ETV Bharat / state

আশ্চৰ্যকৰ ! চিতাৰ পৰাই তুলি নিলে বৃদ্ধাৰ মৃতদেহ - Suspicious death in tinsukia - SUSPICIOUS DEATH IN TINSUKIA

Mystery over death: শেষকৃত্যৰ বাবে সাজু হৈছিল পৰিয়ালৰ লোক ৷ অন্তিম সময়ত শ্মশানত উপস্থিত হ’ল আৰক্ষী ৷ নহ’ল শেষকৃত্য ৷ সাঙীৰ পৰা আৰক্ষীয়ে জিম্মাত ল’লে সৎকাৰৰ বাবে সাজু মৃতদেহ ।

strange incident in makum police lifts up a deadbody from pyre after family alleges the death as murder
শেষকৃত্যৰ বাবে সাজু পৰিয়ালৰ লোক (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 12:38 PM IST

শেষকৃত্যৰ বাবে সাজু পৰিয়ালৰ লোক (Etv bharat assam)

তিনিচুকীয়া, 18 মে’ : তিনিচুকীয়া জিলাৰ মাকুমত সংঘটিত হ’ল এক মৰ্মান্তিক ঘটনা । চিতাত তুলিবলৈ লোৱা এগৰাকী মহিলাৰ মৃতদেহ লৈ গ'ল আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা অনুসৰি, মাকুম লোহাৰীপট্টীৰ ভট্টাচাৰ্য উপাধিৰ এগৰাকী 65 বছৰীয়া অবিবাহিতা মহিলাই বায়েকৰ সৈতে বায়েকৰ ঘৰতে আছিল ।

মৃত মহিলাগৰাকীৰ ভাগিনীয়েকৰ ভাষ্য অনুসৰি মহিলাগৰাকী আগৰে পৰা অসুস্থ হৈ থকাৰ উপৰিও বৰ্তমান বতৰৰ বাবে কাঁহ চৰ্দিজনিত সমস্যাত ভুগি আছিল । ঔষধ-পাতি খুওৱাৰ পাচত সকলো ঠিকেই আছিল যদিও শুকুৰবাৰৰ ৰাতিপুৱা দেৰিলৈকে বিচনাৰ পৰা শুই নুঠাত মহিলাগৰাকীৰ ভাগিনীয়েকে পৰিয়ালটোক অসুস্থ মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যাবলৈ কৈ কামৰ বাবে ওলাই যায় ।

ইফালে চিকিৎসালয়লৈ মহিলাগৰাকীক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে । মহিলাগৰাকীৰ মৃতদেহ ঘৰলৈ নি নিজৰ আত্মীয়সকলক মহিলাগৰাকীৰ মৃত্যুৰ খবৰ দিয়াৰ লগতে ওচৰ-চুবুৰীয়া সহিতে ৰীতি-নীতি সম্পন্ন কৰাৰ উদ্দেশ্যৰে মাকুম ৰাজহুৱা শ্মশানলৈ মৃতদেহটো লৈ যোৱা হয় ।

শ্মশানত মৃতদেহটো চিতাত তুলিবলৈ নীতি-নিয়ম কৰি থাকোতে স্থানীয় মাকুম থানাৰ আৰক্ষী শ্মশানত উপস্থিত হয় ৷ মহিলাগৰাকীৰ মৃত্যু স্বাভাৱিক নহয় তথা মৃতদেহ পৰীক্ষা কৰিবলৈ নিৰ্দেশ আহিছে বুলি মাকুম আৰক্ষীয়ে জনায় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো সাঙীৰ পৰা নমাই নিজৰ জিম্মাত লয় ৷

অৱশ্যে কি কাৰণে মৃতদেহটো এনেদৰে লৈ যোৱা হ'ল, উত্থাপিত অভিযোগৰ সত্যতা কিমান আদিৰ বিষয়ে আৰক্ষীৰ তদন্তৰ পাচতহে জানিব পৰা যাব । মৃত মহিলাগৰাকীৰ নিজৰ চাৰিজন ভাই-ককাইৰ দুজনৰ ইতিমধ্যে মৃত্যু ঘটিছে আৰু জীৱিত দুজনৰ বৰ্তমান এজন কৰ্মসূত্ৰে বাংগালুৰত থাকে বুলি পৰিয়ালৰ লোকে জনায় ।

লগতে পঢ়ক: ন-বোৱাৰীক হত্যাৰ অভিযোগ; চিতাৰ পৰা উঠাই নিলে আধাজ্বলা মৃতদেহ - Murder For Dowry

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.