ETV Bharat / state

কৃত্ৰিম বুদ্ধিমত্তা-ৰব'টিক্স বিষয়ত অধ্য়য়নৰ পোষকতা - Seminar on artificial intelligence

DIET KAMRUP : কামৰূপ জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানত বুদ্ধিমত্তা আৰু ৰব'টিক্স বিষয় সন্দৰ্ভত আলোচনা চক্ৰ সম্পন্ন । ২৭৪ খন বিদ্যালয়ৰ প্ৰধান সকলক লৈ জিলা পৰ্যায়ৰ আলোচনা চক্ৰত কেইবাগৰাকী শিক্ষাবিদে বক্তব্য় আগবঢ়ায় ।

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:48 PM IST

Artificial intelligence seminar
কামৰূপ জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান (ETV BHARAT ASSAM)

মিৰ্জা, ১০ মে': দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানত কামৰূপৰ জিলাৰ অধিবিদ্যা পৰিষদ আৰু সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত জিলা পৰ্যায়ৰ এখন আলোচনা চক্ৰ শুকুৰবাৰে অনুষ্ঠিত হয় ।

"মাধ্যমিক শ্ৰেণীত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব'টিক্স বিষয়ৰ অন্তৰ্ভুক্তিয়ে ছাত্ৰ-ছাত্ৰীক বিশ্বায়নৰ যুগত বৰ্হিবিশ্বৰ লগত সম্পৰ্ক স্থাপনত কৰিব" শীৰ্ষক আলোচনা চক্ৰখনত কেইবাগৰাকী শিক্ষাবিদৰ লগতে বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰি এই সন্দৰ্ভত ব্য়াখ্য় কৰে ।

কামৰূপ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২৭৪ খন স্কুলৰ বিদ্যালয় প্ৰধানসকলক লৈ জিলা পৰ্যায়ৰ এই কৰ্মশালা তথা আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চায়েন্সৰ মুৰব্বী অধ্য়াপক ড৹ হিতেন চৌধুৰী, শিক্ষক বৰপেটা জিলা আৰু এপ উদ্ভাৱন কৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দুৰ্বলতা উলিয়াই শিক্ষণ ফলাফল আয়ত্ব কৰাত সহায় কৰি অহা শিক্ষক প্ৰসেনজিত শৰ্মাই এই সন্দৰ্ভত ব্য়াখ্য়া কৰি কয় যে, এতিয়া আমি পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খোজ মিলাবলৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব'টিক্স বিষয়ত অধ্য়য়ন কৰাৰ প্ৰয়োজন আছে ।

"মাধ্যমিক শ্ৰেণীত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব'টিক্স বিষয়ৰ অন্তৰ্ভুক্তিয়ে ছাত্ৰ -ছাত্ৰীক বিশ্বায়নৰ যুগত বৰ্হিবিশ্বৰ লগত সম্পৰ্ক স্থাপনত কৰিব" শীৰ্ষক আলোচনা চক্ৰখনত আদৰণি ভাষণ তথা কৰ্মশালাৰ উদ্দেশ্য বাখ্যা কৰে কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তপন কুমাৰ কলিতাই ।

উক্ত আলোচনা চক্ৰত বক্তব্য আগবঢ়ায় কামৰূপ ডায়েটৰ অধ্য়ক্ষা ড৹পংকজা বৰুৱাই । সমগ্ৰ শিক্ষা কামৰূপৰ জিলা আঁচনি বিষয়া ছুইটি বেজবৰুৱাই আঁত ধৰে এই আলোচনা চক্ৰৰ । আলোচনা চক্ৰত সমগ্ৰ শিক্ষা কামৰূপৰ আঁচনি বিষয়া আৰু খণ্ডৰ সমল ব্যক্তিসকলে NAS 2024 আৰু গুণোৎসৱ ২০২৫ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে ।

লগতে পঢ়ক:কিছুমান মানুহৰ স্মৃতিয়ে জীৱনক জীপাল কৰি ৰাখে: ড৹ হিতেশ ডেকা

ধৰ্মই কেতিয়াও জাতি নবচায়, জাতি বচায় মাতৃভাষাইহে: মনোজ কুমাৰ গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.