ETV Bharat / state

কইনাৰ সাজত বায়েকক নতুন ঘৰখনত থৈ উভতি আহিছিল ঈশান; কিন্তু হেৰাই গ’ল আদবাটতে - LAHOWAL ROAD ACCIDENT

এক ভয়ংকৰ দুৰ্ঘটনা ৷ লাহোৱালৰ চেঁচা দলঙৰ পৰা নদীত পৰিল যাত্ৰীসহ পৰিল এখন চাৰিচকীয়া বাহন ৷ জীৱন্তে উদ্ধাৰ চাৰিজনক, এজনৰ মৃত্যু ৷

Terrible road accident in Dibrugarh Lahowal
লাহোৱালত দুৰ্ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 16, 2024, 12:12 PM IST

ডিব্ৰুগড়: নিয়তিৰ কৰুণ পৰিহাস ! কোনেও ভবা নাছিল বুবুৰ যে এনে অৱস্থা হ’ব বুলি ৷ নিশালৈকে হাঁহি-মাতি, নাচি-বাগি হুলস্থূল কৰি থকা বুবুৰ বাবে সোমবাৰে পুৱালৈ যেন ৰৈ আছিল কাল ৷ ডিব্ৰুগড়ৰ লাহোৱালৰ চেঁচা দলঙত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে চকু মুদিলে বুবু ওৰফে ঈশান গগৈয়ে ৷

জানিব পৰা মতে, ডিব্ৰুগড়-দুলীয়াজান, জয়পুৰ-নাহৰকটীয়া পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । AS 06 AK 8716 নম্বৰৰ এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই নদীত পৰি যোৱাৰ ফলতে এই দুৰ্টনাটো সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে মতপ্ৰকাশ কৰে ।

লাহোৱালত দুৰ্ঘটনা (ETV Bharat)

ঘটনা পোহৰলৈ অহাৰ পাছতে স্থানীয় ৰাইজে নদীত পৰি থকা বাহনখনৰ পৰা চাৰিজন যুৱকক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । গাড়ীৰ পৰা উদ্ধাৰ কৰা কেইজন অখিৰাজ গগৈ (28), ত্ৰিদীপ গগৈ (30), লাটু গগৈ (26), বিপ্লৱ গগৈ (28) বুলি জানিব পৰা গৈছে ।

ইফালে বাহনখনৰ ভিতৰত আৰু এজন যুৱক আবদ্ধ হৈ থকা বুলি জানিব পাৰি ঘটনাৰ স্থানত আৰক্ষী আৰু SDRF বাহিনীৰ লোক উপস্থিত উদ্ধাৰ অভিযান চলায় । কিছু সময়ৰ পাচতে দুৰ্ঘটনাত পতিত হৈ নদীৰ বুকুত পৰি ৰোৱা বাহনখনৰ পৰা ঈশান গগৈ নামৰ যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে ৷ এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্তসকলৰ ঘৰ টেঙাখাটৰ তামুলীখাটত । পুৱতি নিশা কইনাক দৰা ঘৰত থৈ ঘৰৰ অভিমুখে ঘূৰি আহি থাকোতেই এই ঘটনা সংঘটিত হয় । টেঙাখাতৰ তামুলীখাটৰ পৰা ডিব্ৰুগড় বকুল মাজগাঁৱলৈ কইনা থ’বলৈ গৈছিল আটাইকেইজন যুৱক ।

ইফালে স্থানীয় ৰাইজে পুৱতি নিশা ঘন কুঁৱলীৰ বাবেই চেঁচা নদীত বাহনখন সোমাই যোৱাৰ পলত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে । জানিব পৰা অনুসৰি, মৃত ঈশান গগৈ আছিল কইনাৰ সম্বন্ধীয় ভায়েক । ঘটনাকলৈ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । আৰক্ষীৰ তদন্তত প্ৰকৃত ঘটনাৰ কাৰণ জানিব পৰা যাব ৷

লগতে পঢ়ক : কন্যাৰ বিয়াৰ বজাৰ কৰি ঘৰলৈ ওভতাৰ পথতেই প্ৰাণ হেৰুৱালে পিতৃয়ে

লগতে পঢ়ক : তেলেংগানাত ভয়াৱহ দুৰ্ঘটনা; পুখুৰীত গাড়ী ডুবি নিহত ৫

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.