ETV Bharat / state

ৰাজ্যত মুকলি অৰুণোদয় 3: আবেদনৰ পৰা ধন লাভলৈকে সকলো খৰচি মাৰি জানি লওক - Assam Orunodoi scheme

author img

By ETV Bharat Assamese Team

Published : 9 hours ago

Assam Orunodoi scheme: নতুনকৈ ১২.৬০ লাখ হিতাধিকাৰীৰে অৰুণোদয় ৩.০ মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । লক্ষ্য ২০২৬ ৰ বিধানসভা নিৰ্বাচন । হিতাধিকাৰী সৃষ্টিৰে ৰাজ্যজুৰি বিয়াগোম অৰুণোদয় ৩.০ আঁচনি মুকলি । ২০ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা প্ৰক্ৰিয়াৰ শুভাৰম্ভ । সমষ্টিয়ে সমষ্টিয়ে সভা । মন্ত্রী-বিধায়ক-সাংসদৰ অংশগ্ৰহণ । সংবাদমেলযোগে আঁচনিৰ বিষয়ে ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । কোনে কেনেকৈ লাভ কৰিব অৰুণোদয় ৩.০ আঁচনিৰ সুবিধা । ৰেচন কাৰ্ড পোৱাৰ মাপকাঠি কি ? সবিশেষ এই প্ৰতিবেদনত ।

Regarding Orunodoi 3.0 scheme PC by CM Himanta Biswa Sarma
ৰেচন কাৰ্ডৰ সৈতে কি সম্পৰ্ক অৰুণোদয় ৩.০ আঁচনিৰ (ETV Bharat Assam)

গুৱাহাটী,১৯ ছেপ্টেম্বৰ: ২০২৬ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি হিতাধিকাৰী সৃষ্টিৰ দিশত আন এক খোজ পেলাই আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে অৰুণোদয় ৩.০ আঁচনি । অৰুণোদয় ৩.০ আঁচনিৰ যোগেদি নতুনকৈ ১২.৬০ লাখ হিতাধিকাৰীৰ সৃষ্টি হ'ব । অৰ্থাৎ পুৰণি আৰু নতুন মিলাই অৰুণোদয় ৩.০ আঁচনিত হিতাধিকাৰীৰ সংখ্যা হ'বগৈ ৩৭.৪০ লাখ ।

লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ কৰ্মকৰ্তাসকলে ঘৰে ঘৰে গৈ বিতৰণ কৰা সমীক্ষা পত্রৰ যোগেদি লাভ কৰা তথ্যৰ ভিত্তিত চৰকাৰে ১২.৬০ লাখ লোকক নতুনকৈ অৰুণোদয় ৩.০ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিছে । আগন্তুক পঞ্চায়ত আৰু বিশেষকৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিতাধিকাৰী সৃষ্টিৰ এই বিশাল আঁচনিখনত বিশেষ মনোনিৱেশ কৰিছে ।

কেৱল সেয়াই নহয় ৰেচন কাৰ্ডৰ হিতাধিকাৰী বৃদ্ধিৰ ক্ষেত্রতো চৰকাৰখনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । ৰাজ্যত নতুনকৈ ১৯,৯২,১৬৭ গৰাকী লোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে ৰেচন কাৰ্ড প্ৰদান কৰা প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰে ।

ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে সভা অনুষ্ঠিত কৰি চৰকাৰৰ হিতাধিকাৰী সৃষ্টিৰ এই বিশাল কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । ৰাজ্যজুৰি হোৱা সভাসমূহত মন্ত্রী-বিধায়ক তথা সাংসদ সকলে অংশ গ্ৰহণ কৰে । দিছপুৰৰ লোকসেৱা ভৱনত আঁচনি দুখনৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰে ।

ৰেচন কাৰ্ডৰ সৈতে কি সম্পৰ্ক অৰুণোদয় ৩.০ আঁচনিৰ :

