ETV Bharat / state

প্ৰয়াত শিল্পী দিগেন মহন্তৰ জীৱনত এভুমুকি - DIGEN MAHANTA PASSES AWAY

author img

By ETV Bharat Assamese Team

Published : 21 hours ago

Artist Digen Mahanta passes away: গণশিল্পী খগেন মহন্তৰ ভাতৃ দিগেন মহন্তই মঙলবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে । বুধবাৰে নগাঁৱৰ নিজা বাসভৱত বিশিষ্ট শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে গুণমুগ্ধই । বিশিষ্ট শিল্পীগৰাকীৰ বিষয়ে জানো আহক ।

The cultural journey of the late artist Digen Mahanta
কেনে কৃত্তিত্বৰ অধিকাৰী শিল্পী দিগেন মহন্ত (ETV Bharat Assam)

নগাঁও, ১৮ ছেপ্টেম্বৰ: গায়ক, সংগীত পৰিচালক, সুৰকাৰ, বাদ্যযন্ত্ৰবাদক তথা বিশিষ্ট শিল্পী দিগেন মহন্ত আৰু নাই । মঙলবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পী তথা প্ৰয়াত শিল্পী খগেন মহন্তৰ কনিষ্ঠ ভাতৃ দিগেন মহন্তই । দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা বিশিষ্ট শিল্পীগৰাকীয়ে শেহতীয়াকৈ গুৱাহাটীত চিকিৎসা গ্রহণ কৰি থকা অৱস্থাত মঙলবাৰে গুৱাহাটীত থকা পুত্ৰৰ গৃহত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ । বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুৰ বাতৰি বয়পি পৰাৰ লগে লগে অসমৰ সাংস্কৃতিক জগতৰ লগতে ৰাজ্য জুৰিয়েই পৰিছে গভীৰ শোকৰ ছাঁ ।

১৯৪৯ চনৰ ৩০ ছেপ্টেম্বৰত তেজপুৰৰ বৰহলীয়ানত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট শিল্পী দিগেন মহন্তই । বিশিষ্ট শিল্পী দিগেন মহন্তৰ পিতৃ আছিল নগাঁও জিলাৰ জাজৰি গজলা সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ আছিল প্ৰয়াত লক্ষ্মীপ্ৰিয়া দেৱী । স্কুলীয়া শিক্ষা গ্ৰহণৰ সময়তেই শ্ৰেষ্ঠ গায়ক হিচাপে পৰিচিত হোৱা দিগেন মহন্তই নগাঁৱৰ ড'চন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬৯ চনত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত নগাঁও মহাবিদ্যালয়ৰ পৰা ১৯৭৪ চনত বি.কম ডিগ্ৰী লাভ কৰে ।

নগাঁও মহাবিদ্যালয়ত অধ্যায়নৰত অৱস্থাত ১৯৭৩ চনত নগাঁও মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক হিচাপেও স্বীকৃতি লাভ কৰে দিগেন মহন্তই । ১৯৭২ আৰু ১৯৭৩ চনত জিলা চেম্পিয়ন আৰু অসম ভিত্তিত অনুষ্ঠিত হোৱা বেডমিণ্টনত ৰাণাৰ্চ আপ খিতাপো অৰ্জন কৰিবলৈ সক্ষম হৈছিল দিগেন মহন্তই । একেদৰে ১৯৭২ আৰু ১৯৭৩ চনত আন্তঃ মহাবিদ্যালয় যুৱ উৎসৱত আধুনিক গীতত ৰূপৰ পদক আৰু জ্যোতি সংগীততো পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

১৯৭৭ চনত কলকাতা HMV ত প্ৰথমবাৰৰ বাবে গান ৰেকৰ্ড কৰা শিল্পী দিগেন মহন্তৰ প্ৰথমটো জনপ্ৰিয় গান আছিল "তুমি ৰোৱা সৌ শেৱালি জুপি" আৰু "বতাহ লাগি ইছাত বিচাত" । ""তুমি ৰোৱা সৌ শেৱালি জুপি" আছিল পূৰ্বৰ জনপ্ৰিয় শিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতিত ৰচনা কৰা গান । পৰৱৰ্তী সময়ত ১৯৭৮ চনত অনাতাৰ কেন্দ্ৰ (AIR)ৰ এগৰাকী শিল্পী হিচাপে যোগদান কৰিবলৈ সক্ষম হৈছিল ।

