ETV Bharat / state

কলিয়াবৰত ঢেকীয়াপতীয়াৰ মুক্ত বিচৰণ; কেমেৰাত অৱদ্ধ বাঘৰ গতিবিধি - Royal Bengal Tiger Roaming Freely

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 10:19 AM IST

Tiger terror in Kaliabor: কলিয়াবৰত অব্যাহত বাঘৰ আতংক ৷ কেমেৰাত আৱদ্ধ হৈছে বাঘৰ বিচৰণৰ দৃশ্য ৷ ৰাইজক সুৰক্ষা দিয়াৰ স্বাৰ্থত কলিয়াবৰৰ শিলঘাট আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত 24 ঘণ্টাই সষ্টম হৈ আছে বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ লোক ৷

Tiger Roaming Freely In Kaliabor
কলিয়াবৰত অব্যাহত বাঘৰ আতংক (ETV Bharat Assam)

কলিয়াবৰ, 14 জুলাই : এটাৰ পাচত আনটো সমস্যাৰ গ্ৰাসত পৰিছে কলিয়াবৰবাসী ৷ ভয়-শংকাৰ মাজত দিন কটাইছে কলিয়াবৰৰ ৰাইজে ৷ বানৰ সমান্তৰালকৈ কলিয়াবৰত এতিয়া পুনৰ বাঘৰ আতংক ! ইতিমধ্যে সোণাৰি-কামাখ্যা অঞ্চলত তিনিটা ঢেকীয়াপতীয়া বাঘৰ অৱস্থিতিৰ কথা বন বিভাগে নিশ্চিত কৰিছে ।

আনকি কলিয়াবৰ মহকুমা প্ৰশাসনৰ ফালৰ পৰাও ৰাজহুৱা ঘোষণাযোগে সতৰ্ক কৰিছে কলিয়াবৰবাসীক । বিশেষকৈ শিলঘাট আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰবৰ বাগান, কামাখ্যা গাঁও, সোণাৰী গাঁও, সোণাৰী চাহ বাগিচা অঞ্চলৰ ৰাইজক পূৰ্বতকৈ অধিক সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে । ইতিমধ্যে সোণাৰী চাহ বাগিচাৰ 13 নম্বৰ লাইনত বাঘে নিধন কৰিছে দুটা পশুধনো ।

লগতে পঢ়ক : বানবিধ্বস্ত মাজুলীত অব্যাহত বাঘৰ আতংক - Tiger terror at Majuli

ইতিমধ্যে মহকুমা প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন, 2023 ৰ ধাৰা 163 (1)ৰ অধীনত কলিয়াবৰ চাহ বাগিচাৰ মাজেদি যোৱা শিলঘাট-কামাখ্যা মন্দিৰ-সোণাৰী গাঁও সংযোগী গড়কপ্তানি পথৰ লগতে শিলঘাট-ৰবৰবাৰীৰ পৰা ত্ৰিশূলধাৰী মন্দিৰ সংযোগী পথত নিষেধাজ্ঞা জাৰি কৰিছে ।

বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈকে এই পথ দুটাৰে যাতায়ত কৰাত নিশেধাজ্ঞা জাৰি কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে । বন বিভাগৰ পৰাও সকলোকে এই নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : চাবুৱাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিগৰাকী - Tiger Terror in Dibrugarh

ইফালে বাঘৰ অৱস্থিতি আৰু গতি-বিধি নিৰীক্ষণ কৰিবৰ বাবে বন বিভাগে উক্ত অঞ্চলত সংস্থাপন কৰিছে কেমেৰা ৷ শনিবাৰে এই কেমেৰাত আৱদ্ধ হৈছে বাঘৰ গতি-বিধিৰ কিছু দৃশ্যাংশ ৷ এই কেমেৰাত আৱদ্ধ হোৱা দৃশ্য অনুসৰি, শনিবাৰে বিয়লি এটা বাঘে কামাখ্যা গাঁৱৰ প্ৰশান্ত পাঠক নামৰ লোকজনৰ চিত্ৰনলা খেতিত বিচৰণ কৰি আছিল । খেতি ডৰাৰ কাষতে থকা এটা পুখুৰীত পানী খাবলৈ আহিছিল বাঘটোৱে । পানী খাই বাঘটোৱে পুনৰ সমীপৰ চাহ বাগিচাৰ দিশে গতি কৰে ।

স্থানীয় লোকে বন বিভাগক উল্লেখ কৰা অনুসৰি, উক্ত অঞ্চলত আছে তিনিটা বাঘ ৷ অৱশ্যে বন বিভাগে সংস্থাপন কৰা চেঞ্চৰ কেমেৰাত এটা বাঘৰ উপস্থিতিহে ধৰা পৰিছে ৷ অঞ্চলটোত যাতে কোনোধৰণৰ অঘটন নঘটে তাৰ বাবে বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ লোকে 24 ঘণ্টাই সষ্টম হৈ আছে ।

লগতে পঢ়ক : বান বিধ্বস্ত কলিয়াবৰত এতিয়া বাঘ আৰু জাপানীজ এনেকেফেলাইটিছৰ আতংক - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.