ETV Bharat / state

কা সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে - CITIZENSHIP AMENDMENT ACT

Sarbananda Sonowal on CAA : কা সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কা বিৰোধিতাৰে দল-সংগঠনে আদালতত দ্বাৰস্থ হোৱা কাৰ্যক আদৰণি জনায় সৰ্বানন্দ সোণোৱালে ৷

Sarbananda Sonowal on CAA
কা সন্দৰ্ভত প্ৰথবাৰলৈ মুখ খুলিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 8:21 AM IST

কা সন্দৰ্ভত প্ৰথবাৰলৈ মুখ খুলিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ডিব্ৰুগড়, 28 মাৰ্চ : নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা-খনকলৈ দীৰ্ঘদিনে মৌনতা অৱলম্বন কৰি আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ফলত কা সন্দৰ্ভত তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগা হৈছে সৰ্বানন্দ সোণোৱাল ।

কা বিৰোধিতা কৰিব নোৱাৰাটো সৰ্বানন্দ সোণোৱালৰ ডাঙৰ ব্যৰ্থতা বুলি বিভিন্ন সময়ত দল-সংগঠন আৰু বিৰোধী ৰাজনৈতিক দলসমূহে সমালোচনা‌ কৰি আহিছে । কিন্তু বুধবাৰে বিয়লি টিংখাঙৰ এখন নিৰ্বাচনী সভাত অংশ লৈ কা সন্দৰ্ভত প্ৰথবাৰলৈ মুখ খুলিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

সোণোৱালে কয়, ‘‘কা এখন সৰ্বভাৰতীয় আইন । কা-ক লৈ কাৰোবাৰ আপত্তি থাকিলে আদালতলৈ যাব পাৰে । কা-ৰ বিৰোধিতাৰে ইতিমধ্যে বহু দল-সংগঠন‌ আদালতৰ দ্বাৰস্থ হৈছে, তাক আমি আদৰণি জনাইছো । ইয়াৰ পাচত আদালতে যি সিদ্ধান্ত দিয়ে তাক আমি আদৰণি জনাম । যিসকলে কা সন্দৰ্ভত অপপ্ৰচাৰ চলাই আছে, সেই লোকসকলে সময়ত জবাব দিব লাগিব’’ ।

লগতে পঢ়ক : চিএএৰ অধিসূচনাক লৈ আমেৰিকাৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগৰ উদ্বেগ প্ৰকাশ - USCIRF on CAA implementation

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি নাগৰিকত্ব সংশোধনী আইন (কা) বলৱৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে । সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নহ'ব বুলি ।

  • " class="align-text-top noRightClick twitterSection" data="">

সকলো ধৰ্ণা-প্ৰতিবাদক গুৰুত্বহীন কৰি দেশজুৰি 'কা' বলৱৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে । 'কা' গৃহিত হোৱাৰ পাচতো ৰাজ্যত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰ আহিছে বিভিন্ন দল-সংগঠনসমূহে । কিন্তু বুধবাৰে কা সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলি নিজৰ স্থিতি স্পষ্ট কৰিলে একালৰ আছুৰ সদস্য তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক : আন্দোলন কৰিলে মানুহ মৰে ! জুবিনৰ কথা মানি ল'ব পৰা নাই ড৹ গোঁহায়ে - Hiren Gohain slams BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.