ETV Bharat / state

কাৰাগাৰত যুৱকৰ মৃত্যু: আৰক্ষী চকীত গাঁওবাসীৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ - Youth dies in Dibrugarh jail

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 10:36 PM IST

Tense situation in police station: ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত মৃত্যু হোৱা‌ শৈলজা বৰগোহাঁইৰ মৃতদেহ বামুণবাৰী পোৱাৰ পিচতে উত্তপ্ত পৰিস্থিতি ৷ কেবাশ লোকে বামুণবাৰী আৰক্ষী চকী ঘেৰাও কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ কাৰাগাৰৰ অধীক্ষক, বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক অপসাৰণৰ দাবী ৷

Youth dies in Dibrugarh jail
বামুণবাৰী আৰক্ষী চকী ঘেৰাও (ETV Bharat Assam)

ডিব্ৰুগড়, 14 জুন: ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বৃহস্পতিবাৰে সংঘটিত ভয়ংকৰ ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ লগতে প্ৰতিক্ৰিয়া সৃষ্টি‌ হৈছে । ঘটনা অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই কাৰাগাৰত মৃত্যু হোৱা কয়দীক সন্ধিয়া হুইল চেয়াৰত বহুৱাই বাহিৰলৈ উলিয়াই গতাই দিলে পৰিয়ালক ।

টিংখাঙৰ ২ নং গন্ধীয়া পুৰণি গাঁৱৰ শৈলজা বৰগোহাঁই নামৰ যুৱকজনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে ৰহস্যজনকভাৱে মৃত্যু হয় ৷ ঘটনা সংঘটিত হোৱাৰ তিনিদিনৰ পূৰ্বে কাৰাগাৰলৈ অনা হৈছিল যুৱকজনক । সেয়ে কালিৰ দিনটোত জামিন লৈ কাৰাগাৰৰ পৰা শৈলজা বৰগোহাঁইক নিবলৈ আহিছিল । কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই ব্যক্তিজনৰ মৃত্যু হোৱা বুলি অৱগত কৰা নাছিল পৰিয়ালক ৷ কেৱল সন্ধিয়া হুইল চেয়াৰত বহুৱাই বাহিৰলৈ উলিয়াই দিছিল মৃতদেহটো ।

লগতে পঢ়ক: কেনেকৈ মৃত কয়েদীক উলিয়াই দিলে কাৰাগাৰ কৰ্তৃপক্ষই

কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ এনে অবিবেচক কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল পৰিয়ালে । মৃতদেহ পৰিয়ালে চমজি নোলোৱাত নিশা ডিব্ৰুগড় আৰক্ষী কাৰাগাৰৰ সন্মুখত উপস্থিত হৈ ঘটনা তদন্তৰ আশ্বাস দিছিল । তাৰ পিচতে মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল ।

আনহাতে নিশাই ডিব্ৰুগড় সদৰ থানাত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক, বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে । পৰিয়ালৰ অভিযোগ অনুসৰি বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই মাৰপিট কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল । কাৰাগাৰা কৰ্তৃপক্ষই সকলো জানিও সকলো গোপনে ৰাখিছিল সকলো কথা । ইয়াৰ পিচতে কাৰাগাৰত মৃত্যুবৰণ কৰা শৈলজা বৰগোহাঁইৰ মৃতদেহ মৰাণৰ বামুণবাৰী পোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: কাৰাগাৰৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি ২১ বছৰীয়া কয়দী ! গৰ্ভপাতৰ বাবে আবেদন

লেঙেৰীৰ কেবাশ লোকে বামুণবাৰী আৰক্ষী চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শৈলজা বৰগোহাঁইৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনায় প্ৰতিবাদী ৰাইজে ৷ ডিব্ৰুগড় জিলা কাৰাগাৰৰ অধীক্ষক, বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক অপসাৰণৰ দাবীত উত্তাল প্ৰতিবাদ কৰে ক্ষোভিত ৰাইজে । প্ৰতিবাদস্থলীত দণ্ডাধীশ উপস্থিত হোৱাৰ পিচতে তদন্ত বিছাৰি স্মাৰকপত্ৰ প্ৰদান কৰে ৰাইজে ।

শৈলজা বৰগোহাঁইৰ পৰিয়ালে ন্যায় লাভ কৰিবনে তাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে । কিয়নো ঘটনা সংঘটিত হোৱাৰ ২৪ ঘন্টা পাৰ হোৱাৰ পিচতো কাৰাগাৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাক লৈ কোনোধৰণৰ তথ্য ৰাজহুৱা কৰা নাই ।

লগতে পঢ়ক: ধনৰ বিনিময়ত কাৰাবন্দীক ফোন, পাণ-তামোল, চিগাৰেট, চাধা যোগান ! মুখ্যমন্ত্ৰীলৈ কয়দীৰ বিষ্ফোৰক পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.