ETV Bharat / state

শীঘ্ৰেই বৃদ্ধি পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ: হিমন্ত বিশ্ব শৰ্মা

Assam CM FB Live : নিশা মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ । মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম, মিছন বসুন্ধৰা ৩.০ কে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন মুখ্যমন্ত্ৰীৰ ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

State government employees to increase their dearness allowance soon says CM
নিশা মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ (ETV Bharat Assam)

গুৱাহাটী: কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰো মৰগীয়া বানচ বৃদ্ধি হ'ব । এই কথা সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবেও মৰগীয়া বানচ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰে । সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কেইবাটাও বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম:

মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,"মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰা হৈছে । কিছুদিন পূৰ্বে ২৫ হাজাৰ যুৱক-যুৱতীক আমি ২ লাখ টকাৰ আৰ্থিক সাহায্যৰ প্ৰথম কিস্তিৰ ৭৫ হাজাৰ টকা আগবঢ়াইছো । যাৰ যোগেদি তেওঁলোক স্বাৱলম্বী হ'ব । আমি এইবছৰেই ১ লাখ যুৱক-যুৱতীক এই আঁচনিখনৰ অধীনলৈ আনিব বিচাৰিছোঁ । তাৰ বাবেই বাকী ৭৫ হাজাৰ যুৱক-যুৱতীৰ আবেদনৰ বাবে প'ৰ্টেল মুকলি কৰা হৈছে । ২৮ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ উদ্যমী যুৱক-যুৱতী সকলে ইয়াত আবেদন কৰিব পাৰিব ।"

মিছন বসুন্ধৰা ৩.০ :

মিছন বসুন্ধৰা ৩.০ৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "অহা ২০ অক্টোবৰত মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ আৰম্ভ কৰা হ'ব । প্ৰথম দুটা সংস্কৰণৰ যোগেদি ১০ লাখতকৈ অধিক পৰিয়ালে নিজৰ ভূমিৰ ওপৰত অধিকাৰ লাভ কৰিলে । তৃতীয় সংস্কৰণত অৱশিষ্ট যিসকল পৰিয়ালে ভূমিৰ অধিকাৰ লাভ কৰা নাই তেওঁলোকক ভূমিৰ অধিকাৰ দিবলৈ প্ৰচেষ্টা কৰিম । এইবাৰ ব্যক্তিগত পৰিয়ালৰ মাটিৰ উপৰি সামাজিক অনুষ্ঠান সমূহক মাটিৰ পট্টা প্ৰদানৰ ওপৰত গুৰুত্ব দিছো । গুৱাহাটীৰ পাহাৰ অঞ্চলত বাস কৰা লোকসকলক মাটিৰ পট্টা আমি দিয়াৰ পাছতো প্ৰিমিয়াম বহুত হোৱা বাবে তেওঁলোকে মাটিৰ পট্টা গ্ৰহণ কৰিব পৰা নাছিল । বসুন্ধৰা ৩.০ত আমি প্ৰিমিয়াম যথেষ্ট হ্ৰাস কৰিছো ।"

এ ডি আৰ ই পৰীক্ষা:

এ ডি আৰ ই পৰীক্ষাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "এ ডি আৰ ইৰ শেষৰটো পৰীক্ষা ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব । চতুৰ্থ শ্ৰেণীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব । দুটা কেটেগৰীত দুইবেলা পৰীক্ষা হ'ব । মেট্ৰিক উত্তীৰ্ণসকলে এটা পৰীক্ষাত বহিব আৰু মেট্ৰিকৰ তলৰ সকলে আন এটা পৰীক্ষাত বহিব । আগবেলাৰ পৰীক্ষাত ৮.২৭ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু পিছবেলাৰ পৰীক্ষাত ৫.৫২ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । এতিয়ালৈকে হৈ যোৱা পৰীক্ষাৰ তৃতীয় প্ৰশ্ন কাকতৰ বাবে ৯৫০২৩ গৰাকী পৰীক্ষাৰ্থীয়ে অ' এম আৰ শ্বীট সংগ্ৰহ কৰিলে । চতুৰ্থ প্ৰশ্ন কাকতত ২০০৫৫ গৰাকীয়ে আৰু পঞ্চম প্ৰশ্ন কাকতত ৭২৩‍১ গৰাকীয়ে অ' এম আৰ শ্বীট সংগ্ৰহ কৰিলে ।"

ভাষা গৌৰৱ সপ্তাহ:

