ETV Bharat / state

বনৰজাক বলে পৰা নাই কোনেও: ড্ৰোণ কেমেৰাৰে নিৰীক্ষণহে চলিছে - Tiger Scare In Kaliabar

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 3:24 PM IST

Updated : Aug 31, 2024, 4:05 PM IST

Tiger scare in Kaliabor: কলিয়াবৰত বাঘৰ সন্ত্ৰাস অব্যাহত । দুটাকৈ ঢেকীয়াপতীয়া বাঘৰ বিচৰণ । এটাৰ পিছত এটাকৈ গৰু-ছাগলী-গাহৰি নিধন বনৰজাৰ । পিঞ্জৰা পাতি বাঘ বন্দী কৰাৰ সিদ্ধান্ত বন বিভাগৰ ।

Royal Bengal tiger roaming freely in different parts of Kaliabor
বনৰজাৰ আতংকত দিন কটাইছে বৃহত্তৰ কলিয়াবৰবাসী ৰাইজে (ETV Bharat Assam)

কলিয়াবৰ,৩১ আগষ্ট: কলিয়াবৰত যোৱা সোমবাৰৰ পৰা অব্যাহত আছে বনৰজাৰ সন্ত্ৰাস । আজি দিনৰ ভাগতে নাম-কামাখ্যা গাঁৱত এজনী গাই গৰু নিধন কৰাৰ লগতে এটা ছাগলীও নিধন কৰে । তাৰ পাছতে বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰে । বন বিভাগৰ তৰফৰ পৰা পিঞ্জৰা পাতিবলৈ ইতিমধ্যে সিদ্ধান্ত লৈছিল যদিও বাঘৰ সন্ধান নোহোৱাত পিঞ্জৰা পাতিব পৰা নাছিল ।

বাঘে বিচৰণ কৰা গাঁৱৰ সমীপৰে কামাখ্যা-শিলঘাট সংৰক্ষিত বনাঞ্চলত বাঘৰ উপস্থিতি পূৰ্বৰে পৰা আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে যদিও এনেদৰে গাঁও অঞ্চলত দিন-দুপৰতে পোহনীয়া জন্তু নিধন কৰা ঘটনা বিৰল । সেয়ে, গাঁওবাসী এতিয়া সুৰক্ষাৰ বাবে শংকিত হৈ পৰিছে । যোৱা সোমাবাৰে নিশা কলিয়াবৰৰ গ্ৰামাঞ্চলত প্ৰৱেশ কৰে প্ৰকাণ্ড বাঘটোৱে । নাম-কামাখ্যা গাঁৱৰ জনাঞ্চলত বাঘে বিচৰণ কৰি নিশা নিধন কৰে পোহনীয়া গাহৰি ।

সোমবাৰে দিনৰ ভাগত কামাখ্যা গাঁৱৰ চিত্ৰনেলা বাগিচাত বাঘে নিধন কৰিছিল দুটা ছাগলী । নিশা শিলঘাট-কামাখ্যা গাঁও সংযোগী গড়কাপ্তানী পথ অতিক্ৰম বাঘৰ । নিশা গৃহস্থৰ ঘৰৰ পৰাই গাহৰি চিকাৰ কৰে ঢেকীয়াপতীয়া বাঘে । দীনবন্ধু গঞ্জু নামৰ লোকজনৰ গাহৰি ভক্ষণ বাঘটোৰ । আনহাতে মটৰচাইকেলৰ সমুখত বনৰজা আহি উপস্থিত হোৱাত কোনোমতে প্ৰাণ ৰক্ষা পৰে মটৰচাইকেল চালকৰ ৷ কামাখ্যা গাঁও-শিলঘাট পথেৰে যাত্ৰাৰ সময়ত মুখামুখি হয় বনৰজাৰ ।

দিনে-নিশাই ঢেকীয়াপতীয়া বাঘৰ বিচৰণক লৈ আতংকিত স্থানীয় লোক । ঘটনাস্থলীত বনকৰ্মীৰ দল উপস্থিত হৈ বাঘ খেদাৰ চেষ্টা চলাই যদিও সফল হ'ব পৰা নাই । উল্লেখ্য যে বিগত কিছুদিন ধৰি বনৰজাই আশ্ৰয় লৈছিল কলিয়াবৰত । বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগে পিঞ্জৰা অনাৰ পাছতেই অন্তৰ্ধান হৈছিল বাঘটো । পুনৰ এসপ্তাহৰ পাছত কলিয়াবৰৰ জনাঞ্চলত বাঘে বিচৰণ কৰে ।

কলিয়াবৰ চাহ বাগিচাতো বাঘৰ আতংক অব্যাহত থকাৰ সময়তে দুটাকৈ ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণত আতংকিত ৰাইজ । বাঘে পথৰ ওপৰতে ধৰিছিল এটা ছাগলী । সোণাৰি গাঁও- কামাখ্যা পথত বাঘে আক্ৰমণ কৰিছিল ছাগলীটোক । বাগিচাৰ শ্ৰমিকে হুলস্থূল কৰাত ছাগলীটো এৰি আঁতৰি যায় বাঘটো । মঙলবাৰেও গৃহস্থৰ দুটা ছাগলী আৰু এটা গাহৰি নিধন কৰিছিল বাঘটোৱে ।

বন বিভাগক সহযোগ কৰিবলৈ বুধবাৰৰ পৰা আৰক্ষী মোতায়েন কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে । কামাখ্যা গাঁও-কামাখ্যা মন্দিৰ সংযোগী পথত দুচকীয়া বাহন আৰু খোজকাঢ়ি যোৱা সাময়িকভাৱে বন্ধ কৰিছে আৰক্ষীয়ে । বাঘ ধৰিবলৈ বন বিভাগে বাঘ বিচৰণ কৰা স্থানত পিঞ্জৰা স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে । বন বিভাগৰ তত্বাৱধানত ড্ৰোণ কেমেৰাৰে বাঘৰ স্থান নিৰীক্ষণ কৰি থকা হৈছে ।

লগতে পঢ়ক: বাঘৰ আতংকই খেদিছে এটা অঞ্চলক : হাতীমূৰাত অৱস্থান তিনিটাকৈ বাঘৰ - Tiger Terror

বনৰজাক খেদিবলৈ জংঘলত বন বিভাগৰ লগত ওলাল ৰাইজ - Tiger Scare In Nagaon

Last Updated : Aug 31, 2024, 4:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.