সংবাদমেলত মুখ্যমন্ত্রীয়ে কয়,"অৰুণোদয় ১.০ আৰু অৰুণোদয় ২.০ আঁচনিৰ হিতাধিকাৰীসকলক আধাৰ লিংক কৰিব বিচৰা হৈছে । ৰেচন কাৰ্ডসমূহ আধাৰ লিংক হৈ আছে । গতিকে ৰেচন কাৰ্ড নথকাসকলে অৰুণোদয় ৩.০ নাপাব । ৰেচন কাৰ্ড থকা সকলে অৰুণোদয় ৩.০ লাভ কৰিব আৰু আধাৰ লিংক হ'ব । যাৰ বাবে আজি নতুনকৈ ১৯,৯২,১৬৭ গৰাকী লোকক ৰেচন কাৰ্ড দিয়াৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে । ইয়াৰ ফলত ৰেচন কাৰ্ড লাভ কৰা লোকৰ সংখ্যা ২.৬০ কোটিলৈ বৃদ্ধি হ'ব । অৰুণোদয় ৩.০ ৰ সুবিধা ল'বলৈ হ'লে প্ৰথমে ৰেচন কাৰ্ড ল'ব লাগিব ।"

কেনেকৈ লাভ কৰিব ৰেচন কাৰ্ড :

ৰেচন কাৰ্ডৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়,"ৰেচন কাৰ্ডৰ ক্ষেত্রত পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৪ লাখৰ বেছি হ'ব নোৱাৰিব । পৰিয়ালত চৰকাৰী চাকৰি নথকা লোকে আবেদন কৰিব পাৰিব ।"

কেনেকৈ লাভ কৰিব ৰেচন কাৰ্ড (ETV Bharat Assam)

অৰুণোদয় ৩.০ৰ সবিশেষ:

অৰুণোদয় ৩.০ গঠন প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "অৰুণোদয় ১ আৰু অৰুণোদয় ২ পাই থকা সকলেও অৰুণোদয় ৩.০ আঁচনিত আবেদন কৰিব লাগিব । প্ৰতিটো সমষ্টিত গড়ে ৩০ হাজাৰ পৰিয়ালে অৰুণোদয় ৩.০ লাভ কৰিব । অৰুণোদয় ৩.০ৰ সুবিধা লাভৰ বাবে প্ৰথমে লাগিব ৰেচন কাৰ্ড । প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ'ব বিধবা মহিলা, ৪৫ বছৰ বয়সৰ ঊৰ্দ্ধৰ অবিবাহিত মহিলা, বিবাহ বিচ্ছেদ হোৱা মহিলা, স্বামীয়ে এৰি থৈ যোৱা মহিলা থকা পৰিয়ালক । "

"দ্বিতীয়তে তৃতীয় লিংগ, দিব্যাংগ থকা পৰিয়াল, চৰকাৰী বৃদ্ধাশ্ৰমৰ আইতাসকল, এইডছ, থেলাছেমিয়া, কুষ্ঠ, অটিজিম, হিমফেলিয়া আদি ৰোগাক্ৰান্ত লোকৰ পৰিয়াল, ভিক্ষা কৰা মহিলাক অৰুণোদয় ৩.০ আঁচনিত অগ্ৰাধিকাৰ দিয়া হ'ব । ইয়াৰ পাছত বাৰ্ষিক উপাৰ্জন ২ লাখ টকাৰ কম থকা পৰিয়ালৰ লোকক দিয়া হ'ব । অৰুণোদয় ৩.০ যোগেদি দৰিদ্ৰ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।"

কোন অযোগ্য অৰুণোদয় ৩.০ আঁচনিৰ বাবে (ETV Bharat Assam)

কোন অযোগ্য অৰুণোদয় ৩.০ আঁচনিৰ বাবে:

অৰুণোদয় ৩.০ আঁচনিৰ সুবিধা কোনে নাপাব সেই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়,"মন্ত্রী-বিধায়ক, প্ৰাক্তন মন্ত্রী-বিধায়ক, সাংসদ, প্ৰাক্তন সাংসদ, পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে এই আঁচনিৰ সুবিধা লাভ নকৰিব । চৰকাৰী চাকৰিয়াল থকা পৰিয়ালৰ লোকে অৰুণোদয় ৩.০ৰ বাবে যোগ্য নহয় ।

