ETV Bharat / state

বিজেপিৰ শাসনকালত অসমে ঋণৰ বাবদ সুদ হিচাপে পৰিশোধ কৰিলে ৪২ হেজাৰ কোটি টকা - ASSAM GOVT DEBT

বিগত মাৰ্চলৈকে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ হৈছেগৈ ১,৫০,৯০০ কোটি টকা । ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ প্ৰতি বছৰে বৃদ্ধি পাইছে সুদৰ পৰিমাণো ।

ASSAM GOVT DEBT
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 24, 2024, 5:49 PM IST

গুৱাহাটী: প্ৰতি মাহে ঋণৰ ওপৰত ঋণ লোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বছৰটোৰ শেষৰটো মাহত ৯০০ কোটি টকাকৈ দুবাৰ ঋণ ল'লে । ইফালে ঋণ লোৱাৰ ক্ষেত্রত আপোচবিহীন স্থিতি গ্ৰহণ কৰা চৰকাৰখনে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ ডিঙিলৈকে ধাৰত পোত গৈছে । লক্ষণীয় বিষয় যে বিগত সময়ছোৱাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে লোৱা অভিলেখ পৰিমাণৰ ঋণৰ বাবে এতিয়া প্রতি মাহেই বৃহৎ অংকৰ ধন সুতৰ নামত ভৰিবলগীয়া হৈছে ।

প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋ‍ণ লোৱাৰ ফলত এতিয়া বছৰেকত লোৱা মুঠ ঋণৰ প্ৰায় ৩৫ শতাংশৰো অধিক ধন সুতৰ নামতে ভৰিবলগীয়া হৈছে । শেহতীয়াকৈ ৰিজাৰ্ভ বেংকে প্রকাশ কৰা তথ্যই সেই কথাই উনুকিয়াই দিছে । বিগত মাৰ্চলৈকে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ হৈছেগৈ ১,৫০,৯০০ কোটি টকা ।

কোন বৰ্ষত কিমান ঋণ ল’লে চৰকাৰে আৰু ঋণৰ বাবদ দিবলগীয়া সুদ :

বিত্তীয় বৰ্ষ ঋণৰ পৰিমাণ (কোটি হিচাপত) সুদ (কোটি হিচাপত)
২০২০-২১১৬,১৮১৫১৯৯
২০২১-২২১২,৬৫৭৬০৫২
২০২২-২৩২৩৯১৫৭৫৪০
২০২৩-২৪২৪,৬১৯৮৮১৫

ঋণৰ সমান্তৰালকৈ বৃদ্ধি পাইছে সুদৰ পৰিমাণ :

লক্ষণীয় বিষয় যে ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ প্ৰতি বছৰে সুদৰ পৰিমাণো বৃদ্ধি পাই আহিছে । পূর্বৰ চৰকাৰসমূহেও ঋণ লৈছিল যদিও বৰ্তমানৰ চৰকাৰখনৰ দৰে লোৱা নাছিল । বৰ্তমানৰ চৰকাৰখনে ইমানেই ঋণ লৈছে যে তাৰ ফলত সুদৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে । বিগত আঠ বছৰত অৰ্থাৎ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত চলিত বৰ্ষৰ মাৰ্চলৈকে সুদৰ নামত ভৰিবলগীয়া হৈছে ৪২,০৬১ কোটি টকা । ইয়াৰ ভিতৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে পাঁচ বছৰত ১৯,৬৫১ কোটি টকা ভৰিছিল যদিও বৰ্তমানৰ চৰকাৰখনে তিনি বছৰতে এই অভিলেখ ভংগ কৰি সুদৰ নামত ভৰিবলগীয়া হৈছে ২২,৪১০ কোটি টকা ।

লগতে পঢ়ক: আপোচবিহীন স্থিতি: পুনৰ ৯০০ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে

কংগ্ৰেছৰ ১৫ বছৰীয়া কাৰ্যকালৰ ঋণ আৰু সুদ :

