETV Bharat / state

এতিয়াও নাপাত্তা চুমী-তাৰ্কিক: কিন্তু আৰক্ষীৰ জালত পৰিল ৰিয়া, তৃষ্ণা আৰু প্ৰীতি - Fraudster arrested

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 8:47 AM IST

Fake online computer training: ভাৰাঘৰত থাকিয়েই পেলাইছে জাল । বহিঃৰাজ্য়ত চাকৰিৰ লগতে প্ৰশিক্ষণ দিয়াৰ নামত প্ৰথমে প্ৰলোভন যুৱক-যুৱতীক । তাৰ পিচতে পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক আৰম্ভ কৰি কৌশলৰে সংগ্ৰহ ধন । পিচে এশ গৰু মাৰিলে বাঘৰো মৰণ, জালত পৰিল প্ৰৱঞ্চক মহিলা ৷

Fake online computer training
প্ৰৱঞ্চকক গ্ৰেপ্তাৰ (ETV Bharat Assam)

বৰপেটাৰোড , ১১ ছেপ্টেম্বৰ: ৰাজ্য়ৰ বিভিন্ন ঠাইত প্ৰৱঞ্চকে নতুন নতুন কৌশলৰে চলাই আছে লুণ্ঠন আৰু প্ৰবঞ্চনা । এই প্ৰৱঞ্চনাৰ জালত ভৰি দিয়াৰ পৰিণাম কিমান ভয়াৱহ হ'ব পাৰে সেয়া এতিয়া ভুক্তভোগীসকলে বুজি পাইছে । প্ৰৱঞ্চকে এই জাল এতিয়া ৰাজ্য়ৰ কেৱল চহৰাঞ্চলতেই সীমাৱদ্ধ নাৰাখি সৰু সৰু অঞ্চলবোৰো কৰি লৈছে টাৰ্গেট । ৰাজ্য়ৰ বাহিৰত চাকৰি আৰু শিক্ষাৰ সুবিধা কৰি দিয়াৰ নামত নতুন নতুন জাল পেলাই কিছুমান আকৌ ৰঙাঘৰৰ আলহীও হৈছে । এইবাৰ ভুক্তভোগীয়ে তিনি মহিলা প্ৰৱঞ্চকক কৰায়ত্ত কৰি গতালে আৰক্ষীক ।

প্ৰৱঞ্চকক গ্ৰেপ্তাৰ (ETV Bharat Assam)

এইবাৰ অনলাইন ট্ৰেডিং নহয়, অনলাইন কম্পিউটাৰ প্ৰশিক্ষণ তথা চাকৰি দিয়াৰ নামত তিনি মহিলাই চলাইছিল ভয়ংকৰ প্ৰৱঞ্চনা । কলকাতাৰ ভুৱা কোম্পানীৰ নাম লৈ বৰপেটাৰোডৰ কলেজীয়া ছাত্ৰীক চাকৰিৰ প্ৰলোভনেৰে অনলাইন কম্পিউটাৰ প্ৰশিক্ষণ দিয়াৰ নামত তিনি মহিলা নামি পৰিছিল ধন সংগ্ৰহত । দুখীয়া আৰু গ্ৰামাঞ্চলৰ যুৱক-যুৱতীক এইদৰে প্ৰশিক্ষণ দিয়াৰ পিচত চাকৰিৰ প্ৰলোভন দেখুৱাই লুটিছিল ধন । এনেদৰে প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ পিচতেই কলেজৰ সন্মুখতেই তিনি মহিলা প্ৰৱঞ্চকক খেদি খেদি কৰায়ত্ত কৰিলে ভুক্তভোগী ছাত্ৰীয়ে ।

