ETV Bharat / state

নগাঁৱৰ পৰা সন্ত্ৰাসবাদীক যোগান ধৰা হয় চিম কাৰ্ড ! - Ansarullah Bangla Team - ANSARULLAH BANGLA TEAM

SIM Card Supply to Terrorist : নগাঁৱৰ পৰাই সন্ত্ৰাসবাদী সংগঠনক যোগান ধৰা হয় নেকি চিম কাৰ্ড ? সন্ত্ৰাসবাদীক চিম কাৰ্ড যোগান ধৰা কোন এই মতিউৰ? মতিউৰ ৰহমানৰ বাসগৃহত চলিছে অভিযান । আনছাৰুল্লা বাংলা টীমৰ সৈতে জড়িত থকাৰ অভিযোগত গুৱাহাটীত আটক হোৱা বাহাৰ মিঞাৰ সৈতে কি সম্পৰ্ক মতিউৰৰ ?

SIM SUPPLY TO TERRORIST
নগাঁৱত অসম আৰক্ষীৰ অভিযানকাৰী দল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 8:37 PM IST

নগাঁৱত অসম আৰক্ষীৰ অভিযানকাৰী দল (ETV Bharat Assam)

চামগুৰি, 18 মে’: সন্ত্ৰাসবাদীক নথি-পত্ৰৰ লগতে চিম কাৰ্ড যোগান ধৰা অভিযুক্তৰ বাসগৃহত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান । নগাঁৱৰ চামগুৰিৰ কনুৱামাৰীৰ মতিউৰ ৰহমানৰ বিৰুদ্ধে উত্থাপিত হৈছে সন্ত্ৰাসবাদীক বিভিন্ন নথিৰ লগতে চিম কাৰ্ড যোগান ধৰাৰ ভয়ংকৰ অভিযোগ ।

সন্ত্ৰাসবাদীক চিম কাৰ্ড যোগান ধৰাৰ অভিযোগত চামগুৰিৰ মতিউৰ ৰহমানৰ বাসগৃহত গুৱাহাটীৰ পৰা অহা বিশেষ অভিযানকাৰী দলে চলাইছে অভিযান । মতিউৰ ৰহমানে সন্ত্ৰাসবাদীক নথি-পত্ৰ আৰু চিম-কাৰ্ড আদি যোগান ধৰি অহাৰ কিছু তথ্য আৰক্ষীয়ে লাভ কৰা বুলিও এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ।

আৰক্ষীৰ বিশেষ অভিযানকাৰী দল এটাই গুৱাহাটীত আটক কৰা এজন অভিযুক্তক লগত লৈ শনিবাৰে বিয়লি অভিযান চলায় মতিউৰ ৰহমানৰ বাসগৃহত । আনছাৰুল্লা বাংলা টীমৰ সৈতে জড়িত থকাৰ অভিযোগত গুৱাহাটীত আটক হোৱা বাহাৰ মিঞাৰ সৈতে মতিউৰ ৰহমানে পূৰ্বে বাংগালুৰুত একেলগে কাম কৰিছিল বুলিও জানিব পৰা গৈছে ।

বিগত বৰ্ষৰ জুলাই মাহত আৰক্ষীৰ অভিযানকাৰী দলে মতিউৰৰ বাসগৃহৰ পৰা জব্দ কৰিছিল আধাৰ কাৰ্ড বনোৱা মেচিন । কেইমাহমান পূৰ্বে মতিউৰ ৰহমান জে’লৰ পৰা জামিনত মুক্তিলাভ কৰিছিল । উল্লেখযোগ্য যে, মতিউৰৰ গৃহত ১৫ দিন ধৰি ধৃত বাহাৰ মিঞাই বাহৰ পাতি থকাৰ খবৰো আৰক্ষীয়ে লাভ কৰা বুলিও আন এক সূত্ৰে জানিব পৰা গৈছে ।

ইপিনে মতিউৰ ৰহমানে আধাৰ কাৰ্ডৰ কাম কৰা বুলি দাবী কৰি সন্ত্ৰাসবাদীক চিম কাৰ্ড যোগান ধৰা সন্দৰ্ভৰ অজ্ঞাত প্ৰকাশ কৰে মতিউৰ ৰহমানৰ পিতৃয়ে । অৱশ্যে দুবছৰ পূৰ্বে মতিউৰৰ ওচৰলৈ তিনিজনকৈ অচিনাকী লোক অহা বুলি উল্লেখ কৰে মতিউৰৰ পিতৃয়ে ।

লগতে পঢ়ক: বাংলাদেশী মুছলমানৰ সৈতে অসমত প্ৰৱেশ কৰিছে জেহাদী উগ্ৰপন্থী: বিস্ফোৰণ প্ৰবীণ ভাই টোগাড়ীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.