ETV Bharat / state

কাক হেঁপাহেৰে দুপৰীয়াৰ এসাঁজ ভাত খুৱালে মহেন্দ্ৰ হাজৰিকাই ? - SINGER MAHENDRA HAZARIKA

কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ ৬২ সংখ্যক ওপজা দিনটো শিল্পীগৰাকীয়ে মৰিগাঁৱৰ পদপথৰ বাসিন্দা, মানসিক বিকাৰগ্ৰস্ত আৰু দিব্যাংগ ব্যক্তিসকলৰ সৈতে কৰিলে উদযাপন ।

Artist Mahendra Hazarika birthday celebrated in Morigaon
৬২ সংখ্যক ওপজাদিন উদযাপন মহেন্দ্ৰ হাজৰিকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 8:43 PM IST

Updated : Nov 12, 2024, 8:54 PM IST

মৰিগাঁও: পশ্চিমীয়া সভ্যতাক আঁকোৱালী লোৱাৰ পৰিৱৰ্তে অসমীয়া পৰম্পৰাক খামুচি ৰখাৰ প্ৰয়াস জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ । কণ্ঠশিল্পীগৰাকীৰ তাহানিৰ দিনবোৰত মাকে বনাই দিয়া কলপিঠা, তৰাপিঠাৰে উদযাপন কৰিছিল জন্মদিন ।

আজি ৬২ সংখ্যক ওপজা দিনটোত শিল্পীগৰাকীয়ে মৰিগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান 'সহায় অসম'ৰ তত্বাৱধানত জিলাখনৰ একাংশ পদপথৰ বাসিন্দা, দিব্যাংগ ব্যক্তি, মানসিক বিকাৰগ্ৰস্ত লোকক দুপৰীয়াৰ এসাঁজ ভাত আগবঢ়াই মহানুভৱতাক পৰিচয় দাঙি ধৰা পৰিলক্ষিত হয় ।

৬২ সংখ্যক ওপজা দিন উদযাপন মহেন্দ্ৰ হাজৰিকাৰ (ETV Bharat Assam)

মৰমৰ কণ্ঠশিল্পীগৰাকীক 'সহায় অসম'ৰ ফালৰ পৰা এখন ফুলাম গামোচা আৰু জাপি, তিৱা যুৱ ছাত্ৰ পৰিষদৰ পৰা তিৱা গামোচা আৰু টাগালাৰ, প্ৰাক্তন ছাত্ৰ সন্মিলনৰ মৰিগাঁও জিলা সমিতিৰ পৰা গামোচা আৰু শুভেচ্ছা পত্ৰৰ লগতে গুণমুগ্ধসকলে ওপজা দিনৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰে ।

আনহাতে শিল্পীগৰাকীয়ে সংবাদ মাধ্যমক উদ্দেশ্যি কয়,"মই সংবাদকৰ্মীসকলক সদায় ভাল পাওঁ কাৰণ বুকুৰ খবৰবিলাক, মানুহৰ চেতনাৰ খবৰবিলাক, সমাজৰ চুকে কোণে বিয়পি থকা খবৰবিলাক কষ্ট কৰি কৰি সংবাদকৰ্মীসকলে-সংবাদৰ সাধকসকলে বিলাই দিয়ে । সংবাদ দিলেইতো সংবাদ নহয়, সংবাদৰ সাধনা থাকিব লাগিব, সংবাদৰ গতি থাকিব লাগিব, সংবাদৰ প্ৰগতি থাকিব লাগিব, চেতনা থাকিব লাগিব, গতিকে মই এইসকলক শ্ৰদ্ধা কৰি আহিছো আৰু এই দিনটোত সংবাদকৰ্মীসকলে মোক মৰম দিয়াৰ বাবে কৃতজ্ঞতা জনাইছো ।"

এনেদৰে আজি শিল্পীগৰাকীয়ে নিজৰ ওপজা দিনটো মৰিগাঁওবাসীৰ লগত উদযাপন কৰে । ইফালে মৰমৰ শিল্পীগৰাকীক কাষতে পাই আনন্দিত হৈ পৰে উপস্থিত গুণমুগ্ধসকল । শিল্পীগৰাকীয়েও গীত গাই নিজৰ বিশেষ দিনটো উদযাপন কৰে স্থানীয় লোকসকলৰ সৈতে ।

লগতে পঢ়ক: ‘মোক্ষ’, ৰবি শৰ্মা-শৰৎ ছাক্সেনাৰ যুটিয়ে দিব অনন্য সোৱাদ

বলীউডৰ দুৰ্দান্ত অভিনেতা শৰৎ ছাক্সেনা গুৱাহাটীত: দেখা যাব এখন নতুন অসমীয়া ছবিত

Last Updated : Nov 12, 2024, 8:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.