ETV Bharat / state

আৰক্ষী-অসামৰিক যোগান বিভাগৰ অভিযানত উৎখাত চোৰাং তেলৰ ঘাটি - Smuggled oil seized

চিৰাঙত চোৰাং তেলৰ বিৰুদ্ধে আৰক্ষী আৰু অসামৰিক যোগান বিভাগৰ অভিযান । জিলাখনৰ কাজলগাঁও থানাৰ অন্তৰ্গত পশ্চিম বিলাসপুৰস্থিত মুন্নাফ আলীৰ ঘৰত থকা ভাই ভাই হাৰ্ডৱেৰত অভিযান চলাই উৎখাত কৰে চোৰাং তেলৰ ঘাটি ।

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 4:46 PM IST

Smuggled oil base busted in the police-civil supplies department raid in Chirang
চোৰাং তেলৰ ঘাটি উৎখাত (ETV Bharat Assam)

চিৰাং,১১ জুলাই: চিৰাঙত চোৰাং তেলৰ বিৰুদ্ধে অভিযান । আৰক্ষী আৰু অসামৰিক যোগান বিভাগে চিৰাঙৰ বিলাসপুৰত অভিযান চলাই উৎখাত কৰে চোৰাং তেলৰ ঘাটি । জিলাখনৰ কাজলগাঁও থানাৰ অন্তৰ্গত পশ্চিম বিলাসপুৰস্থিত মুন্নাফ আলীৰ ঘৰত থকা ভাই ভাই হাৰ্ডৱেৰৰ পিচফালে দীৰ্ঘদিনে চলি আছিল এই চোৰাং তেলৰ ঘাটি । অভিযানত বুজন পৰিমানৰ চোৰাং ভেজাল পেট্ৰ'ল-ডিজেলৰ লগতে চোৰাং তেলৰ সৰবৰাহত ব্যৱহাৰ কৰা ৫০ টাকৈ তেলৰ ড্ৰাম জব্দ কৰা হয় ।

উল্লেখ্য যে বিগত বছৰতো একেটা বাসগৃহতে চোৰাং তেলৰ ঘাটিত বৃহৎ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল । গোপন তথ্যৰ পম খেদি বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত আৰক্ষী আৰু অসমৰিক যোগান বিভাগে যৌথভাৱে এই অভিযান চলাইছিল । চোৰাং তেলৰ ঘাটিটো প্ৰশাসনে উৎখাত কৰে যদিও অভিযানত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল অভিযানকাৰী দলটো । চোৰাং তেলৰ ঘাটিটো উৎখাত কৰি বি টি আৰৰ অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ-সঞ্চালক আবু তাহেৰ ছামছুজ্জামান লস্কৰৰ নেতৃত্বত চলা অভিযানকাৰী দলটোৱে চোৰাং তেল আৰু চোৰাং ৰন্ধন গেছৰ কাৰবাৰত জড়িত লোকক কঠোৰ সকীয়নি প্ৰদান কৰে ।

জিলাখনত হৈ থকা যিকোনো চোৰাং তেলৰ কাৰবাৰ বন্ধ কৰাৰ লগতে ৰন্ধন গেছৰ চোৰাং কাৰবাৰ বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে অভিযানকাৰী দলটোৱে । জিলাখনত চোৰাং তেলৰ লগতে ৰন্ধন গেছৰ চোৰাং কাৰবাৰ অব্যাহত থকা পৰিলক্ষিত হৈছে । সেয়ে বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰৰ সলনি ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰ ব্যৱহাৰ কৰাসকলৰ বিৰুদ্ধেও অভিযান চলাব বলি জানিবলৈ দিয়ে অসামৰিক যোগান বিভাগৰ বিষয়াজনে ।

লগতে পঢ়ক: বৃহৎ পৰিমাণৰ তেলসহ গোলাঘাটত এজন আটক

দুলীয়াজানত চোৰাং কনডেনছেট অইল ভৰ্তি বাহনসহ এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.