শিলচৰ, ১৫ জুন : ২০২৪ বৰ্ষৰ যুৱ সাহিত্য অকাদেমি বঁটা শনিবাৰে ঘোষণা কৰা হৈছে । এইবাৰ বাংলা ভাষাত যুৱ সাহিত্য অকাদেমি বঁটা সুতপা চক্ৰৱৰ্তীলৈ আগবঢ়োৱা হৈছে । শিলচৰৰ বাংলা ভাষাৰ যুৱ সাহিত্যিকগৰাকীক 'দেবৰাজে হলুদ ফুল, গতজন্ম' নামৰ কবিতা পুথিৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা । ২০২২ চনত কলকাতাৰ আদম পাব্লিকেশ্যনে প্ৰকাশ কৰিছিল ‘দেবৰাজে হলুদ ফুল,গতজন্ম’ নামৰ কবিতা পুথিখন । এইখন সুতপা চক্ৰৱৰ্তী তৃতীয় পুথি । ইয়াৰ পূৰ্বে প্ৰকাশিত তেওঁৰ কবিতা পুথি দুখন হৈছে ‘ব্ৰামৰায়ণ’ আৰু ‘মায়াবিদ্যা’ । মায়াবিদ্যা হৈছে ১০০ টা ছনেটৰ সংকলন ।
আজি এই বঁটা লাভ কৰাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুতপা চক্ৰৱৰ্তী কয়,"শনিবাৰে পুৱা যেতিয়া মোক বঁটাৰ বিষয়ে অৱগত কৰিবলৈ ফোন আহিছিল,তেতিয়া মই সুখী হৈছিলো । কিন্তু পুৰস্কাৰ মোৰ আবেগ নহয়, মোৰ আচল আৱেগ বেছিকৈ লিখা-পঢ়া কৰা ।"
বৰাক উপত্যকাত বাংলা ভাষা চৰ্চা কৰাটো এক কঠিন কাৰ্য বুলি উল্লেখ কৰি তেওঁ কয়," কলকাতাৰ দৰে আমাৰ চৰ্চা কৰিবলৈ ইয়াত ঠাইৰ অভাৱ । অৱশ্যে আমাৰ অঞ্চলত বাংলা সাহিত্য চৰ্চা অতি পুৰণি আৰু চহকী । অমিতাভ দেৱ চৌধুৰীৰ পৰা আৰম্ভ কৰি বহু জ্যেষ্ঠ আৰু লেখক আৰু গৱেষক এই অঞ্চলৰেই । তেওঁলোকে সদায় সাহস যোগাই আহিছে ।"
উল্লেখ্য় যে সুতপা চক্ৰৱৰ্তীয়ে অসম বিশ্ববিদ্যালয়ৰ অধীনত বংগত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে । ইয়াৰ পিচত তেওঁ গৱেষণামূলক কাম আৰম্ভ কৰে । ২০২২ চনত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে । কলেজীয়া জীৱনৰ পৰাই কবিতাৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ এক সুকীয়া শৈলীত কবিতা লিখি আহিছে । এনে শৈলীত কবিতা লিখি তেওঁ ভাল পায় বুলিও কয় । তবু প্ৰয়াসৰ দ্বাৰা প্ৰকাশিতব্য় তেওঁৰ পৰৱৰ্তী গ্ৰন্থ ‘মহিলা আৰু ভাৰতীয় আইন’ৰ কামত ব্যস্ত থকা বুলিও উল্লেখ কৰে ।