ETV Bharat / state

শাওতলী চাহ বাগিচাৰ পৰিচালকৰ বিৰুদ্ধে অবৈধভাৱে ভূমি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ - Illegal land sale - ILLEGAL LAND SALE

Illegal land sale : চাহ বাগিচাৰ ভূমি অবৈধভাৱে বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ চাহ বাগিচাখনৰ পৰিচালকে বাগিচাৰ মাটি দহ লাখ টকাত বিক্ৰী কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

Illegal land sale
শাওঁতলী চাহ বাগিচাৰ পৰিচালকৰ বিৰুদ্ধে অবৈধভাৱে ভূমি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 9:46 PM IST

শাওঁতলী চাহ বাগিচাৰ পৰিচালকৰ বিৰুদ্ধে অবৈধভাৱে ভূমি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ (ETV BHARAT ASSAM)

গোলাঘাট, 9 মে’ : গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত শাওতলী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । শাওতলী বাগিচাৰ মাটি দহ লাখ টকাত বিক্ৰী কৰাক লৈ পৰিচালকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজ তথা আটছাৰ । প্ৰতিবাদকাৰী ৰাইজে জানিবলৈ দিয়া অনুসৰি, বাগিচাখনৰ পৰিচালকগৰাকীয়ে এক বিঘাতকৈও অধিক মাটি গোপাল বৰা নামৰ এজন লোকক গোপনে বিক্ৰী কৰিছে । বাগিচাৰ সকলো নীতি-নিয়ম উলংঘা কৰি এনেদৰে বাগিচাৰ ভূমি বিক্ৰী কৰাক লৈ সৰৱ হৈ পৰিছে শাওতলী বাগিচাৰ শ্ৰমিক ৰাইজ ।

তাৰ পিচতে বৃহস্পতিবাৰে বাগিচাখনৰ ৰাইজে একত্ৰিত হৈ মাটি বিক্ৰীৰ বিৰুদ্ধে সৰৱ হৈ ওলাই আহে । শাওতলী বাগিচাৰ পৰিচালক হৃদয়ন বৰঠাকুৰৰ এই মইমতালিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিক ৰাইজ তথা আটছাৰ নেতাই ।

উল্লেখ্য যে, যোৱা শ শ বছৰ ধৰি বাগিচাত কাম কৰা শ্ৰমিকসকলে আজি পৰ্যন্ত নিজৰ নামত এটা ঘৰ নিৰ্মাণ কৰিবলৈ বাগিচা কৰ্তৃপক্ষৰ পৰা অনুমতি পাবলৈ সক্ষম হোৱা নাই তেনে ক্ষেত্ৰত কেনেদৰে এজন ব্যক্তিক বাগিচাৰ ভূমি বিক্ৰী কৰিবলৈ সক্ষম হৈছে সেয়া ৰহস্যজনক বুলি উল্লেখ কৰে আটছাই ।

আনহাতে যদি এজন ব্যক্তিক চাহ বাগিচাৰ ভূমি বিক্ৰী কৰাৰ প্ৰমাণপত্ৰ দিয়ে তেনেহলে চাহ বাগিচাত শ শ বছৰ ধৰি কাম কৰা শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়ক বুলি দাবী উত্থাপন কৰে আটছাই ।

লক্ষণীয় যে, সময় সময়ে ৰাজ্যৰ চাহ শ্ৰমিকসকলে তেওঁলোকৰ ভিন্ন সমস্যাৰ কথা উল্লেখ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ তাৰ পিচতো আজিও কোনোধৰণৰ ফল নধৰিল এনে প্ৰতিবাদৰ ৷ পৰৱৰ্তী সময়ত এই সমস্যাই সমাধান হ’বনে নাই সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: চাংচোৱা চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শ্ৰমিক দিৱস উদযাপন - Labour Day 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.