ETV Bharat / state

সংগঠনৰ স্বাৰ্থত অব্যাহতি লওক শংকৰজ্য়োতি বৰুৱাই: আছুৰ শীৰ্ষ নেতৃত্বৰ পৰামৰ্শ - Sankor Jyoti Baruah in controversy

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 6:23 PM IST

AASU GS Sankor Jyoti Baruah: এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাই থকাৰ পিছত প্ৰতাৰণা কৰাৰ অভিযোগত চৰ্চালৈ আহিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্য়োতি বৰুৱা ৷ আছুৰ স্থিতিক লৈও প্ৰশ্ন তুলিছে বহুতেই ৷ অৱশেষত আছুৰ শীৰ্ষ নেতৃত্বই শংকৰজ্যোতি বৰুৱাক দিলে অব্যাহতিৰ পৰামৰ্শ ৷

AASU GS Sankor Jyoti Baruah
শংকৰজ্যোতি বৰুৱা (Sankor Jyoti Baruah FB page)

গুৱাহাটী, ১০ ছেপ্টেম্বৰ: অৱশেষত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা শংকৰজ্যোতি বৰুৱাক অব্যাহতি ল'বলৈ পৰামৰ্শ দিছে সংগঠনটোৰ সভাপতি আৰু মুখ্য উপদেষ্টাই । শংকজ্যোতি বৰুৱাৰ বিতৰ্কক লৈ গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ন্যাসত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেলত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ঘোষণা কৰে যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ দিয়া হৈছে শংকৰজ্যোতি বৰুৱাক ৷

আছুৰ শীৰ্ষ নেতৃত্বৰ সংবাদমেল (ETV Bharat)

উল্লেখ্য যে, এগৰাকী যুৱতী ছাত্ৰীৰ সৈতে প্ৰেম-বিচ্ছেদ-প্ৰতাৰণাৰ এক বিতৰ্কত সাঙোৰ খাই পৰিছে শংকৰজ্যোতি বৰুৱা । আনকি যুৱতীগৰাকীয়ে কেতবোৰ বিস্ফোৰক অভিযোগ ৰাজহুৱাভাৱে উত্থাপন কৰাৰ লগতে আৰক্ষীৰ ওচৰত গোচৰো ৰুজু কৰিছিল ৷ যাৰ বাবে ন্যায়ালয়ৰ পৰা আগতীয়া জামিনো ল’বলগীয়া হৈছে অসমৰ অগ্ৰণী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজনে । যোৱা কেইবাদিনো ধৰি সমগ্ৰ ৰাজ্যজুৰি এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ লগত ছাত্ৰ সংগঠনকটোৰ স্থিতিক লৈ প্ৰশ্নও উত্থাপন হৈ আহিছে ৷

শংকৰজ্যোতি বৰুৱাক অব্যাহতিৰ পৰামৰ্শৰ কথা সদৰী কৰি মুখ্য উপদেষ্টা ড৹ সমু্জ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমক জনাই, “সদৌ অসম ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি আৰু সাংগঠনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক অব্যাহতি ল’বলৈ, ছুটীত থাকিবলৈ আমি পৰামৰ্শ দিছো । আমি আশাবাদী তেওঁ আমাৰ কথাবোৰ মানি ল’ব ।”

সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টাগৰাকীয়ে লগতে সদৰী কৰে, “সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে ই সমগ্ৰ অসমতে ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তাৰ বাবে কালি সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, সভাপতি উৎপল শৰ্মা আৰু মই আলোচনাত মিলিত হৈছিলো । গুৰুত্বসহকাৰে কথা পাতি আমি তেওঁক সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি আৰু ছুটী ল’বলৈ পৰামৰ্শ দিছিলো । আমি আাশা কৰিছো তেখেতে আমাৰ পৰামৰ্শৰ প্ৰতি ইতিবাচক সঁহাৰি জনাব ৷ অতি শীঘ্ৰেই এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব ৷”

ইফালে আছুৰ সভাপতি উৎপল শৰ্মাই কয়, ‘‘ব্যক্তিতকৈ সংগঠন আৰু সংগঠনতকৈ সমাজ সদায় ওপৰত ৷ আছুৰ সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে, তাৰ পৰিপ্ৰেক্ষিতত সংগঠনৰ স্থিতিৰ প্ৰতি বহুতেই প্ৰশ্ন উত্থাপন কৰিছে ৷ সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজহুৱাভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰালৈকে আমি একপক্ষীয়ভাৱে সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছিলো ৷ তেওঁ সংবাদ মাধ্যমৰ সমুখত যি বক্তব্য আগবঢ়াইছে আমাৰ আগতো একেখিনি কথাই কৈছে ৷ সেয়ে সংগঠনৰ ভাৱমূৰ্তিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ অব্যাহতি লোৱাৰ পৰামৰ্শ দিয়া হৈছে ৷’’

উল্লেখ্য যে উত্থাপিত অভিযোগ সন্দৰ্ভত সোমবাৰে সংবাদ মাধ্যমৰ আগত প্ৰথমবাৰলৈ মন্তব্য আগবঢ়াইছিল আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ ছাত্ৰীগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ সন্দৰ্ভত তেওঁ কয় যে প্ৰেমৰ সম্পৰ্ক আছিল দুয়োৰে মাজত ৷ কিন্তু কোনো ব্যক্তিগত কথাৰ বাবে দুয়োৰে মাজত বিচ্ছেদ হয় আৰু যোৱা প্ৰায় ছমাহ ধৰি কোনো ধৰণৰ যোগাযোগ নাছিল তেওঁলোকৰ ৷ কিন্তু ছাত্ৰীগৰাকীয়ে যি পিষ্টল দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ আনিছে সেয়া সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে শংকৰজ্যোতি বৰুৱাই ৷ সকলো কথা আদালতে বিচাৰ কৰিব বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক: প্ৰেমৰ সম্পৰ্ক থকাটো স্বীকাৰ কৰিছো, যুৱতীগৰাকীৰ স্বাস্থ্যক লৈও ময়ো চিন্তিত : শংকৰজ্যোতি বৰুৱা - Sankor Jyoti Baruah

প্ৰেমৰ সম্পৰ্ক ৰাখি প্ৰতাৰণা কৰাৰ অভিযোগ শীৰ্ষ ছাত্ৰনেতাৰ বিৰুদ্ধে - Allegation Against AASU Leader

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.