ETV Bharat / state

সেউজী পাম: য’ৰ পৰা প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি কৰা হৈছিল কাজি নেমু

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 3:41 PM IST

Kaji Nemu: কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰাত আনন্দিত সেউজী পামৰ খেতিয়কসকল ৷ সেউজী পামৰ পৰাই প্ৰথমবাৰ লণ্ডনলৈ ৰপ্তানি কৰিছিল কাজি নেমু ৷ উচিত মূল্যও নিৰ্ধাৰণ কৰি দিবলৈ আহ্বান চৰকাৰলৈ ৷

Kaji Nemu
সেউজী পাম
জগত বিখ্যাত সেউজী পামৰ কৃষকৰ কথা

তিনিচুকীয়া, ১৬ ফেব্ৰুৱাৰী : কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে । তাৰ পূৰ্বে ২০১৯ চনতেই তিনিচুকীয়া জিলাৰ পৰা কাজি নেমুৱে লাভ কৰিছিল GI টেগ ৷ GI টেগ লাভ কৰাৰ পিচতো কাজি নেমুৰ খেতিয়কসকল বিশেষ একো লাভাম্বিত হোৱা নাছিল আৰু এতিয়াও জাতীয় ফল হিচাপে ঘোষণা কৰাত যে লাভাম্বিত হ’ব সেয়া নিশ্চিত হ’ব পৰা নাই খেতিয়কসকল ৷

তিনিচুকীয়া জিলাৰ ধলাৰ ছৈখোৱাত স্থানীয় মানিক মৰাণ, বিপুল চন্দ্ৰ মৰাণ, বিনোদ মৰাণ আৰু বিশ্বজিৎ মৰাণ একত্ৰিত হৈ ২০১৫ চনৰ পৰা ‘সেউজী পাম’ নামেৰে আৰম্ভ কৰে কাজি নেমুৰ খেতি কৰিবলৈ ৷ প্ৰথম অৱস্থাত দুই-এবিঘা মাটিত কাজি নেমুৰ খেতি কৰিছিল যদিও এতিয়া বাঢ়ি বাঢ়ি ২৫ বিঘাকৈ মাটিত গুটি নথকা কাজি নেমুৰ (Sidles Assam Lemon) খেতি কৰি আছে ৷

উল্লেখ্য যে ছৈখোৱাৰ এই সেউজী পামৰ পৰাই কৃষকসকলে অসমৰ পৰা পোন প্ৰথমবাৰৰ বাবে লণ্ডনলৈ কাজি নেমু ৰপ্তানি কৰিছিল ৷ বৰ্তমান বিদেশলৈ এই কাজি নেমু ৰপ্তানি কৰা নাই যদিও দেশৰ বিভিন্ন প্ৰান্তলৈ এই পামত উৎপাদন হোৱা কাজিনেমু ৰপ্তানি কৰি থকা হৈছে । লণ্ডনলৈ অসমৰ পৰা প্ৰথম কাজি নেমু ৰপ্তানি কৰা পাম হিচাপে ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই ২০২১ চনত এই পামখনত উপস্থিত হৈ পৰিদৰ্শন কৰি গৈছিল ।

পৰিদৰ্শন কৰি কৃষকসকলৰ অভাৱ অভিযোগসমূহ বুজ লৈ গৈছিল যদিও কিন্তু পূৰণ নকৰিলে একো অভাৱ-অভিযোগ । কৃষকসকলে কৃষিমন্ত্ৰীগৰাকীক কাজি নেমু সংৰক্ষণ কৰিবৰ বাবে ব্যৱস্থা কৰাৰ আহ্বান জনাইছিল, যিহেতু কাজি নেমুৰ ছিজনত এটা কাজিনেমুৰ মূল্য প্ৰায় ২০-৫০ পইচা হৈ যায় যদিও বহুত নষ্ট হয় ।

গতিকে সেই সময়ত সংৰক্ষণ কৰাৰ বহু প্ৰয়োজন হৈ পৰে, অন্যথা কৃষকে কপালৰ ঘাম মাটিত পেলায়ো নাপায় উচিত মূল্য । এতিয়া কাজি নেমুক জাতীয় ফল ঘোষণা কৰাৰ লগে লগে সেউজী পামৰ খেতিয়কসকল উৎফুল্লিত হৈ পৰিছে আৰু অতি সোনকালে কাজি নেমুৰ উচিত মূল্য নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছে ৷ কাজি নেমু অতি কম খৰচত কৰিব পৰা এবিধ অতি লাভৱান খেতি বুলি খেতিয়কসকলে সদৰী কৰিছে ৷

উল্লেখ্য যে বিঘাত ৮০ টাকৈ কাজি নেমুৰ পুলি ৰোপন কৰিব পাৰি ৷ এটা পুলিত ২০ টকাকৈ বিঘাত ১৬০০ টকা পুলিৰ বাবদ খৰচ হয় আৰু পৰৱৰ্তী সময়ত এবিঘাত ৩০-৩৫ হাজাৰ কাজিনেমু লাভ কৰিব পাৰি । কাজি নেমু এনে এটা খেতি যি খেতিৰ জৰিয়তে বছৰৰ ১২ মাহেই উপাৰ্জন কৰিব পাৰি ৷ গতিকে এই খেতিক চৰকাৰে অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ৷

লগতে পঢ়ক: হঠাৎ যেন কদৰ বাঢ়িছে কাজিনেমুৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.