ETV Bharat / state

খমখমীয়া নোটৰ আশাত সন্তানক বিক্ৰী কৰি সতীয়া পিতৃ পালেগৈ ৰঙাঘৰ - Step Father sold his child

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 4:16 PM IST

Updated : Jul 26, 2024, 4:38 PM IST

Step father sells child : পৰকীয়া প্ৰেম ! প্ৰেমৰ টানত পৰি বোৱাৰী প্ৰেমিকে সন্তানসহ পলুৱাই নিলে প্ৰেমিকাক ৷ কিন্তু তাৰ পাচতহে লাগিল লেঠা ৷ তোলনীয়া চাৰি সন্তানৰ ভাৰ দাঙিব নোৱাৰি সতীয়া পিতৃয়ে বিক্ৰী কৰিলে সন্তানক ৷ সন্তান বিক্ৰী কৰি বৰ্তমান সতীয়া পিতৃ আছেগৈ ৰঙাঘৰৰ চাৰিবেৰৰ মাজত ৷

ETV Bharat
সতীয়া পিতৃয়ে বিক্ৰী কৰিলে সন্তানক (FREEPIK)

মঙলদৈ, 26 জুলাই : আজৱকাণ্ড ! যি কথা জানিলে আপুনিও হৈ পৰিব হতভম্ব ৷ আপুনি বাৰু কেতিয়াবা ভাবেনে সন্তানৰ বাবে বটবৃক্ষৰূপে থকা এগৰাকী পিতৃ হৈ পৰিব পাৰে দানৱ ? আশ্ৰয় দিওতা পিতৃয়ে কাঢ়ি নিব পাৰে সন্তানৰ মুধচৰ চালিখন ৷

সতীয়া পিতৃয়ে বিক্ৰী কৰিলে সন্তানক (ETV Bharat)

আজি আমাৰ ওচৰলৈ আহিছে এনে এটা বাতৰি ৷ জানি আচৰিত হ’ব যে এইবাৰ আন লোকে নহয়, বৰঞ্চ পিতৃয়ে কেইখনমান খমখমীয়া নোটৰ বাবে বিক্ৰী কৰিলে সন্তানক ৷ যি ঘটনা সৰ্বত্ৰে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ৷ আমি উল্লেখ কৰা ঘটনাটো সংঘটিত হৈছে দৰং জিলাৰ মঙলদৈত ৷

ঘটনাৰ তথ্য অনুসৰি, কলাইগাঁৱৰ গেৰুৱা শান্তিপুৰৰ নিবাসী নয়নজ্যোতি দেৱ কাশ্যপ নামৰ যুৱক এজনে প্ৰায় তিনি মাহ পূৰ্বে সামাজিক মাধ্যমত চিনাকি হৈ চাৰিটা সন্তানৰ এগৰাকী মাতৃক পলুৱাই আনিছিল ৷ কেৱল চাৰি সন্তানৰ মাতৃগৰাকীকে নহয়, নয়নে মহিলাগৰাকীৰ সৈতে আনিছিল তেওঁৰ সন্তানকেইটাকো ৷

লগতে পঢ়ক : সংগীতা দত্ত-ৱালিউল ইছলামৰ আৰু এক নতুন বিপদ - Child Abuse Case in Guwahati

তাৰ পাচত সন্তানসহ পলুৱাই অনা মহিলাগৰাকীৰ সৈতে মঙলদৈৰ গেৰিমাৰীৰ এটা ভাৰাঘৰত বাস কৰিবলৈ লৈছিল নয়নে । সকলো ঠিকেই আছিল ৷ কিন্তু মাজে মাজে নয়নৰ মূৰত কিছু কূটবুদ্ধিয়ে বাহ ল’লে ৷ সি ঠিৰাং কৰিলে যে তেওঁ পলুৱাই অনা মহিলাগৰাকীৰ পূৰ্বৰ স্বামীৰ সন্তানকেইটা বিক্ৰী কৰি দিব ৷ কথা মতেই কামত লাগি গ’ল নয়ন ৷

মাতৃৰ অজ্ঞাতে কিছুদিনৰ পূৰ্বে চাৰি সন্তানৰ মাজত এজনক মাত্ৰ 35 হাজাৰ টকাৰ বিনিময়ত সতীয়া পিতৃয়ে বিক্ৰী কৰিলে বঙাইগাঁও শালমাৰৰ এটা দম্পতীক ৷ কোনো এক বিশেষ সূত্ৰৰ জৰিয়তে এই বিষয়ে দৰং জিলাৰ শিশু সুৰক্ষা বিভাগে সম্ভেদ লাভ কৰে ৷

লগতে পঢ়ক : শিশু কন্যা সন্তানক হত্যা কৰিলে পিতৃয়ে - Sensational MURDER In Tinsukia

তাৰ পাচতে দৰং জিলাৰ শিশু সুৰক্ষা বিভাগে মঙলদৈ আৰক্ষীৰ সহযোগত ঘটনাৰ তদন্ত কৰি শিশুটিক উদ্ধাৰ কৰে ৷ লগতে বিক্ৰী কৰা শিশুটিৰ সতীয়া পিতৃ নয়নজ্যোতি কাশ্যপ, মধ্যস্থতাকাৰী লগতে বঙাইগাঁৱৰ শিশু ক্ৰয় কৰা ব্যক্তিগৰাকীকো আটক কৰে আৰক্ষীয়ে ।

ইতিমধ্যে আৰক্ষীয়ে আটাইকেইজনকে মঙলদৈ আদালতত হাজিৰ কৰোৱাৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইপিনে শিশুটিৰ মাতৃক আৰক্ষীৰ তত্ত্বাৱধানত নিজ ভাৰাঘৰত থকাৰ অনুমতি প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে । উদ্ধাৰ কৰা শিশুটি বর্তমান জিলা চাইল্ড লাইনৰ তত্ত্বাৱধানত সখীগৃহত ৰখা হৈছে । জানিব পৰা মতে, জিলা শিশু সুৰক্ষা সমিতিৰ ওচৰত শিশুটি হাজিৰ কৰাৰ পিচত শিশুটিক ক'ত ৰখা হ'ব সেই বিষয়ে সিদ্ধান্ত লোৱা হ’ব ।

লগতে পঢ়ক : হৃদয়বিদাৰক ! উঁৱলি যোৱা অৱস্থাত নৰ্দমাত ওলাল অবিনাশৰ মৃতদেহ - Minor boy drowns in drain

Last Updated : Jul 26, 2024, 4:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.