আকাশবাণীত গায়ক হিচাপে যোগদান কৰা শিল্পী দিগেন মহন্তই নিজৰ জীৱন সংগিনী প্ৰগতি মহন্তৰ সৈতে একেলগে কেইবাটাও এলবাম মুক্তি দিছিল । ইয়াৰে "মন ময়ুৰী", "কেঁচা সোণ ঐ" আদি আছিল অন্যতম । ইয়াৰোপৰি অসমীয়া চলচ্চিত্ৰ "মেঘমুক্তি", "মইনাজান" আদিত প্লে'বেক কৰিছিল বিশিষ্ট শিল্পীগৰাকীয়ে । "ব'হনা", "কাঁচোনমতী", "আকাশী গংগা" আদি কেইবাটাও এলবামত কণ্ঠ নিগৰাইছিল বিশিষ্ট শিল্পী দিগেন মহন্তই ।

পৰৱৰ্তী সময়ত "কলংপৰীয়া সংগীত কণ্ঠ" উপাধিৰেও সন্মানিত হৈছিল এইগৰাকী মহীৰূহ । আনকি ২০১৬ চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চনো লাভ কৰিছিল শিল্পী দিগেন মহন্তই । অসমৰ আধুনিক আৰু লোকগীতৰ জনপ্ৰিয় গায়ক সংগীতশিল্পী, সুৰকাৰ, সংগীত পৰিচালক আৰু বাদ্যযন্ত্ৰবাদক হিচাপেও সুপ্ৰতিষ্ঠিত আছিল দিগেন মহন্ত । দিগেন মহন্তৰ আকাশবাণীত জনপ্ৰিয় গীতবোৰৰ ভিতৰত অন্যতম আছিল "তুমি ৰোৱা সৌ শেৱালি জুপি", "মোৰ প্ৰথম প্ৰেমৰ উন্মেষ", "প্ৰথম প্ৰেমৰ প্ৰথম পোৱা", "এই মাটি মোৰ দেহৰ এফাল" "মোক এজন বন্ধু লাগে" আদি ।

পত্নী প্ৰগতি মহন্তৰ সৈতে ৮০ আৰু ৯০ দশকত তেওঁক অসমৰ প্ৰচলিত সংগীত জুতি হিচাপে গণ্য কৰা হৈছিল । তেওঁ লোকগীত, অকণি গীত, বিহু, আধুনিক আৰু পপ সংগীতত বিশেষত্ব দেখুৱাইছে । চলচ্চিত্ৰ "মেঘমুক্তি", আৰু 'মইনাজান'ত কন্ঠদান কৰা দিগেন মহন্তই পত্নী প্ৰগতি মহন্তৰ লগত দ্বৈত কণ্ঠত গীত পৰিৱেশন কৰি শ্ৰোতা দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল । ২০১৬ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰা কণ্ঠ শিল্পী দিগেন মহন্তক সুৰৰ পানচৈ শিল্পী সমাজ নামৰ অনুষ্ঠানটিয়ে 'কণ্ঠস্বৰ্ণ' অভিধাৰে বিভূষিত কৰাৰ উপৰিও 'সুৰৰ পানচৈ শিল্পী বঁটা-২০২৪' প্ৰদান কৰিছল ।

২০১৮ বৰ্ষত বিশিষ্ট শিল্পী দিগেন মহন্তক "শিল্পী বঁটা" প্ৰদান কৰিছিল নগাঁও নাট্য মন্দিৰে । বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত স্বাভাৱিকতেই শোকত ম্ৰিয়মান হৈপৰা পত্নী প্ৰগতি মহন্তই স্বামীৰ বাবেই নিজে সংগীত জগতত প্ৰতিষ্ঠা লাভ কৰাৰ সুযোগ লাভ কৰা বুলি উল্লেখ কৰে ।

মঙলবাৰে পৰলোকপ্ৰাপ্তি ঘটা বিশিষ্ট শিল্পী দিগেন মহন্তৰ নশ্বৰ দেহ বুধবাৰে নগাঁৱৰ নিজা বাসভৱনলৈ অনাৰ পাচতেই বহু গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সাংসদ, বিধায়ক, শিল্পীসকলেও শোক প্ৰকাশ কৰে ।

লগতে পঢ়ক: Kalangporiya Award: গীতিকাৰ দিগেন মহন্তক কলংপৰীয়া বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.