ETV Bharat / state

টিংখাঙৰ বাগানত বনুৱাৰ মনৰ খবৰ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে - সৰ্বানন্দ সোণোৱাল

Gaon Chalo Abhiyan: বাগানৰ বনুৱাৰ খবৰ ল’বলৈ টিংখাঙত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নিশা বাগানতে কটাই বিজেপিৰ দিনত হোৱা উন্নয়ন স্বচক্ষে প্ৰত্যক্ষ কৰিব সোণোৱালে ৷

Sarbananda Sonowal
Gaon Chalo Abhiyan
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 10:12 PM IST

বাগানত বনুৱাৰ মনৰ খবৰ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

মৰাণ, 13 ফেব্ৰুৱাৰী: সমাগত লোকসভা নিবাৰ্চনক লৈ অধিক তৎপৰ হৈছে শাসকীয় দল বিজেপি । বিৰোধী ৰাজনৈতিক দল সমূহে প্ৰাৰ্থিত্বকেন্দ্ৰিক বিৰ্তকত ব্যস্ত থকা সময়ত ৰাইজৰ ঘৰে ঘৰে গৈছে বিজেপিৰ নেতা-কৰ্মীসকল । আগন্তুক লোকসভা নিবাৰ্চনৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে ‘গাঁও চলো’ অভিযান ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই অভিযানত অংশ লৈ মঙলবাৰে সন্ধিয়া টিংখাঙত উপস্থিত হয় ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ দেশতে আৰম্ভ কৰা "গাঁও চলো অভিযান" সফল কৰি তুলিবলৈ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিৰাই চাহ বাগিচাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

গাঁও চলো অভিযানত অংশগ্ৰহণ কৰি চাহ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰে সৰ্বানন্দ সোণোৱালে । সোণোৱালে বাগানৰ শিশুসকলৰ লগতে বিভিন্নজনৰ সৈতে বাৰ্তালাপ কৰি, তেওঁলোকৰ সমস্যাৰ বুজ লোৱা দেখা যায় ৷ টিংখাঙৰ ডিৰাই চাহ বাগিচাৰ "মাজ লাইনত" নিশাটো পাৰ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে সৰ্বানন্দ সোণোৱালে ।

তেওঁ কয় যে কংগ্ৰেছে ৬০ বছৰে চাহ শ্ৰমিকসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল । কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে যি বিলাক আঁচনি হাতত ল'লে তাৰ পৰা চাহ শ্ৰমিক সকল যথেষ্ট উপকৃত হৈছে । বিজেপি চৰকাৰৰ দিনত চাহ বনুৱাসকলে এক সন্মানৰ জীৱন লাভ কৰা বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

উল্লেখ্য যে জিলাই জিলাই বিজেপিয়ে আৰম্ভ কৰা এই অনুষ্ঠানৰ অংশ হিচাপে 14 ফেব্ৰুৱাৰীত সৰুপথাৰত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক: কংগ্ৰেছ দলৰ বিৰুদ্ধে ষড়যন্ত্র কৰাসকলৰ ভিতৰত অন্যতম হিমন্ত বিশ্ব শৰ্মা: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.