ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ কাজিৰঙাৰ সৌন্দৰ্য উপভোগৰ পূৰ্বে সাৱধান, জাৰি কৰা হৈছে কেতবোৰ নিয়ম - Rules For Kaziranga Visitors - RULES FOR KAZIRANGA VISITORS

Kaziranga Nation Park: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত ৰাষ্ট্ৰীয় পথৰ দৰ্শনাৰ্থী সতৰ্ক হওক ৷ উদ্যান কৰ্তৃপক্ষই বান্ধি দিয়া নিয়ম নমনা অত্যুৎসাহী দৰ্শনাৰ্থী পৰিব পাৰে বিপদত ৷ বন্য জীৱ-জন্তু দৰ্শনৰ কৰিবলৈ নিৰ্দ্ধাৰিত ভিউ পইণ্ট ব্যৱহাৰ কৰিবলৈ আহ্বান ৷

Kaziranga Nation Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 9:32 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat Assam)

কলিয়াবৰ, 15 মে’: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশে থকা বনাঞ্চলত বিচৰণ কৰা বন্য জীৱ-জন্তু চাবলৈ সততে ভিৰ কৰে দৰ্শনাৰ্থীয়ে । উজনিৰ পৰি নামনিলৈ বা নামনিৰ পৰা উজনি লৈ যাতায়ত কৰা যাত্ৰীসকলে কাজিৰঙাৰ ৰাজপথত ৰৈ বন্যজন্তুৰ ফটো উঠাবলৈ গৈ অনাধিকাৰ উদ্যানত প্ৰৱেশ কৰা দেখা যায় ।

এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিভিন্ন ব্যৱস্থাৰ বিষয়ে অৱগত কৰি সেইসমূহ ব্যৱস্থাৰ মতে চলিবলৈ আহ্বান জনাইছে । উদ্যানখনৰ কাষেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় পথত বন্য জীৱ-জন্তু দৰ্শনৰ বাবে এনিমেল ভিউ’ পইন্ট আছে । য’ত দৰ্শনাৰ্থীয়ে ৰৈ ফটো উঠাৰ লগতে বন্যজন্তু দৰ্শনৰ উপযুক্ত ব্যৱস্থা আছে । ইয়াৰ বিপৰীতে কাজিৰঙাৰ ৰাজপথৰ আন ঠাইত ৰৈ যাতে কোনোৱে নিয়ম ভংগ নকৰে তাৰ বাবে সতৰ্ক কৰি দিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই ।

আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাজিৰঙাৰ বন্যপ্ৰাণী দৰ্শন কৰাৰ সময়ত বহুলোক অৰ্তকিতে প্ৰৱেশ কৰে উদ্যানৰ ভিতৰত । যাৰ ফলত সংঘটিত হ’ব পাৰে যিকোনো অনাকাংক্ষিত ঘটনা । তাৰ মাজতে একাংশই বন্যজন্তুৰ ফটো সংগ্ৰহৰ উদ্দেশ্যে প্ৰৱেশ কৰে কাজিৰঙাৰ সীমাৰ ভিতৰত । বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমা অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল এলেকাত প্ৰায়েই দেখা পোৱা যায় তেনে দৃশ্য ।

বুঢ়াপাহাৰ বনাঞ্চল এলেকাত ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে বিচৰণ কৰে গঁড়-হাতীকে ধৰি অন্য বন্যজন্তুৱে । ৰাষ্ট্ৰীয় ঘাইপথৰ বহু স্থানতে বনকৰ্মীৰ দলে পহৰা দিয়ে যদিও তাৰ মাজতেই বন্যজন্তু প্ৰত্যক্ষ কৰাৰ লগেলগেই একাংশ লোকে বাহন পৰা নামি বিপজ্জনকভাৱে প্ৰৱেশ কৰে উদ্যানৰ ভিতৰত । যাৰ ফলত ঘটিব পাৰে যিকোনো অঘটন ।

এই ক্ষেত্ৰত দৰ্শনাৰ্থীক বাধা দিয়াক লৈ বনকৰ্মীৰ লগত দৰ্শনাৰ্থীৰ খণ্ড-যুদ্ধও হয় । এনে কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনাইছে উদ্যান কৰ্তৃপক্ষই । সজাগ-সচেতন হ'বলৈ আহ্বান জনাইছে বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াই ।

লগতে পঢ়ক: পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙাত সংযোজন WTRP ব্যৱস্থাৰ

লগতে পঢ়ক: অসমৰ ক'ত হ'ব একেলগে তিনিখনকৈ পঞ্চতাৰকা হোটেল; ক’লে জয়ন্ত মল্লবৰুৱাই

লগতে পঢ়ক: কাজিৰঙাত বনৰক্ষীৰ গুলীত নিহত চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.