ETV Bharat / state

চুমী-তাৰ্কিকক প্ৰথমে জিমখানালৈ নিয়াৰ তদন্ত হ’ব : জনালে মুখ্যমন্ত্ৰীয়ে - Assam trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 3:34 PM IST

Himanta Biswa Sarma on police activity over Sumi Borah : ট্ৰেডিং কেলংকাৰীৰ অভিযুক্তক আটক কৰাৰ পিছত আৰক্ষীয়ে থানালৈ নিনি বিলাসী হোটেললৈ নিয়াৰ তদন্ত হ’ব বুলি জনালে মুখ্যমন্ত্ৰীয়ে ৷ ইফালে আটক হোৱাৰ পিছতে টেলিভিশ্যন চেনেলত সাক্ষাৎকাৰৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ ৷

Himanta Biswa Sarma
ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : ৰাজ্যত এতিয়াও অব্যাহত আছে বিশাল ফুকন, চুমী বৰা আৰু তাৰ্কিক বৰাৰ প্ৰসংগ । দীৰ্ঘদিনৰ অপেক্ষাৰ অন্ত পেলাই পলাতক হৈ থকা চুমী বৰা আৰু তাৰ্কিক বৰাক বৃহস্পতিবাৰে পুৱা প্ৰায় ৫.৩০ মান বজাত আৰক্ষীয়ে আটক কৰিছিল । তাৰ পিছত ডিব্ৰুগড়ৰ বিলাসী জিমখানা ক্লাবলৈ লৈ গৈছিল চুমী আৰু তাৰ্কিকক ।

চুমি-তাৰ্কিক আটকৰ পিচত আৰক্ষীৰ ভুমিকাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

আৰক্ষীয়ে চুমী বৰা আৰু তাৰ্কিক বৰাক আটক কৰি থানালৈ নিনি কিয় বিলাসী জিমখানা ক্লাবলৈ লৈ গৈছিল ? আনকি একাংশই উত্থাপন কৰিছিল যে চুমী বৰা আৰু তাৰ্কিক বৰাক ৰাজআতিথ্য দিয়া হৈছে । এই সমগ্ৰ বিষয়ৰ ওপৰত শুকুৰবাৰে পুনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়ায় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘চুমী-তাৰ্কিকক গ্ৰেপ্তাৰ কৰি থানালৈ আনিব লাগিছিল, কিন্তু ডিব্ৰুগড়ৰ জিমখানা ক্লাবলৈ নিয়াটো যুক্তিসংগত হোৱা নাই ৷ বিষয়টোক লৈ মই DGPৰ লগত কথা পাতিছো ৷ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছো কেনেকৈ থানালৈ লৈ নগৈ জিমখানা ক্লাবলৈ নিয়া হ’ল । জিমখানা ক্লাবলৈ নি এটা চেনেলক সাক্ষাৎকাৰ ল’বলৈ দিয়া হৈছে ৷ সেয়েহে আৰক্ষী আৰু সাংবাদিকৰ মাজৰ সম্পৰ্কটো চিন্তনীয় হৈছে । অপৰাধীক থানালৈ নিয়াৰ সলনি জিমখানা ক্লাবলৈ নিয়া হৈছে । ময়ো কালি টিভিত চাই আছিলো । তাৰ পিছতে মই DGPলৈ ফোন কৰি হুলস্থূল লগাইছো । আটক হোৱা মানু্হ থাকিব লাগে থানাত, আছে টিভিত ওলায় । কেবিনেটত ইয়াৰ বিৰুদ্ধে সাহসী সিদ্ধান্ত লোৱা হ’ব ।’’

ইফালে চুমী বৰা আৰু তাৰ্কিক বৰাক ইউটিউবৰ যোগেদি প্ৰমোশ্যন কৰা ইউটিউবাৰসকলকো সাঙুৰি কয়, ‘‘যিসকলে এওঁলোকক প্ৰমোশ্যন কৰি আছিল তেওঁলোকে লোকসভা নিৰ্বাচনত মোক গালি পাৰি আছিল । এতিয়া এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে পুনৰ মোক আপোনালোকে ধৰিব ।’’

আনফালে এই ঘটনাক তল পেলাবলৈ উচ্ছেদ অভিযান আৰম্ভ কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত ড৹ শৰ্মাই কয়, ‘‘অসমত ট্ৰেডিং কেলেংকাৰিও চলিব, তদন্তও চলিব ৷ সোণাপুৰতো উচ্ছেদ চলিব । এটাক তল পেলাবৰ বাবে আনটো কৰা নহয় । ট্ৰেডিং কেলেংকাৰিটো মই ধৰিছো, মোক ১ কোটি টকা দিব আহোতেই ধৰা পৰিল ট্ৰেডিং প্ৰৱঞ্চক ।’’

লগতে পঢ়ক : ট্ৰেডিং কেলেংকাৰী প্ৰসংগত বহুকেইটা বিস্ফোৰক অভিযোগ বিৰোধী দলপতি শইকীয়াৰ

ট্রেডিঙৰ জৰিয়তে মানুহক প্ৰবঞ্চনা কৰি কোনো সাৰি যাব নোৱাৰে: পীযুষ হাজৰীকা

'ডেষ্টিনেশ্যন' লকআপ ! ডিব্ৰুগড় ক্লাৱ হাউচৰ পৰা পোনে পোনে লক আপলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.