ETV Bharat / state

চুমী-তাৰ্কিকক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ - Sumi Tarkik latest news

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 7:40 PM IST

Sumi Borah and Tarkik Borah: চুমী-তাৰ্কিকক ৫ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতৰ । ডিব্ৰুগড় সদৰ আৰক্ষীয়ে দুয়োকে ৭ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷ চুমী বৰাৰ পিতৃক তলব আৰক্ষীৰ ৷ বৰ্তমানেও পলাতক চুমীৰ ভাতৃ আৰু বৌৱেক ৷

Sumi Borah and Tarkik Borah
চুমী-তাৰ্কিক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ (ETV Bharat Assam)

ডিব্ৰুগড়, ১২ ছেপ্টেম্বৰ: বিগত ১০ দিনে আত্মগোপন কৰি অৱশেষত বৃহস্পতিবাৰে পুৱতি নিশা বিশেষ টাস্ক ফৰ্চৰ হাতত ধৰা দিয়া চুমী বৰা আৰু স্বামী তাৰ্কিক বৰাক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে দুয়োকে প্ৰেৰণ কৰে আৰক্ষীৰ জিম্মালৈ ৷ বিশেষ টাস্ক ফৰ্চে ডিব্ৰুগড়ৰ সদৰ থানাত চুমী-তাৰ্কিকক আৰক্ষীক গতাই দিয়াৰ পাছতে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত আজি দুয়োকে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হয় । ডিব্ৰুগড় সদৰ আৰক্ষীয়ে দুয়োকে ৭ দিনৰ জিম্মাত বিচাৰিছিল যদিও ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিলে দুয়োকে ।

লগতে পঢ়ক: বিলাসী হোটেলত ব্ৰেকফাষ্ট ! চুমী-তাৰ্কিকক দিয়া হৈছে নেকি ৰাজ আতিথ্য ? - Stock Trading scam

চুমীৰ বৰাৰ পিতৃক তলব আৰক্ষীৰ:

আনহাতে চুমী বৰা আৰু তাৰ্কিক বৰাক চমজি লোৱাৰ পাছতেই আৰক্ষীয়ে চুমী বৰাৰ পিতৃ গোলাপ বৰাক তলব কৰে । চুমী বৰাৰ পিতৃৰ পৰা আৰক্ষীয়ে কি তথ্য বিচাৰি জেৰা চলালে সেই কথা জানিব পৰা হোৱা নাই যদিও তেওঁ বহু সময় সদৰ থানাৰ ভিতৰত থাকে । আনহাতে বিশাল ফুকনৰ সৈতে ঔষধ কোম্পানী আৰম্ভ কৰা চুমী বৰাৰ ভাতৃ ৰাজীৱ বৰা আৰু তেওঁৰ পত্নী জিংকি মিলি আজিও পলাতক । চুমী-তাৰ্কিকৰ দৰে তেওঁলোকেও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব বুলি আৰক্ষীৰ বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

কোন ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ:

চুমী বৰা আৰু স্বামী তাৰ্কিক বৰাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত 352/24 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Actৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ চুমী আৰু স্বামী তাৰ্কিকক আদালতত হাজিৰ কৰাৰ পাছত তেওঁলোকৰ অধিবক্তাই এই কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: লোকচক্ষুৰ পৰা আঁতৰি 7 দিনে ক’ত আছিল তাৰ্কিক বৰা-চুমী বৰা ! - Sumi Tarkik latest news

কিয় গ্ৰেপ্তাৰ হ'ল চুমী-তাৰ্কিক :

অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ অভিযোগত ২ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত 352/24 কেছ ৰেজিষ্টাৰ কৰি Section 316 and 318 BNS Section 21/23 Banning of unregulated deposit scheme Actৰ অধীনত বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ইতিমধ্যে ।

বিশাল ফুকনক আটক কৰা দিনৰে পৰাই আত্মগোপন কৰি থকা বিশালৰ সহযোগী হিচাপে চিহ্নিত হোৱা চুমী বৰা আৰু তেওঁৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাই প্ৰায় দহ দিনৰ পাছত আৰক্ষীৰ STFৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছতেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় । তেওঁলোকৰ বিৰুদ্ধেও বিশালৰ একে ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক: এছ টি এফে ডিব্ৰুগড় আৰক্ষীক গতালে চুমী-তাৰ্কিক: চিআইডিয়ে চলাব জেৰা - STF trap Sumi and Tarkik

লগতে পঢ়ক: এছ টি এফে আটক কৰি কোনো অজ্ঞাত স্থানত ৰাখিছে চুমী আৰু তাৰ্কিক বৰাক - STF apprehended Sumi Borah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.