ETV Bharat / state

বিশিষ্ট স্তম্ভ লেখক অৰুণ গোস্বামীৰ মৃত্যুত বৌদ্ধিক জগতত শোকৰ ছাঁ; সম্পন্ন হ’ল দেহ দান প্ৰক্ৰিয়া - Arun Goswami Passes Away

Arun Goswami Passes Away : বিশিষ্ট লেখক ঔপন্যাসিক অৰুণ গোস্বামীৰ দেহাৱসান । মঙলবাৰৰ নিশা যোৰহাটৰ মিচন হাস্পতালত 9 বাজি 45 মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নিৱন্ধকাৰ, ঔপন্যাসিক, গল্পকাৰগৰাকীয়ে । বিগত কেইটামান সপ্তাহ মিচন হাস্পতালত চিকিৎসাধীন হৈ আছিল গোস্বামী । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ । দেৰগাঁৱৰ লগতে অসমৰ বৌদ্ধিক জগতত শোকৰ ছাঁ ।

Body donation
বিশিষ্ট স্তম্ভ লেখক অৰুণ গোস্বামীৰ মৃত্যু; বৌদ্ধিক জগতত শোকৰ ছাঁ
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 10:00 AM IST

Updated : Mar 13, 2024, 1:44 PM IST

সম্পন্ন হ’ল দেহ দান প্ৰক্ৰিয়া
বিশিষ্ট স্তম্ভ লেখক অৰুণ গোস্বামীৰ মৃত্যু; বৌদ্ধিক জগতত শোকৰ ছাঁ

যোৰহাট, 13 মাৰ্চ: ৰাজ্যৰ সাহিত্য জগতৰ বাবে দুঃসংবাদ । বিশিষ্ট ঔপন্যাসিক, ৰাজনৈতিক বিশ্লেষক অৰুণ গোস্বামী আৰু নাই । মঙলবাৰৰ নিশা 9 বাজি 45 মিনিটত গোস্বামীয়ে শেষ নিশ্বাস ত্যাগ কৰে । যোৰহাটৰ মিছন হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ঔপন্যাসিকগৰাকীয়ে । বিগত কেইবাদিনো ধৰি ICU ত চিকিৎসাধীন হৈ আছিল গোস্বামী । মৃত্যুৰ সময়ত অৰুণ গোস্বামীৰ বয়স আছিল 82 বছৰ।

দেৰগাঁৱৰ বঙালগাঁৱত জন্মগ্ৰহণ কৰিছিল অৰুণ গোস্বামীয়ে । কালক্ষণ, চলন্ত বিৱৰণী অন্যতম জনপ্ৰিয় গ্ৰন্থ আছিল প্ৰয়াত অৰুণ গোস্বামীৰ । অৰুণ গোস্বামীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উপন্যাস ‘পটভূমি’ । পৃথিৱীৰ সৰ্ববৃহৎ গ্ৰন্থ, 10160 পৃষ্ঠাৰ ‘অগ্নিশিখা’ তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল ।

স্তম্ভ লেখক, ৰাজনৈতিক বিশ্লেষক হিচাপেও বিশেষ সুনাম আছিল অৰুণ গোস্বামীৰ । যোৰহাট জে বি কলেজত একেৰাহে 4 বাৰ শ্ৰেষ্ঠ সাহিত্য আৰু আবৃত্তিকাৰ হিচাপে যি অভিলেখ গঢ়িলে, সেয়া আজি পৰ্যন্ত কোনেও ভংগ কৰিব পৰা নাই ৷ প্ৰয়াত গোস্বামীৰ গল্প আৰু নাট বঙালী, হিন্দী, ইংৰাজী, ওড়িয়া আদি ভাষালৈ অনুবাদ হৈছে ।

'মাছমৰীয়া ছোৱালীৰ লাজ নামৰ গল্পৰ আধাৰত কৰা ‘লাজ’ আৰু 'আই ক'ত নাই' একে নামতে কৰা বোলছবি দুখন প্ৰথমখন ভাৰতীয় পেনৰামালৈ নিৰ্বাচিত আৰু 'আই ক’ত নাই' ছবিখনে সৰ্বভাৰতীয় 'নাৰ্গিছ দত্ত সংহতী বঁটা লাভ কৰিছিল । দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হৈছিল প্ৰয়াত গোস্বামীৰ অসমীয়া আৰু হিন্দী ভাষাৰ 14 খনকৈ ধাৰাবাহিক ৷

Renowned Novelist, columnist Arun Goswami Passes Away at 82 in Jorhat

‘লাজ’ চিনেমাখনৰ বাবে তেওঁ শ্ৰেষ্ঠ বোলছবি কাহিনীকাৰৰ 'নৱকান্ত বৰুৱা বঁটা আৰু ‘আজি’ নাটকৰ ’আজ’ হিন্দী অনুবাদেৰে পাটনাত 1983 চনত সৰ্বভাৰতীয় শ্ৰেষ্ঠ ব্যংগ নাট্যকাৰৰ ‘বিজয়েন্ত গৌড় বঁটা’ লাভ কৰিছে । অসমীয়া সাহিত্য জগতলৈ অৰুণ গোস্বামী অৱদান তুলনাবিহীন, একক, অনন্য ।

সমান্তৰালভাৱে, ৰাজ্যৰ বিভিন্ন সংবাদ পত্ৰত ধাৰাবাহিকভাৱে প্ৰয়াত গোস্বামীৰ ৰাজনৈতিক বিশ্লেষণাত্মক নিবন্ধ প্ৰকাশ পাইছিল ৷ যিবোৰে ৰাজ্যৰ বৌদ্ধিক জগতখনত আছিল এক সুকীয়া আসন । গোস্বামীৰ মৃত্যুৱে অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত সৃষ্টি কৰিলে এক বৃহৎ শূন্যতাৰ ৷

যুক্তিনিষ্ঠ লেখক অৰুণ গোস্বামীয়ে মৃত্যুৰ পূৰ্বে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ হকে দেহ দান কৰি থৈ গৈছে । বুধবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰয়াত অৰুণ গোস্বামীৰ নশ্বৰ দেহ চমজি লয় আৰু শেষ শ্ৰদ্ধা জনায় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদানৰ পিচতে মাজুলীত আনন্দৰ বন্যা

Last Updated : Mar 13, 2024, 1:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.