ETV Bharat / state

মিছন বসুন্ধৰা ২.০ সফল ৰূপায়ণত শোণিতপুৰ জিলাৰ কৃতিত্ব

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:00 PM IST

Mission Bashundhara 2.0 : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা কৃতিত্বৰ পুৰস্কাৰ গ্ৰহণ কৰিলে শোণিতপুৰ জিলা আয়ুক্তই ৷

Sonitpur district credit for successful implementation of Mission Bashundhara 2.0
শোণিতপুৰ জিলাৰ কৃতিত্ব

তেজপুৰ, ১৬ ফেব্ৰুৱাৰী : ২০২১ ৰ ২ অক্টোবৰত আৰম্ভ হৈছিল মিছন বসুন্ধৰা ১.০ । শুকুৰবাৰে মিছন বসুন্ধাৰ ৩.০ ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া আঁসোৱাহ তথা ৰাজহ বিভাগৰ যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল মিছন বসুন্ধৰা আঁচনি ৷ মিছন বসুন্ধৰা আঁচনিৰ সফল ৰূপায়নৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ৰাজ্য চৰকাৰৰ প্ৰথম পৰ্যায়ৰ " মিছন বসুন্ধৰা ১.০" ৰ সফল পৰিসমাপ্তিৰ পিচত "মিছন বসুন্ধৰা ২.০ ৰো ৰাজ্যখনত সফল ৰূপায়ণ হয় ৷

Sonitpur district credit for successful implementation of Mission Bashundhara 2.0
মিছন বসুন্ধৰা ২.০ ৰ সফল ৰূপায়ণ

মিছন বসুন্ধৰা ২.০ ৰ দ্বিতীয় পৰ্যায়ৰ এই আঁচনিৰ প্ৰয়োগত কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা ৰাজ্যখনৰ পাঁচখন জিলাৰ ভিতৰত স্থান লাভ কৰা শোণিতপুৰ জিলা প্ৰশাসনক শুকুৰবাৰে অসম চৰকাৰে পুৰস্কৃত কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰেক্ষাগৃহত "মিছন বসুন্ধৰা - ৩.০" অৰ্থাৎ এই আঁচনিৰ তৃতীয় পৰ্যায় আৰম্ভ কৰি ২.০ সমাপ্ত কৰা অনুষ্ঠানত শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ হাতত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মানপত্ৰ আৰু ট্ৰফী তুলি দিয়ে ৷ ৰাজ্যখনৰ প্ৰথম পাঁচখন জিলাৰ তালিকাত স্থান লাভ কৰাৰ বাবে চৰকাৰে পুৰস্কৃত কৰে ।

উল্লেখ্য যে এই অনুষ্ঠানতে জিলাখনৰ চাৰিটা ৰাজহ চক্ৰ ক্ৰমে - ঠেলামৰা, ঢেকীয়াজুলি, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াকো বসুন্ধৰা আঁচনিৰ কামকাজৰ কৃতিত্বৰ বাবে চৰকাৰে পুৰস্কৃত কৰে । পুৰস্কাৰ গ্ৰহণৰ সময়ত ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত গাৰ্গ মোহন দাসো উপস্থিত থাকে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মিছন বসুন্ধৰা ৩.০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.