ETV Bharat / state

কুকি যুৱকৰ মৃতদেহক লৈ শিলচৰত উত্তপ্ত পৰিস্থিতি - SILCHAR MEDICAL COLLEGE HOSPITAL

কুকি উগ্ৰপন্থী বুলি মণিপুৰ চৰকাৰে দাবী কৰা ১০ মৃত যুৱকৰ মৰণোত্তৰ পৰীক্ষা শিলচৰ মেডিকেল কলেজ হাস্পতালত সম্পন্ন হৈছিল ৷

Tense situation in Silchar
কুকি যুৱকৰ মৃতদেহক লৈ শিলচৰত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 1:38 PM IST

শিলচৰ : শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সম্মুখত উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীৰ সৈতে কুকি আৰু মাৰ সম্প্ৰদায়ৰ লোকৰ মাজত ঠেলা-হেঁচা, হতাহতি ৷ আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ মৃদু লাঠিচালনা ৷ মণিপুৰৰ জিৰিবামৰ ১০ কুকি যুৱকৰ মৃতদেহক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

উল্লেখ্য যে, যোৱা সোমবাৰে মণিপুৰৰ জিৰিবামত চি আৰ পি এফৰ গুলীত নিহত হৈছিল ১০জন কুকি জনগোষ্ঠীৰ যুৱক ৷ মণিপুৰ চৰকাৰে দাবী কৰে যে নিহত এই ১০ যুৱক সন্দেহজনক কুকি উগ্ৰপন্থী গোটৰ সদস্য ৷ ইফালে আটাইকেজনৰ মৰণোত্তৰ পৰীক্ষা শিলচৰ মেডিকেল কলেজ হাস্পতালত সম্পন্ন হয় ৷

কুকি যুৱকৰ মৃতদেহক লৈ শিলচৰত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

কিন্তু মৰোণত্তৰ পৰীক্ষা সম্পন্ন হয় যদিও মৃতদেহকেইটা পৰিয়ালক চমজাই দিয়া হোৱা নাছিল । তেনে ক্ষেত্ৰত শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সম্মুখত একাধিকবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল মৃতকৰ পৰিয়ালসহ কাছাৰত বসবাস কৰা জনজাতিটোৰ লোকসকলে ৷

ইয়াৰ মাজতে শনিবাৰে মৃতদেহকেইটা জিৰাবামলৈ লৈ যোৱাৰ বাবে প্ৰস্তুত হয় মণিপুৰ চৰকাৰ ৷ মাছিমপুৰৰ পৰা হেলিকাপ্টাৰেৰে মৃতদেহকেইটা জিৰিবামলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল মণিপুৰ চৰকাৰে ৷ কিন্তু চিকিৎসালয়খনত উপস্থিত মৃতকৰ পৰিয়ালসহ কাছাৰৰ বাসিন্দা কুকি আৰু মাৰ পুৰুষ-মহিলাসকলে হেলিকাপ্টাৰেৰে মৃতদেহকেইটা নিয়াত বাধা প্ৰদান কৰে ৷

ইফালে চিকিৎসালয়ৰ মৰ্গৰ সম্মুখত জনজাতি দুটাৰ শতাধিক পুৰুষ-মহিলা গোট খায় ৷ তাৰ পিচত এটা সময়ত চিকিৎসালয়খনত আৰম্ভ হয় উত্তপ্ত পৰিস্থিতি ৷ আৰম্ভ হয় আৰক্ষীৰ সৈতে ঠেলা-হেঁচা, টনা-আঁজোৰা ৷ ইয়াৰ উপৰি হঠাতে আৰক্ষীক উদ্দেশ্য কৰি শিলাবৰ্ষণ কৰে উত্তেজিত কুকি আৰু মাৰ পুৰুষ-মহিলাই ৷ যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগা হয় ৷

অৱশ্যে বৰ্তমান পৰিস্থিতি কিছু নিয়ন্ত্ৰণত আছে যদিও এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে চিকিৎসালয় চৌহদত । আনহাতে, চিকিৎসালয়ৰ মৰ্গৰ সম্মুখত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী । উপস্থিত হৈছে আৰক্ষী অধীক্ষকসহ ডি আই জিও ।

লগতে পঢ়ক :অসম-মণিপুৰ সীমান্তত মেইটেই সম্প্ৰদায়ৰ ২ শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ
লগতে পঢ়ক :অৰুণাচলত লোমহৰ্ষক হত্যাকাণ্ডত নিহত ৪

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.