ETV Bharat / state

আকৌ চলিব বাল্যবিবাহ বিৰোধী অভিযান; বাল্যবিবাহ কৰা সংখ্যালঘু যদি 80 শতাংশ, সংখ্যাগুৰু 20 শতাংশ: মুখ্যমন্ত্ৰী - Action against child marriage

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 9:48 AM IST

Assam Muslim population row: ৰাজ্যত পুনৰ আৰম্ভ হ’ব বাল্যবিবাহ বিৰোধী অভিযান ৷ বৃহস্পতিবাৰে সংবাদমেলযোগে জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সুস্মিতা দেবে আগবঢ়োৱা মন্তব্য সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়ায় প্ৰতিক্ৰিয়া ৷

ASSAM MUSLIM POPULATION ROW
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী,‌ 19 জুলাই: "ৰাজ্যত পুনৰ চলিব বাল্যবিবাহৰ‌ বিৰুদ্ধে অভিযান । অহা নৱেম্বৰ আৰু ডিচেম্বৰৰ ভিতৰত ৰাজ্যত আৰম্ভ হ'ব বাল্যবিবাহৰ বিৰুদ্ধে অভিযান ৷" মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰে এই কথা ৷

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক ‌সম্বোধন‌ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অসম চৰকাৰে লোৱা নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ বাবে India Child Protection এ দেশজুৰি চলোৱা সমীক্ষাত বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত অসমে শীৰ্ষস্থান দখল কৰিছে ৷ অসম চৰকাৰৰ শূন্য সহনশীলতা নীতিৰ বাবে 3000 ৰো অধিক লোকক আটক কৰাৰ লগতে আৰু 2021 চনৰ পৰা বাল্য বিবাহ 81% হ্ৰাস পাইছে ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "বাল্যবিবাহ কৰা সংখ্যালঘু যদি 80 শতাংশ আছে, সংখ্যাগুৰু 20 শতাংশ আছে । বাল্যবিবাহক ধৰ্মীয়ভিত্তিত মই নাচাওঁ ৷ যি তথ্য শেহতীয়াভাৱে আহিছে, অসমত বাল্যবিবাহ প্ৰায় নিৰ্মূল হোৱাৰ তথ্য আহিছে । গতিকে নৱেম্বৰ মানৰ পৰা পুনৰ অভিযান চলিব । বাল্য‌বিবাহ অসমত নিৰ্মূল কৰা হ'ব ।"

সুস্মিতা দেবৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণৰ বাবে ঝাৰখণ্ডত উপস্থিত হৈ অসমত মুছলমান লোকৰ জনসংখ্যা 40 শতাংশ বুলি বিতৰ্কিত মন্তব্য আগবঢ়াইছিল আৰু এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে সুস্মিতা দেবে ৷ দেৱৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মই সমীক্ষাৰ ভিত্তিতহে কৈছো ৷ এয়া ৰাজনীতিৰ বিতৰ্কৰ বিষয় নহয় ।"

সুস্মিতা দেবে মুখ্যমন্ত্ৰীৰ মন্তব্যক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই ৰাইজক ভুল আৰু মিছা তথ্য দিছে বুলি অভিযোগ তুলি কৈছিল, "1951 চনত অসমত মুছলিম জনসংখ্যা 12 শতাংশ নহয় 25 শতাংশহে আছিল ৷ 2021 চনত ভাৰত চৰকাৰে লোকপিয়ল কৰা কথা আছিল ৷ কিন্তু কোভিড মহামাৰীৰ অজুহাত দেখুৱাই এই লোকপিয়ল কৰা নহ’ল ।"

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এইটো মই বনোৱা তথ্য নহয় ।‌ পৰিসংখ্যাই দিয়া তথ্যহে । পৰিসংখ্যাৰ ওপৰত বিতৰ্ক হ'ব নালাগে ।’’

লগতে পঢ়ক: 40 শতাংশ ! অসমত মুছলমান জনসংখ্যাৰ হাৰে সমালোচনালৈ ঠেলিলে মুখ্যমন্ত্ৰীক; আমছুক লাগে প্ৰমাণ - Assam Muslim population row

অসমত ৪০% মুছলমান জনসংখ্যাৰ তথ্য ক’ত পালে মুখ্যমন্ত্ৰীয়ে ? বুজা নাই সুস্মিতা দেবে ! - Assam Muslim population row

'কা' কাৰ্যকৰী হ'ল অসমত : দিছপুৰৰ গৃহ বিভাগৰ পৰা আৰক্ষীলৈ গ'ল বিশেষ নিৰ্দেশনা - CAA implementaion in assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.