ETV Bharat / state

চুমী বৰা আৰু তাৰ্কিক বৰাৰ আত্মগোপন : কি ক'লে শিল্পী গীতালি দেৱীয়ে - Bishal Phukan Trading Scam

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 9:28 PM IST

Choreographer Sumi Borah: সঘনে স্থান সলাইছে বিয়াগোম অনলাইন ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা চুমী বৰা আৰু তাৰ্কিক বৰাই । কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ ঘৰত আশ্ৰয় লৈ গোপনে আঁতৰি যোৱা চুমী বৰা আৰু তাৰ্কিক বৰাৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে । ইয়াৰ মাজতে এই প্ৰসংগত নাম সাঙোৰ খাইছে জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীৰ । যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গীতালি দেৱীয়ে ।

Singer Gitali Devi react on Choreographer Sumi Bora issue
কি ক'লে শিল্পী গীতালি দেৱীয়ে (ETV Bharat Assam)

গুৱাহাটী,৪ ছেপ্টেম্বৰ: বিয়াগোম অনলাইন ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা চুমী বৰা আৰু তাৰ্কিক বৰা বৰ্তমান সময়টো পলাতক অৱস্থাত আছে । কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ ঘৰত আশ্ৰয় লৈ গোপনে আঁতৰি যোৱা চুমী বৰা আৰু তাৰ্কিক বৰাৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে । ইফালে দীক্ষু শৰ্মাৰ ঘৰৰ পৰা ওলাই যোৱাৰ ক্ষেত্রত চুমী বৰা আৰু তাৰ্কিক বৰাক সহায় কৰা বুলি নাম সাঙোৰ খাই পৰিছে কণ্ঠশিল্পী গীতালি দেৱীৰ ।

ঘটনাৰ লগত নামটো চৰ্চালৈ অহাৰ লগে লগে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে গীতালি দেৱীয়ে । চুমী বৰা আৰু তাৰ্কিক বৰাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই বুলি সদৰী কৰে গীতালি দেৱীয়ে । জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে কয়, "তেওঁলোকে ক'ত আছে মই একো না়জানো । যিটো নিউজ ওলাইছে তাত মই মোৰ নিজৰ কামত গৈছিলো । তাত এজন ভাইটি থাকে । এটা এপাৰ্টমেণ্টত এজনেই নাথাকে, বহুত মানুহ থাকে । মই গানৰ কামত গৈছিলো । সেই ভিজুৱেলখিনিয়ে দেখিছে ।"

লগতে তেওঁ কয়, "কোৱা হৈছে যে মই গাড়ী চলাই কাৰোবাক লৈ আহিছো । কিন্তু মই গাড়ী চলাবই নাজানো । আজিলৈ ষ্টিয়েৰিঙে ধৰি পোৱা নাই । মই আৰু মোৰ মানুহজন আছিলো । গানৰ কামত গৈছিলো । বাহিৰত আমি কথা পাতি আছিলো । মই এটাই স্পষ্টীকৰণ দি কওঁ যে মই নিজৰ কামত গৈছিলো । মোৰ কাৰো লগত সম্পৰ্ক নাই, তেনে ধৰণৰ মানুহখিনিৰ লগত । যেতিয়াই পাইছে কেৱল হাই-হেল্ল’। মোৰ দীক্ষু আৰু পৰিয়ালৰ লগত ঘৰুৱা এটা সম্পৰ্ক আছে । মোক যাৰ লগত সাঙোৰ খুৱাইছে, মই গাড়ীত উঠাই নি ক’ৰবাত থৈছো বুলি কৈছে, সেইটো একেবাৰেই মিছা ।"

ইয়াৰোপৰি গীতালি দেৱীয়ে কয়,"মোৰ চুমী বৰাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই । মই তেওঁলোক ক’ত আছে নাজানো । মোৰ নামটো এনেয়ে সাঙোৰ খুওৱাটো মই ভাল পোৱা নাই । মই বেয়া পাইছো । মই যিটো কাম কৰাই নাই তাত কিয় মোৰ সাঙুৰি লৈছে । মই কালি যোৱাটো সঁচা আৰু মই কামৰ কাৰণে গৈছিলো । মই কাকো ৰক্ষণাবেক্ষণ দিয়া নাই । মোৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই ।"

লক্ষণীয় বিষয় যে চুমী বৰা আৰু তাৰ্কিক বৰাক বিচাৰি অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে । ইফালে কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ ঘৰত প্ৰায় ৯ ঘণ্টা আত্মগোপন কৰি চুমী বৰা আৰু তাৰ্কিক বৰা গোপনে আঁতৰি যোৱা ঘটনা পোহৰলৈ অহাৰ পাছতে দীক্ষু শৰ্মাৰ ঘৰত উপস্থিত হয় নুনমাটি আৰক্ষীৰ এটা দল । চুমি বৰা আৰু তাৰ্কিক বৰাই আশ্ৰয় লোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দীক্ষু শৰ্মা আৰু তেওঁৰ পত্নী বিজিয়েতা পাটগিৰিক সোধা-পোছা কৰে ।

মহানগৰ আৰক্ষীয়ে সোধা-পোছা কৰি যোৱাৰ পাছত দীক্ষু শৰ্মাই কয়, "পুলিচে আহি আমাক সোধা-পোছা কৰিছে । চুমী ইয়াতে আছে নেকি চাইছে । সংবাদ মাধ্যমৰ ওচৰত কোৱা কথাখিনিয়ে আৰক্ষীকো কৈছো । প্ৰয়োজন হ’লে আৰক্ষীক তদন্তত সহযোগ কৰিম ।"

লগতে পঢ়ক: চুমীৰ 'ডেষ্টিনেশ্যন' ক’ত ? দীক্ষুৰ ঘৰত পুলিচ : নাম সাঙোৰ খাইছে বহু শিল্পীৰ - Bishal Phukan Trading Scam

বিশাল ফুকনক আদালতত হাজিৰ ডিব্ৰুগড় আৰক্ষীৰ - Bishal Phukan Trading Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.