ৰাজ্যখনত একেৰাহে পোন্ধৰ বছৰকৈ শাসন চলোৱা কংগ্ৰেছৰ তৰুণ গগৈ চৰকাৰৰ দিনতকৈ এতিয়া ঋণ লোৱাৰ পৰিমাণ বহুগুণে বৃদ্ধি পাইছে । যাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজাও দিনেক দিনে বৃদ্ধি পাবলৈ ধৰিছে । ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আগলৈকে অর্থাৎ ২০১৫-১৬ বিত্তীয় বৰ্ষলৈকে ঋণৰ পৰিমাণ আছিল ৪১.৯৬৪ কোটি টকা । ফলত সেই সময়ছোৱাত ঋণৰ বাবদ দিবলগীয়া সুদৰ পৰিমাণো কম আছিল । তৰুণ গগৈ চৰকাৰৰ দিনত ১৫ বছৰত সুদৰ নামত ব্যয় হৈছিল ২৬,৩৬১ কোটি টকা ।

সৰ্বানন্দ সোণোৱালৰ দিনত ৰাজ্যৰ ঋণ আৰু সুদ :

সর্বানন্দ সোণোৱাল চৰকাৰৰ দিনত পাঁচ বছৰত ৪৭,৭৪৫ কোটি টকা ঋণ লোৱা হৈছিল । আনহাতে ইয়াৰ বিপৰীতে পাঁচ বছৰত সুদৰ নামত দিবলগীয়া হৈছিল ১৯,৬৫১ কোটি টকা । কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত তিনিটা বিত্তীয় বৰ্ষত মুঠ ৬১,১৯১ কোটি টকা ঋণ ইতিমধ্যে লৈছে । এনেস্থলত এইখন চৰকাৰৰ কাৰ্যকাল সমাপ্ত হোৱালৈ এই পৰিমাণ এক লাখ কোটি টকাৰো অধিক হ'বগৈ । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সুদৰ বাবদ দিয়া পৰিমাণ হ'বগৈ প্ৰায় ৪১,৪০০ কোটি টকা ।

হিতাধিকাৰী সৃষ্টিত গুৰুত্ব অসম চৰকাৰৰ :

ইফালে চৰকাৰখনে ঋণ লোৱা ধনেৰে ৰাজ্যখনত উন্নয়নমূলক প্রকল্প ৰূপায়ণ কৰাতকৈ হিতাধিকাৰী সৃষ্টি কৰা আঁচনি ৰূপায়ণতহে সর্বাধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । ভোটৰ বাবেই ৰাজ্য চৰকাৰখনে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ণ কৰি আহিছে । এনে পৰিস্থিতিত খাদ্য সামগ্ৰীকে ধৰি আন আন সকলো সামগ্ৰীৰ ক্ষেত্ৰত আন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল অসমৰ দৰে এখন ৰাজ্যই বছৰত প্ৰায় ৯ হাজাৰ কোটি টকা সুদ হিচাপে ভৰিবলগীয়া হোৱাটো অত্যন্ত লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে । কিন্তু এইবোৰ কথাত কোনো গুৰুত্ব দিয়া নাই অসম চৰকাৰৰ । মুখ্যমন্ত্রীৰ মতে অসম চৰকাৰে কোনো নীতি-নিয়ম ভংগ কৰি ঋণ লোৱা নাই । নিয়ম অনুসৰিয়েই ঋণ লৈছে । ইফালে এই প্ৰসংগত বিৰোধীৰ সমালোচনা নাইবা বিভিন্ন দল-সংগঠৰ প্ৰতিক্ৰিয়াক লৈ চৰকাৰখনৰ কোনো ভ্ৰুক্ষেপ নাই ।

লগতে পঢ়ক: ৮ অক্টোবৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব ৭৫০ কোটিৰ ঋণ - Assam Govt RBI Loan

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.