ETV Bharat / state

দুৰ্গা পূজাৰ চান্দা নিদিয়াৰ বাবে পদপথৰ চাহ বিক্ৰেতাক প্ৰহাৰ; পূজা কমিটীৰ বিৰুদ্ধে এজাহাৰ দাখিল - Durga puja donation

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Silchar incident: মুখ্যমন্ত্ৰীৰ সকীয়নিৰ পিচতো ৰাজ্যত চান্দা সংস্কৃতি অব্যাহত আছে । দুৰ্গা পূজাৰ চান্দা নিদিয়াৰ বাবে পদপথৰ চাহ বিক্ৰেতাক প্ৰহাৰ একাংশ যুৱকৰ । পূজা কমিটীৰ বিৰুদ্ধে এজাহাৰ ভুক্তভোগী ব্যৱসায়ীৰ ।

Silchar incident
দুৰ্গা পূজাৰ চান্দা নিদিয়াৰ বাবে পদপথৰ চাহ বিক্ৰেতাক প্ৰহাৰ (ETV Bharat)

শিলচৰ,৩০ ছেপ্টেম্বৰ : চান্দা সংস্কৃতিৰ পৰা আঁতৰি থাকিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক বহুবাৰ আহ্বান জনাইছে । আনকি এই চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ বিহু কমিটীসমূহক আৰ্থিক অনুদানো আগবঢ়াইছে । কিন্তু শাৰদীয় বতৰ অহাৰ লগে লগে ৰাজ্যত পুনৰ চান্দাৰ পৰম্পৰা আৰম্ভ হৈছে । মুখ্যমন্ত্ৰীৰ আহ্বানক আওকাণ কৰি একাংশ দুৰ্গা পূজা কমিটীয়ে চান্দাৰ নামক ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে । ইয়াৰ মাজতে ৰাজ্যত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । দাবী কৰা চান্দা নিদিয়াৰ বাবে এগৰাকী ব্যৱসায়িক পূজা কমিটীৰ বিষয়ববীয়াই মাৰপিট কৰাৰ অভিযোগ উঠিছে । পূজা কমিটীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীয়ে ।

চান্দাৰ নামত গুণ্ডামি

ঘটনাটো কাছাৰ জিলাৰ শিলচৰৰ । পূজাৰ চান্দাক কেন্দ্ৰ কৰি নিশা চহৰখনৰ অম্বিকাপট্টিত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে । অভিযোগ অনুসৰি দুৰ্গা পূজাৰ চান্দা নিদিয়াৰ বাবে এগৰাকী পদপথৰ চাহ বিক্ৰেতাক মাৰপিট কৰিলে পূজা কমিটীৰ লোকে । কেৱল মাৰপিট কৰাই নহয় বিপণীখন লণ্ডভণ্ডও কৰিলে লোকসকলে । শিলচৰ শ্মশানৰোড দুৰ্গা পূজা কমিটীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ।

ভুক্তভোগী ব্যৱসায়ীগৰাকীয়ে জনোৱা মতে দুদিন পূৰ্বে শিলচৰ শ্মশানৰোড দুৰ্গা পূজা কমিটীৰ লোকসকলে পূজাৰ চান্দা হিচাপে ৫ হাজাৰ টকা দাবী কৰিছিল । পিছে ৫ হাজাৰ টকা দিব নোৱাৰো বুলি ক'লে পদপথৰ চাহ বিক্ৰেতাজনে ।

দেওবাৰে পুনৰ দোকানত উপস্থিত হৈ পূজা কমিটীৰ লোকসকলে চান্দা বিচাৰে । কিন্তু মান্তি নোহোৱাত পূজা কমিটীৰ লোক আৰু চাহ বিক্ৰেতাজনৰ মাজত তৰ্কাতৰ্কি হয় । পিচত ব্যৱসায়ীজনক ৰাজপথতে মাৰপিট আৰম্ভ কৰে পূজা কমিটীৰ লোকসকলে । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী চাহ বিক্ৰেতাজনে শিলচৰ সদৰ থানাত শ্মশানৰোড দুৰ্গা পূজা কমিটীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

লগতে পঢ়ক :চোৰৰ চকু ৰাজ্যপালৰ ব্যৱসায়িক প্ৰতিষ্ঠানত - Burglary in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.