  • পশ্চিমবংগৰ তিনি মহিলাক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ বৰপেটাৰোডৰ গ্ৰামাঞ্চলৰ একাংশ ছাত্ৰীৰ পৰা ধন লুট কৰা তিনি মহিলা প্ৰৱঞ্চকৰ বিৰুদ্ধে কলেজীয়া ছাত্ৰীয়ে বৰপেটাৰোড আৰক্ষী থানাত মঙলবাৰে এখন এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা (২০২৩) ৬১(২)/৩১৮(৪)/৩১৬(৫)ৰ অধীনত ১৩৬/২৪ নম্বৰৰ ৰুজু কৰে গোচৰ ৷ এই গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰে পশ্চিমবংগৰ জয়নগৰৰ ৰিয়া দাস, লক্ষ্মীকান্তপুৰৰ তৃষ্ণা চৌধুৰী আৰু মথুৰাপুৰৰ প্ৰীতি কয়েলক । মঙলবাৰে তিনি প্ৰৱঞ্চকক আদালতত হাজিৰ কৰোৱাত আদালতে বৰপেটা জেললৈ প্ৰেৰণ কৰে ।

  • ভাৰাঘৰত থাকিয়েই পেলাইছিল জাল

তিনি মহিলা প্ৰৱঞ্চকে দীৰ্ঘদিনৰে পৰা বৰপেটাৰোডৰ শান্তি নগৰত ভাৰাঘৰত থাকি এনে ধৰণৰ কাৰ্য চলাই আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰীয়ে । বৰপেটাৰোডৰ বিভিন্ন স্থানত স্মাৰ্ট ভেল্য়ু নামৰ ভুৱা কোম্পানীৰ নামত সাধাৰণ পৰিয়ালৰ শিক্ষিত যুৱতী-ছাত্ৰীৰ পৰা বিভিন্ন প্ৰলোভনেৰে ধন সৰকাই আহিছিল তিনি প্ৰৱঞ্চকে ।

  • কেনেকৈ পেলায় জাল ?

বৰপেটাৰোডৰ নিচুকাৰ জাবেদ আলীৰ কন্যা ৰহিমা খাতুনৰ পৰা যোৱা ৭ জুলাইত অনলাইনত চাকৰি দিয়াৰ নামত ২৫ হেজাৰ টকা বিচাৰে যদিও দুখীয়া পৰিয়ালটোৱে হাতত সেইদিনা মাত্ৰ ৩ হেজাৰ টকা থকা বুলি কয় । সেই পৰিয়ালটোৰ পৰা ৩ হাজাৰ টকা লৈয়েই উধাও হয় তিনি প্ৰৱঞ্চক ৷

এই প্ৰৱঞ্চকৰ দলটোৱে স্থানীয় কলেজৰ সন্মুখত ৰৈ থাকি সাধাৰণ পৰিয়ালৰ ছাত্ৰীৰ সৈতে প্ৰথম অৱস্থাত চিনাকি হৈ পাছত ছাত্ৰীৰ ফোন নম্বৰ লৈ শেষত পৰিয়ালৰ লোকৰ লগত চিনাকি হয় । পৰিয়ালৰ লোকৰ সৈতে চিনাকি হৈ চাকৰি দিয়াৰ প্ৰলোভন দি ধন সৰকোৱাৰ বাবে প্ৰলোভিত কৰে । ইয়াৰ মাজতেই বৰপেটাৰোডৰ জি এল চি কলেজৰ ছাত্ৰী ৰহিমা খাতুন, নীলিমা খাতুন আৰু ছাহনৱাজ আখতাৰে প্ৰৱঞ্চক মহিলা তিনিগৰাকীক কালি কৰায়ত্ত কৰি বৰপেটাৰোড আৰক্ষীক গতাই দিয়াত ফাদিল হয় প্ৰৱঞ্চনাৰ ঘটনা ।

লগতে পঢ়ক:অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্তৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড - Online Trading Scam

ট্ৰেডিং কেলেংকাৰী: প্ৰয়োজনত তদন্তৰ ভাৰ চি বি আইক দিয়াৰ কথা ক'লে মুখ্যমন্ত্রীয়ে - CM Himanta Biswa Sarma

বহু ধনৰ লোভত পৰি মূলো গ’ল: অনলাইন ট্ৰেডিঙৰ ভয়ংকৰ জাল অসমত, ৩৬ জনক গ্ৰেপ্তাৰ - Online trading scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.