ETV Bharat / state

সাংবাদিকৰ সৈতে অভব্য আচৰণৰ অভিযোগ অভিযুক্ত মাটিৰ দালালৰ বিৰুদ্ধে - Land Broker in Bokakhat

Suspected land brokers : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অসাৰ প্ৰতিপন্ন ৷ ৰাজ্যত অব্যাহত মাটিৰ দালালৰ দপদপনি ৷ সাংবাদিকৰ সৈতে অভব্য আচৰণৰ অভিযোগ সুজিৎ সিঙৰ বিৰুদ্ধে ৷ সমগ্ৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা বোকাখাত মহকুমা সাংবাদিক সন্থাৰ ৷

Suspected land brokers were accused of behaving badly towards journalists in Bokakhat
সাংবাদিকৰ সৈতে অভব্য আচৰণৰ অভিযোগ অভিযুক্ত মাটিৰ দালালৰ বিৰুদ্ধে
author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 8:30 AM IST

সাংবাদিকৰ সৈতে অভব্য আচৰণৰ অভিযোগ অভিযুক্ত মাটিৰ দালালৰ বিৰুদ্ধে

বোকাখাত, 12 মাৰ্চ : বোকাখাতত উত্তপ্ত পৰিস্থিতি ৷ মাটি সংক্ৰান্তীয় বিবাদৰ বাবে সোমবাৰে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ বোকাখাত চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ মণ্ডল তথা কৰ্মচাৰীক মেনেজ কৰি দালালি চলোৱাৰ অভিযোগ উত্থাপন হৈছে সুজিৎ সিং নামৰ এজন লোকৰ বিৰুদ্ধে ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কাজিৰঙাৰ একাংশ লোকে মাটিৰ সমস্যা সমাধান কৰিবৰ অৰ্থে সহায় বিচাৰিছিল বোকাখাতৰ সুজিৎ দাস নামৰ লোকজনৰ পৰা ৷ ইয়াৰ বাবে কিছু ধনো ব্যক্তিজনক প্ৰদান কৰা হৈছিল বুলি জানিবলৈ দিয়ে ভুক্তভোগী লোকে ৷ কিন্তু, মাটিৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অপাৰগ হোৱাত ভুক্তভোগীসকলে সোমবাৰে বোকাখাতৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সুজিৎ সিঙক মাতে ৷

সুজিৎ সিং চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগেই ভুক্তভোগীসকলে মাটিৰ দালালিত জড়িত থকা বুলি অভিযোগ থকা সিঙৰ পৰা টকাখিনি উভতাই বিচাৰে ৷ সেই কথাতে সুজিৎ সিং খৰ্গহস্ত হৈ পৰে আৰু ভুক্তভোগী একাংশ মহিলাৰক অভব্য আচৰণ কৰে বুলি অভিযোগ তুলিছে ভুক্তভোগী লোকে ৷

আনপিনে, এই সমগ্ৰ ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সম্পাদক ৰঞ্জিত ৰজকক সুজিৎ সিঙে শাৰীৰিকভাৱে অপদস্থ কৰাৰো অভিযওগ তুলিছে সাংবাদিক সংস্থাই ৷ ইয়াৰ পাচতেই ভুক্তভোগী মহিলাসকলে সুজিৎ সিঙৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে, এই ঘটনাত তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে বোকাখাত মহকুমা সাংবাদিক সংস্থাই । সংবাদ সংগ্ৰহত সাংবাদিকক বাধা দিয়া, শাৰীৰিকভাৱে অপদস্থ কৰা আৰু মাটিৰ দালালি কৰা দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সংস্থাটোৱে । তথ্য অনুসৰি, বোকাখাত আৰক্ষীয়ে আটক কৰে মাটিৰ দালালত অভিযুক্ত সুজিৎ সিঙক ৷

লগতে পঢ়ক : জখলাবন্ধা আৰক্ষীৰ জিম্মাত তিনি মাটিৰ দালাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.