অসম চৰকাৰে গ্ৰহণ কৰা এক অনন্য কাৰ্যসূচীৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়, "অহা ৩ নবেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ অসমত আমি ভাষা গৌৰৱ সপ্তাহ পালন কৰিম । ভাষাৰ ওপৰত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । সকলোৱে ভাষা গৌৰৱ সপ্তাহ পালন কৰিব পাৰিব আৰু যোগদান কৰিব পাৰিব । আমাৰ অসমৰ চৰকাৰী ভাষা অসমীয়া আৰু সহযোগী চৰকাৰী ভাষা বড়ো, বাংলা, মণিপুৰী । ৰাষ্ট্ৰীয় ভাষা হিন্দী আৰু ইংৰাজীও আমি চৰকাৰী কামত ব্যৱহাৰ কৰো । ৩ অক্টোবৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে । ৩ নবেম্বৰৰ পৰা ৯ নবেম্বৰলৈ আমি বিভিন্ন অনুষ্ঠানত ভাষা গৌৰৱ সপ্তাহ পালন কৰিম আৰু আমাৰ ভাষাক স্বীকৃতি দিয়া বাবে প্ৰধানমন্ত্রীলৈ ধন্যবাদ জনাই একোখনকৈ পত্র লিখিম । লগতে ভাষাটোলৈ অনন্য বৰঙণি আগবঢ়োৱা সকলক আমি সেই দিনটোত সোঁৱৰণ কৰিম ।"

ঝুমুৰ নৃত্যৰ বিশাল আয়োজন:

মুখ্যমন্ত্রীয়ে লগতে কয়, "বিগত চাৰে তিনিটা বছৰ অসমৰ বাবে স্বৰ্ণিমকাল । এতিয়া আমি অপেক্ষাৰত ঝুমুৰ নৃত্যক লৈ । কেইমাহ মানৰ ভিতৰত আমি গুৱাহাটীত ব'হাগ বিহু প্ৰদৰ্শন কৰাৰ দৰে ঝুমুৰ নৃত্যও আঠ-দহ হাজাৰ শিল্পীৰে সৈতে প্ৰদৰ্শন কৰিম । ঝুমুৰ নৃত্যকো বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াস কৰিম ।"

বিজেপিৰ সদস্যভৰ্তি অভিযান:

বিজেপিৰ সদস্যতাভৰ্তি অভিযান সন্দৰ্ভত মুখ্যমন্ত্রী শৰ্মাই কয়, "বিগত ডেৰ মাহত আমাৰ কাৰ্যকৰ্তাসকলে লোৱা প্ৰচেষ্টাত আজি বিজেপিৰ ৬০ লাখ ৬৩ হাজাৰ সদস্যৰে মহীয়ান হ'ল । এইটো যিকোনো ৰাজনৈতিক দলৰ বাবে অনন্য কৃতিত্ব । আন এটা সফলতা হৈছে যে ১০০ টা সমষ্টিত ৪০ হাজাৰৰো অধিক লোকে আমাৰ সদস্যতা গ্ৰহণ কৰিছে । সদস্যভৰ্তিৰ এই অভিযানে আমাক অদ্ভুত শক্তি দিলে । হাৰিয়ানাৰ ফলাফলেও আমাক উৎসাহিত কৰিছে ।"

পাঁচটা সমষ্টিৰ উপনিৰ্বাচন:

পাঁচটা সমষ্টিৰ উপনিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "কেইদিন মান পাছত চিদলী, বঙাইগাঁও, বিহালী, ধলাই আৰু চামগুৰিত উপনিৰ্বাচন হ'ব । মই আপোনালোকৰ সহায়-সহযোগিতা কামনা কৰিম । এই পাঁচটা সমষ্টিত বিজেপি, ইউ পি পি এল আৰু অগপৰ কৰ্মকৰ্তাসকলক অত্যন্ত সমৰ্পণৰ মনোভাৱেৰে ৰাইজৰ ওচৰলৈ গৈ আমাৰ চৰকাৰে গ্ৰহণ কৰা কাম-কাজসমূহৰ বিষয়ে সুন্দৰভাৱে বুজাবৰ বাবে মই অনুৰোধ কৰিছো । যাতে পাঁচটা সমষ্টিতে আমি সুন্দৰ ফলাফল দেখুৱাব পাৰো ।" ৰাজ্যবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে সকলোকে চৰকাৰী নীতি-নিৰ্দেশনা মানি চলি দীপাৱলী উদযাপন কৰাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক: ADRE পৰীক্ষাৰ অ' এম আৰ শ্বীট কিদৰে লাভ কৰিব ? - Assam CM Himanta Biswa Sarma

দুটা বিশেষ প্ৰকল্পৰ অনুমোদনৰ অপেক্ষাত আছে মুখ্যমন্ত্ৰী : ক'লে সামাজিক মাধ্যমত - Assam CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.