ETV Bharat / state

মহিলাসহ গ্ৰেপ্তাৰ চাৰি : ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ হত্যাকাণ্ডৰ নতুন মোৰ - Sensational murder in Guwahati

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 10:02 PM IST

Mysterious Murder Case: ৮ জুলাইৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল এজন ট্রেন্সপ'র্ট এজেন্ট । তিনিদিন পিচত উদ্ধাৰ হয় ট্রেন্সপ'র্ট এজেন্টজনৰ মৃতদেহ । কোনে হত্য়া কৰিলে এজেন্টজনক ?

Mysterious Murder Case
অপৰাধীৰ ৰম্য়ভূমিলৈ পৰ্যবসিত মহানগৰী (ETV BHARAT ASSAM)

গুৱাহাটী, ১২ জুলাই: অপৰাধীৰ ৰম্য়ভূমিলৈ পৰ্যবসিত হৈছে গুৱাহাটী মহানগৰী । নিতৌ সংঘটিত হ'বলৈ ধৰিছে হত্যাকাণ্ড । নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ পিচতো অপৰাধীয়ে নিৰ্বিঘ্নে সংঘটিত কৰিছে এটাৰ পিচত আন এটা অপৰাধ । ইয়াৰ মাজতেই যোৱা ৮ জুলাইৰ নিশাৰে পৰা সন্ধানহীন হৈ থকা ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা (৩৪) নামৰ ট্রেন্সপ'র্ট এজেন্টজনৰ মৃতদেহ তিনিদিন পিচত উদ্ধাৰ হয় । মৃতদেহ উদ্ধাৰৰ পিচতেই ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই মহিলাসহ চাৰিগৰাকী অভিযুক্তক । এই চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ঘটনাই লৈছে নতুন মোৰ ।

পৰকীয়া প্ৰেমৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । ইপিনে, মৃতদেহৰ কাষত উদ্ধাৰ হোৱা মোবাইল ফোনটো ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ নহয় বুলি আৰক্ষী নিশ্চিত হোৱাৰ পিচত মোবাইলটো হত্যাকাৰীয়ে পেলাই যোৱাৰ সন্দেহ কৰিছে । আনহাতে, ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ মোবাইলটো কোনো লোকে ব্যৱহাৰ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মালিগাঁৱৰ বস্তি এলেকাৰ এটা কোঠাত বস্তাৰ ভিতৰত উদ্ধাৰ হৈছিল ৰে'লৱেত সামগ্ৰী সৰবৰাহ কৰা উত্তৰ প্ৰদেশৰ ট্রেন্সপ'ৰ্ট এজেণ্ট ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ অর্ধগলিত মৃতদেহ । ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা নামৰ ট্রেন্সপ'ৰ্ট এজেন্টজন যোৱা ৮ জুলাইৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল । ইয়াৰ পিচত নিশা ১১ বজাৰ পৰা ট্রেন্সপর্ট এজেন্টজনক তেওঁৰ পৰিয়াল তথা সতীর্থসকলে যোগাযোগ কৰিব পৰা নাছিল । ইয়াৰ মাজতে বৃহস্পতিবাৰে মালিগাঁৱৰ বিশাল হাউছিং কমপ্লেক্সৰ পিচফালৰ এটা কোঠাৰ পৰা দুর্গন্ধ বিয়পাত স্থানীয় লোকে বিষয়টো আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে দুপৰীয়া মালিগাঁৱৰ বিশাল হাউছিং কমপ্লেক্সৰ পিচফালৰ কোঠাটোত বস্তাৰ ভিতৰত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্রেৰণ কৰে ।

জি এম চি এইচত পল্টনবজাৰ স্টেচনৰ ট্রেন্সপ'ৰ্ট এজেন্ট তথা আত্মীয়ই মৃতদেহটো ৰঘুবেন্দ্র কুমাৰ গুপ্তাৰ বুলি চিনাক্ত কৰে । গুৱাহাটীৰ চ'লাপাৰাত ভাৰাতীয়া হিচাপে থকা ৰঘুবেন্দ্রক নৃশংসভাৱে হত্যা কৰা হৈছে । মৃতদেহটোৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ লগতে এটাও দাঁত নথকালৈ চাই হত্যাকাৰীয়ে তেওঁৰ মুখত গধুৰ সামগ্রীৰে আঘাত কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

ইপিনে, পল্টনবজাৰ ৰে'লৱে ষ্টেচনৰ পৰা তেওঁ সেইদিনা মালিগাঁৱৰ কামাখ্যা ৰে'লৱে ষ্টেচনলৈ গৈ ষ্টেচনত কোনোবা এজন লোকৰ সৈতে কথা পাতি থকাটো পার্কিঙৰ চিচি টিভি কেমেৰাত ধৰা পৰিছে । বিগত প্রায় ১০ বছৰ ধৰি পল্টনবজাৰৰ ৰে'ল ষ্টেচনত ট্রেন্সপ'র্ট এজেন্ট হিচাপে কাম কৰা ৰঘুবেন্দ্র কুমাৰ গুপ্তাই কামাখ্যা ষ্টেচনলৈ ব্যৱসায়িক কাৰণত অহা-যোৱা কৰিছিল ।

লগতে পঢ়ক:মাতৃৰ পৰকীয়া প্ৰেমৰ কুফল ভোগ কৰাৰ দিশে দুটি শিশু - CRPF jawan murder

মঠঘৰীয়াৰ বড়ো চকৰ পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ - Mysterious Murder Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.