ETV Bharat / state

খহনীয়াত বিধস্ত অঞ্চলৰ পৰা নীটত সাফল্য় অৰ্জন কৰা আমিৰুল ইছলামক সম্বৰ্ধনা - NEET Exam Results 2024 - NEET EXAM RESULTS 2024

NEET Exam Results:ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাত উজলিল বৰপেটাৰ পশ্চিম মইনবড়ি গাঁৱৰ আমিৰুল ইছলাম । তেওঁ এই পৰীক্ষাত ৬৬৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

NEET Exam Results
ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাত উজ্বলিল আমিৰুল ইছলাম (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 9:32 PM IST

জনীয়া, ৭ জুন: সদ্যঘোষিত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নীট)ত উজলিল বৰপেটা জিলাৰ পশ্চিম মইনবড়ি গাঁৱৰ এটা অতি দুখীয়া পৰিয়ালৰ সন্তান । গৰাখহনীয়াত বিধ্বস্ত তথা ভেঞ্চাৰ বিদ্য়ালয়ৰ শিক্ষকৰ পুত্ৰ আমিৰুল ইছলামে এইবাৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নীট)ত ৬৬৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । পশ্চিম মইনবড়ি গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান আমিৰুল ইছলামৰ সাফল্য়ত আনন্দিত হৈ পৰিছে গাঁওবাসী । শুক্ৰবাৰে শংকৰ-আজান একাডেমীৰ শিক্ষকসকলে আমিৰুল ইছলামক সম্বৰ্ধনা জ্ঞাপন কৰে ।

ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাত উজলিল আমিৰুল ইছলাম (ETV BHARAT ASSAM)

জিলাখনৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম মইনবড়ি গাঁৱৰ বেঁকী নদীৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱা তথা ভেঞ্চাৰ বিদ্য়ালয়ৰ শিক্ষক আব্দুল আউয়ালৰ পুত্ৰ আমিৰুল ইছলামে আজমল ছুপাৰ ৪০ৰ পৰা সদ্য ঘোষিত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নীট)ত ৬৬৫ নম্বৰ লাভ কৰি সুখ্য়াতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । বান-গৰাখহনীয়া আৰু দৰিদ্ৰতাই জুৰুলা কৰা মেধাৱী ছাত্রজনৰ পিতৃয়ে অতি কষ্টৰ মাজেৰে পুত্ৰই ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নীট)ত উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে ।

আমিৰুল ইছলামে ভৱিষ্য়তে এগৰাকী সফল চিকিৎসক হৈ অতিকৈ পিচপৰা অঞ্চলটোতেই ৰাইজক চিকিৎসা সেৱা আগবঢ়াব বুলি মন্তব্য় কৰিছে । তেওঁৰ এই সাফল্য়ৰ বাবে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ আন সদস্য়কো কৃতিত্ব প্ৰদান কৰিছে ।

ইপিনে, শুক্ৰবাৰে মইনবড়িস্থিত শংকৰ আজান একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্রজনৰ ঘৰত উপস্থিত হৈ ছাত্রজনৰ লগতে পিতৃ-মাতৃক সম্বৰ্ধনা জ্ঞাপন কৰে । চিকিৎসক হোৱাৰ সপোন দেখা দৰিদ্ৰ ছাত্ৰজনৰ আৰ্থিক সমস্য়াই গা কৰি উঠা বাবে তেওঁক সহায় কৰিবলৈ স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদক অনুৰোধ জনাইছে পিতৃ-মাতৃৰ লগতে গাওঁবাসীয়ে ।

লগতে পঢ়ক:নীট পৰীক্ষাৰ ফলাফল ঘোষণা : সাধাৰণ পৰীক্ষাৰ্থীৰ কাট অব ২৭ পইণ্টলৈ বৃদ্ধি - Nta Released Result Of Neet Ug 2024

NEET পৰীক্ষাত জিলিকিল বাইহাটাৰ আৰিফ, লাভ কৰিলে 700 নম্বৰ - NEET Exam Results 2024

কিছুমান বিষয় ৰাজনীতিৰ উৰ্ধত: বহুতৰ বাবে আজি আজমল বিজয়ী - Neet ২০২৪ Results

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.