ETV Bharat / state

তিনিচুকীয়াত আৰক্ষীৰ এনকাউন্টাৰ; আহত অভিযুক্ত চোৰ মুন্না শ্বাহ

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 10:25 AM IST

Police encounter in Tinsukia : তিনিচুকীয়াত আৰক্ষীৰ এনকাউন্টাৰ ৷ আৰক্ষীৰ এনকাউন্টাৰত গুৰুতৰভাৱে আহত হয় অভিযুক্ত চোৰ ৷ অভিযুক্তটোৰ নাম মুন্না শ্বাহ ।

তিনিচুকীয়াত আৰক্ষীৰ এনকাউন্টাৰ; আহত অভিযুক্ত চোৰ মুন্না শ্বাহ
তিনিচুকীয়াত আৰক্ষীৰ এনকাউন্টাৰ; আহত অভিযুক্ত চোৰ মুন্না শ্বাহ

তিনিচুকীয়া, ৭ মাৰ্চ : তিনিচুকীয়াত ফুটিল আৰক্ষীৰ বন্দুৰ গুলী ৷ তিনিচুকীয়া আৰু মাকুম চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাৰ্য সংঘটিত কৰি নিশা আৰক্ষীৰ নিদ্ৰা হৰণ কৰা মাষ্টাৰ মাইণ্ড মুন্না শ্বাহক আৰক্ষীৰ এনকাউন্টাৰ । বৃহস্পতিবাৰে আৰক্ষীৰ গুলীয়ে ভেদিলে মুন্না শ্বাহ ভৰি । ফলত গুৰুতৰভাৱে আহত হয় অভিযুক্ত চোৰ মুন্না শ্বাহ ।

তথ্য অনুসৰি, তিনিচুকীয়া আৰু মাকুম চহৰত দীৰ্ঘ দিন ধৰি চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস চলাই আছিল এই অভিযুক্ত চোৰটোৱে । বুধবাৰে নিশাও মাকুম চহৰত চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চাফাই অভিযান চলাইছিল অভিযুক্ত মুন্না শ্বাহৰ লগতে কেবাটাও চোৰে ৷

Suspected thief injured in police encounter in Tinsukia
তিনিচুকীয়াত আৰক্ষীৰ এনকাউন্টাৰ

এই কথা গম পাই পৰৱৰ্তী সময়ত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে তিনিচুকীয়া ৰাইডাৰ পাৰ্টিয়ে যুটীয়াভাবে চলাই অভিযান ৷ এই অভিযানতে বৃহস্পতিবাৰে পুৱতি নিশা তিনিচুকীয়াৰ পৰা আটক কৰিবলৈ সক্ষম হয় লোহাৰী কছাৰী গাঁৱৰ মুন্না শ্বাহক ।

অভিযুক্ত মুন্না শ্বাহে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতে আৰক্ষীৰ গুলী লাগে মুন্না শ্বাহৰ বাওঁ ভৰিত ৷ প্ৰথমে গুলীবিদ্ধ মুন্না শ্বাহক চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি তিনিচুকীয়াৰ নিউ মাৰ্কেট, মাকুম পথ, পৰ্বতীয়া, ন-পুখুৰী, এটি ৰ’ড, পুনৰ নিউ মাৰ্কেটৰ দুটা স্থানৰ সমান্তৰালভাৱে মংগলবাৰে নিশাও মাকুমৰ সুনিতা হাৰ্ডৱেৰ, ৰাজেশ ট্ৰেড এজেঞ্চী আৰু ভাৰত মেডিকেলৰ লগতে আন এখন ব্যৱসায়িক প্ৰতিষ্ঠানত ধাৰাবাহিকভাৱে সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা ৷ যাৰ ফলত তিনিচুকীয়া আৰু মাকুম আৰক্ষীৰ নিদ্ৰাহৰণ হৈছিল ৷

কিন্তু মুন্না শ্বাহক আটক কৰিবলৈ সক্ষম হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে আৰক্ষীয়ে ৷ অৱশ্যে বৰ্তমানো পলাতক হৈ আছে অভিযুক্ত মুন্না শ্বাহৰ সহযোগীকেইটা ৷

লগতে পঢ়ক : জয়সাগৰত ৪ ছাগলী চোৰক উত্তম-মধ্য়ম সোধাই ৰাইজে গতালে আৰক্ষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.