ETV Bharat / state

লক্ষ্ণৌত সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা গ্ৰহণ ৰঞ্জু হাজৰিকাৰ - BAL SAHITYA PURASKAR

বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক ৰঞ্জু হাজৰিকাক প্ৰদান কৰা হয় ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা । লক্ষ্ণৌত এই বঁটা গ্ৰহণ কৰিলে সাহিত্যিকগৰাকীয়ে ।

Sahitya Akademi Childrens Literature Award conferred on eminent litterateur Ranju Hazarika in Lucknow
শিশু সাহিত্য বঁটা গ্ৰহণ ৰঞ্জু হাজৰিকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 10:11 PM IST

তেজপুৰ: ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো ৰাষ্ট্ৰই শিশু দিৱস হিচাপে উদযাপন কৰাৰ শুভক্ষণত বৃহস্পতিবাৰে অসমৰ এগৰাকী স্বনামধন্য শিশু সাহিত্যিক ৰঞ্জু হাজৰিকাক প্ৰদান কৰা হয় ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা । সাহিত্য অকাডেমিৰ অধ্যক্ষ ড৹ মাধৱ কৌশিকে এই বঁটা তেওঁক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।

এই উপলক্ষে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ গোমতি নগৰৰ ভাগিদাৰী ভৱনত শিশু দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্য অকাডেমিৰ অধ্যক্ষ ড৹ মাধৱ কৌশিকে দেশৰ ২৪ গৰাকী শিশু সাহিত্যিকৰ লগতে শিশু সাহিত্যিক ৰঞ্জু হাজৰিকাক 'বিপন্ন বিস্ময় খেল' গ্ৰন্থখনৰ বাবে ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।

শিশু সাহিত্য বঁটা গ্ৰহণ ৰঞ্জু হাজৰিকাৰ (ETV Bharat Assam)

একেটা অনুষ্ঠানতে ২০২৪ বৰ্ষৰ বড়ো ভাষাৰ শিশু সাহিত্য অকাডেমি বঁটাৰ বাবে নিৰ্বাচিত অসমৰ শিশু সাহিত্যিক ভাৰ্জিন জেক'ভা মুছাহাৰীকো সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । অনুষ্ঠানত সাহিত্য অকাডেমিৰ সচিব ড৹ কে শ্ৰীনিবাসন ৰাও প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে সঘনাই থ্ৰীলাৰ কাহিনীৰ বাবে বিখ্যাত আৰু ছদ্মনামেৰে গ্ৰন্থ ৰচনা কৰা কুমুদ চন্দ্ৰ হাজৰিকা ওৰফে ৰঞ্জু হাজৰিকাই বৰ্তমানলৈকে প্ৰায় ৮০০ খন গ্ৰন্থ ৰচনা কৰিছে । সমান্তৰালভাৱে শিশু গ্ৰন্থও ৰচনা কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে । ১৯৮৪ চনৰ পৰা চিৰিজ হিচাবে শিশু সাহিত্য ৰচনা কৰা ৰঞ্জু হাজৰিকাৰ নন্দন, জিন্তন, ৰোহন আদি শিশু সাহিত্যৰ চিৰিজ প্ৰকাশ পোৱাৰ পাছত এইসমূহে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰে । এই আধাৰতে পৰৱৰ্তী গ্ৰন্থ ৰচনা কৰিবলৈ সক্ষম হয় বুলি তেওঁ উল্লেখ কৰে । জীৱনৰ অধিক সময় চাহ বাগিচাৰ মাজতে কটোৱা হাজৰিকাই চাহ বাগিচাৰ লোকসকলৰ জীৱন ধাৰণৰ ওপৰতো গ্ৰন্থ ৰচনা কৰি পঢ়ুৱৈক আগবঢ়াই দিছে ।

লগতে পঢ়ক: দক্ষিণ আমেৰিকাৰ আনাকোণ্ডা অসমত কিয় ! ৰঞ্জু হাজৰিকাৰ লগত আছুতীয়া সাক্ষাৎকাৰ - Sahitya Akademi

কলিয়াবৰত উপস্থিত ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.