ETV Bharat / state

আমাক কথা পাতিবলৈ দিয়া নাছিল : অপহৃত তিনি শ্ৰমিক - Kidnapped Coal Miners released - KIDNAPPED COAL MINERS RELEASED

Kidnapped Coal Miners released: এমাহৰো অধিক দিন আলফা শিবিৰত আৱদ্ধ হৈ থকাৰ পাচত মুকলি আকাশৰ তললৈ আহিয়েই অপহৃত তিনি শ্ৰমিকে সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিলে শিহৰণকাৰী অভিজ্ঞতা ৷ অপহৃত তিনি শ্ৰমিকৰ নাম ক্ৰমে জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰী ৷

three kidnapped Coal Miners described their shocking experience in ULFA I Camp
'আমাক কথা পাতিবলৈ দিয়া নাছিল'- অপহৃত তিনি শ্ৰমিক
author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 11:08 AM IST

আমাক কথা পাতিবলৈ দিয়া নাছিল : অপহৃত তিনি শ্ৰমিক

তিনিচুকীয়া, 25 মাৰ্চ : 33 দিনৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ সংযুক্ত মুক্তি বাহিনী অসমে অপহৰণ কৰি লৈ যোৱা তিনি ব্যক্তি ৷ মুকলি আকাশৰ তললৈ অহাৰ পাচতেই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অপহৃত 3 শ্ৰমিকে ৷ আলফা শিবিৰৰ শিহৰণকাৰী অভিজ্ঞতা সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰে অপহৃত 3 শ্ৰমিকে ৷

উল্লেখ্য যে, সকলো চিন্তা-দুশ্চিন্তাৰ অন্ত পেলাই সুদীৰ্ঘ 33 দিনৰ অন্তত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহে অপহৃত 3 শ্ৰমিক ৷ জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰীক আলফা স্বাধীনে নামপুঙৰ লুংভি বস্তিৰ সমীপত মুকলি কৰি দিয়ে শুকুৰবাৰৰ পুৱা ৷ তিনি অপহৃত ব্যক্তিক অৰুণাচল প্ৰদেশৰ মানমৌস্থিত আৰক্ষী থানাত ৰখাৰ পাচত শনিবাৰে গতাই দিয়া হয় অসম আৰক্ষীক ৷

ব্যক্তিকেইজনক উদ্ধাৰৰ ক্ষেত্ৰত অৰুণাচল আৰক্ষীক সহযোগ কৰে 10 নং অসম ৰাইফলৰ জোৱানে ৷ তিনিওগৰাকীকে অৰুণাচল আৰক্ষীৰ নামপুং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নিজৰ তত্ত্বাৱধানত স্বাস্থ্য পৰীক্ষা কৰোৱাই সোধপোছ অব্যাহত ৰাখে ৷

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, পৰৱৰ্তী সময়ত লোককেইজনক অসম আৰক্ষীৰ জৰিয়তে পৰিয়ালৰ হাতত গতাই দিয়া হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি 22 মাৰ্চৰ পুৱা 10 বজাত আলফা স্বাধীনে অপহৃত ব্যক্তিকেইজনক নামপুঙৰ লুংভিৰ সমীপৰ লালপুল বস্তিৰ দাঁতিকাষৰীয়া অঞ্চলত মুকলি কৰি দিয়ে ।

3 কয়লা শ্ৰমিকক অপহৰণ কৰাৰ পাচতে অসম আৰক্ষী আৰু অৰুণাচল আৰক্ষীয়ে ঘন জংঘলৰ মাজত চলাইছিল মাৰাথন অভিযান । বিশেষকৈ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ নেতৃত্বত অসম আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত চলাইছিল এই অভিযান ৷

লগতে পঢ়ক: অৰুণাচলৰ পৰা অপহৰণ কৰা তিনি কয়লা শ্ৰমিকক মুকলি আলফা (স্বা)ৰ - ULFA I releases kidnapped miners

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.