ETV Bharat / state

কলঙে কাঢ়িছে নগাঁৱৰ আনন্দনগৰৰ আনন্দ - Massive Erosion - MASSIVE EROSION

Erosion in Assam: নগাঁৱৰ হৃদপিণ্ড স্বৰূপ কলং নৈ । এই কলং নৈক লৈ আছে নগাঁওবাসীৰ আৱেগ-অনুভূতি । এই কলং আছিল বহুতৰ বাবে সৃষ্টিৰ অন্যতম উৎস । কিন্তু এই কলঙক লৈ আজি শংকিত কলংপাৰৰ বহু পৰিয়াল। এই কলঙেই কাঢ়িছে নগাঁৱৰ আনন্দনগৰবাসীৰ আনন্দ, বোৱাইছে চকুলো । কিন্তু কিয় আজি এই কলঙক লৈ শংকিত হৈছে কলংপৰীয়া বহু পৰিয়াল ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Severe erosion of Kalang river in Nagaon, worried affected people
কলঙে কাঢ়িছে নগাঁৱৰ আনন্দনগৰৰ আনন্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 9:06 PM IST

নগাঁও,৯ আগষ্ট: নগাঁও চহৰৰ মাজেৰে পাৰ হৈ যোৱা কলং নৈৰ সৈতে জড়িত হৈ আছে নগাঁওবাসীৰ আৱেগ-অনুভূতি । ব্ৰহ্মপুত্ৰ নদীৰ উপ নৈ ২৫০ কিলোমিটাৰ দৈৰ্ঘৰ এই কলং নদীক লৈ সৃষ্টি হৈছে বহু সাহিত্য, কবিতাৰ । কবি দেৱকান্ত বৰুৱা, মহিম বৰাৰ দৰে বহু বিশিষ্ট সাহিত্যিকৰ কলমেৰে সৃষ্টি হৈছে বহু কবিতা, বহু সাহিত্যৰ । এসময়ৰ প্ৰৱাহমান কলঙেই নগাঁৱৰ অন্যতম চিনাকি হিচাপেও পৰিচিত ।

কলঙে কাঢ়িছে নগাঁৱৰ আনন্দনগৰৰ আনন্দ (ETV Bharat Assam)

কিন্তু এসময়ৰ বোৱতী কলং ক্ৰমাৎ স্তব্ধ হৈ পৰাত বিভিন্নজনৰ দাবীত কলং পুনৰ বোৱতী কৰাৰ প্ৰচেষ্টা হাতত লৈছিল বিগত বিজেপি চৰকাৰে । সেইমতে কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আগবঢ়াৰ সময়তেই কলঙক লৈ চিন্তিত হৈ পৰিছে বহু পৰিয়াল । এই কলঙে এতিয়া আনন্দ কাঢ়ি নিছে নগাঁৱৰ আনন্দনগৰৰ আনন্দ । কলঙৰ বাবেই এতিয়া আনন্দনগৰবাসীৰ চকুত চকুলো ।

কলঙে কেনেকৈ কাঢ়ি নিলে আনন্দনগৰবাসীৰ আনন্দ ?

হয়, কলং নদীয়েই যেন সকলো আনন্দ কাঢ়ি নিলে নগাঁৱৰ আনন্দনগৰবাসীৰ । আনন্দনগৰত এতিয়া নাই বিদ্যুৎ যোগান, বহুকেইটা পৰিয়াল আৱদ্ধ ঘৰৰ ভিতৰত । ওলাবলৈ নাই কোনো বাট-পথ । কাৰণ কলঙৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নগাঁও চহৰৰ সীমামূৰীয়া পলী ৰোড আনন্দনগৰত । ইতিমধ্যেই আনন্দনগৰৰ পথৰ এটা বৃহৎ অংশ পৰিছে কলঙৰ গৰাখহনীয়াৰ কৱলত ।

ঘৰৰ ভিতৰত পানী, বাহিৰত অব্যাহত খহনীয়া । বিদ্যুৎ খুঁটাও খহনীয়াত যাওঁ যাওঁ অৱস্থা । যাৰ ফলত এ পি ডি চি এল কৰ্তৃপক্ষই কৰ্তন কৰি ৰাখিছে বিদ্যুৎ সেৱা । তাৰ মাজতেই দিন অতিবাহিত কৰিছে কলংপাৰৰ আনন্দনগৰবাসীয়ে ।

কলঙক লৈ কিয় শংকিত বহু পৰিয়াল ?

বিগত প্ৰায় ৫০ বছৰ ধৰি পলীৰোডৰ এই আনন্দনগৰতেই বসবাস কৰি আহিছে অৰ্ধশতাধিক পৰিয়াল । পূৰ্বৰ বঢ়মপুৰ সমষ্টিৰ তথা সমষ্টি পুনৰনিৰ্ধাৰণৰ পাচত নগাঁও সদৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা এইসকল খিলঞ্জীয়া পৰিয়ালে এতিয়া তীব্ৰ শংকাত কটাইছে দিন ।

সম্প্ৰতি আনন্দনগৰত আৰম্ভ হোৱা কলঙৰ গৰাখহনীয়াই সৃষ্টি কৰা ভাবুকিত নিজৰ ভৱিষ্যতক লৈ অধিক শংকিত হৈ পৰিছে পৰিয়ালকেইটা । কাৰণ কলঙৰ গৰাখহনীয়াই একাধিক পৰিয়ালৰ ঘৰৰ ভেটিৰ কিছু কিছু অংশও খহাই নিবলৈ আৰম্ভ কৰিছে । যিকোনো মুহূৰ্ততেই পৰিয়ালকেইটাৰ ঘৰ উছন হোৱাৰ আশংকা কৰিছে আনন্দনগৰবাসীয়ে ।

কি অৱস্থাত আছে আনন্দনগৰবাসী
কলঙৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগতে আৰম্ভ হোৱা খহনীয়াই বাট-পথৰ কিছু কিছু অংশও প্ৰায় উছন কৰাৰ ফলত বহুকেইটা পৰিয়াল সম্প্ৰতি ঘৰৰ পৰা ওলাই যাব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে আনন্দনগৰত । আনকি পৰিয়ালকেইটাৰ ছাত্ৰ-ছাত্ৰীও বিদ্যালয়লৈ যাব নোৱৰাত ঘৰতেই বহি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । কেৱল এয়াই নহয়, জৰুৰী অৱস্থাত কোনো ৰোগাক্ৰান্ত হ'লেও তৎকালে চিকিৎসালয়লৈ লৈ যাব নোৱৰা অৱস্থাও বিৰাজ কৰিছে আনন্দনগৰত । এইদৰে অঞ্চলটোত খহনীয়া অব্যাহত থাকিলে অনাগত সময়ত কলঙৰ বুকুতে আনন্দনগৰ নিঃচিহ্ন হৈ পৰাৰ আশংকাও কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক: গোলাঘাটত বান বিভীষিকা : চৌদিশে বৰ্নাত্যৰ আৰ্তনাদ - Assam Flood 2024

লুইতৰ ভয়ংকৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ নেদেখাজনক প্ৰাৰ্থনা - Massive Erosion

তীব্ৰ সংকটত স'ৰাগুৰি চাপৰিৰ ৫০০ পৰিয়াল - Ajan Peer Dargah

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.