ETV Bharat / state

বিভাগীয় গাফিলতি ! ৰে’লৰ বিভাগৰ বিদ্যুৎ লাগিল ছাত্ৰৰ গাত - Electric train in Assam

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 9:31 PM IST

Electrocution causes student injure in Golaghat: ৰে’ল বিভাগৰ বৈদ্যুতিক খুঁটাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত ছাত্ৰ ৷ ঘটনাটো সংঘটিত হৈছে গোলাঘাটত ৷

Electrocution causes student injure in Golaghat
মৰণফান্দত পৰিণত ৰে’ল বিভাগৰ বিদ্যুৎ পৰিবাহী খুঁটা (ETV Bharat Assam)

গোলাঘাট, ৯ জুন: ৰে’ল বিভাগৰ বিদ্যুৎ পৰিবাহী খুঁটাই সংঘটিত কৰিলে অঘটন ৷ ৰে’ল বিভাগৰ বিদ্যৎ পৰিবাহী খুঁটাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় এজন ছাত্ৰ ৷ গোলাঘাট জিলাৰ জামুগুৰি ৰে’ল ষ্টেচনৰ সমীপত চেঙাজান চাহ বাগিচাত সংঘটিত হয় এই অঘটন ৷

আটছাৰ গোলাঘাট শাখাৰ সম্পাদক অনুজ কুৰ্মী (ETV Bharat Assam)

চাহ বাগিচাখনৰ নিৱাসী পাতৰ গুৰিয়াৰ পুত্ৰ তথা অষ্টম শ্ৰেণীৰ ছাত্ৰ বিক্ৰম গুৰিয়াই শনিবাৰে নিজৰ খেতি চাবলৈ বুলি যাওঁতে বৈদ্যুতিক ৰে’ল চলাচলৰ বাবে ৰে’ল বিভাগে নতুনকৈ স্থাপন কৰা বিদ্যুৎ পৰিবাহী খুঁটাত বিদ্যুৎস্পষ্ট হয় ৷ বৰ্তমান সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ছাত্ৰগৰাকী ৷

ঘটনাটো সংঘটিত হোৱাৰ পিচতে ছাত্ৰজনক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হয় ছাত্ৰজনক ৷ উক্ত ঘটনা সংঘটিত হোৱাৰ পিচত দেওবাৰে চাহ জনজতি ছাত্ৰ সন্থাৰ গোলাঘাট শাখাৰ অনুজ কুৰ্মীৰ নেতৃত্বত এটা সজাতি দলে ঘটনাস্থলী পৰিদৰ্শন কৰি ৰে'ল বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

উল্লেখ্য যে ৰে’ল বিভাগে উজনি অসমত আৰম্ভ কৰিব বৈদ্যুতিক ৰে’লৰ চলাচল ৷ ইয়াৰ বাবে বিভাগে বিদ্যুৎ পৰিবাহী তাঁৰৰ ব্যৱস্থা কৰিছে ৷ বিদ্যুৎ পৰিবাহী তাঁৰৰ কামত নিয়োজিত ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি আটছাৰ গোলাঘাট শাখাৰ সম্পাদক অনুজ কুৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰে’ল বিভাগক তদন্ত ঘোষণা কৰাৰ লগতে সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ছাত্ৰজনক সম্পূৰ্ণ বিনামূলীয়াকৈ উন্নত চিকিৎসাৰ কৰোৱাৰ দাবী জনাইছে আটছাই । ইয়াৰ উপৰিও ভৱিষ্যতৰ দিনত এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ ব্যৱস্থা কৰাৰ লগতে ছাত্ৰজনক এককালিনভাৱে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনায় আটছাই ৷ অন্যথা পৰৱৰ্তী সময়ত ৰে'ল বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ আহিছে বিপদ; বিদ্যুৎচালিত ৰে’লে নিঃশেষ কৰিব নেকি জীৱকুল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.