সেইদৰে চিকিৎসক, অভিযন্তা, আর্কিটেক্ট, চার্টার্ড একাউণ্টেণ্ট, উকীল, বেংকাৰ, শিক্ষক, পেঞ্চনাৰ, ঠিকাদাৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী, ব্যৱসায়ী আৰুআয়কৰ দাতাসকলে নাপাব আঁচনিখনৰ সুবিধা । সেইদৰে চাৰিচকীয়া বাহন থকা পৰিয়াল আৰু ১৫ বিঘা ভূমি থকা পৰিয়াল আঁচনিখনৰ বাবে যোগ্য নহয়। আঁচনিখনৰ লক্ষ্য হৈছে দৰিদ্ৰজনক সকাহ দিয়া ।"

কেতিয়ালৈ সম্পূৰ্ণ হ'ব অৰুণোদয় ৩.০ আঁচনি:

আজিৰ পৰা আৰম্ভ হোৱা অৰুণোদয় ৩.০ আঁচনি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়,"পুৰণি আৰু নতুনক সামৰি আজিৰ পৰা আৰম্ভ হোৱা অৰুণোদয় ৩.০ প্ৰক্ৰিয়াৰ জানুৱাৰী মাহলৈ বাচনি কৰি সমাপন কৰিব পাৰিম । অৰুণোদয় ৩.০ৰ বাবে পুৰণি সকলেও আবেদন কৰিব লাগিব । অৰুণোদয় ৩.০ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত পুৰণিসকলে নিয়মীয়াকৈ অৰুণোদয়ৰ ধন লাভ কৰি থাকিব ।"

কেতিয়ালৈ সম্পূৰ্ণ হ'ব অৰুণোদয় ৩.০ আঁচনি (ETV Bharat Assam)

অৰুণোদয় ৩.০ আঁচনিৰ নামত কিমান খৰচ হ'ব চৰকাৰৰ:

অৰুণোদয় ৩.০ আঁচনি ৰূপায়ণ কৰাৰ ফলত হিতাধিকাৰীৰ সংখ্যা ৩৭.৪০ লাখলৈ বৃদ্ধি পাব । এই হিতাধিকাৰী সকলক মাহে ১২৫০ টকাকৈ প্ৰদান কৰাৰ বাবদ মাহে চৰকাৰৰ ব্যয় হ'ব ৪৬৭ কোটি টকা আৰু বছৰত ব্যয় হ'ব ৫৬০৪ কোটি টকা । স্বাধীনতাৰ পাছত কোনো এখন চৰকাৰে এনে আঁচনি ৰূপায়ণ কৰিব পৰা নাছিল । অসমৰ এই আঁচনিখন বৰ্তমান মধ্যপ্ৰদেশ, কৰ্ণাটক, ছত্তিছগড়, মহাৰাষ্ট্ৰ আদি বিভিন্ন ৰাজ্যই গ্ৰহণ কৰিছে ।"

দৰিদ্ৰজনে লাভ কৰিছে বিশেষ তিনিটা অভিলাষী আঁচনি :

মুখ্যমন্ত্রীয়ে কয়, "তিনিটা ডাঙৰ আঁচনিৰ যোগেদি দৰিদ্ৰজনে বিশেষভাৱে উপকৃত হ'বলৈ সক্ষম হৈছে । ৰেচন কাৰ্ডৰ যোগেদি প্ৰতিগৰাকী লোকে মাহে ৫ কেজিকৈ চাউল বিনামূল্যে লাভ কৰিবলৈ সক্ষম হৈছে । এতিয়া নতুনকৈ প্ৰায় ২০ লাখ লোকে ৰেচন কাৰ্ড পাব । অৰুণোদয়ৰ যোগেদি লাভ কৰিছে মাহে ১২৫০ টকা । আনহাতে আয়ুষ্মান ভাৰত আৰু অসমৰ যোগেদি ৫ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিবলৈ সক্ষম হৈছে ।"

মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি :

মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে এতিয়ালৈকে আঁচনিখনৰ বাবে ১.৬০ লাখ ছাত্রীয়ে আবেদন জনাইছে । ১০ অক্টোবৰৰ আগতে প্ৰথম কিস্তিৰ ধন আগবঢ়োৱাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: উচ্চতৰ মাধ্যমিকৰ পৰাই প্ৰতিমাহে ছাত্ৰীৰ একাউণ্টত সোমাব ধন, কিন্তু কেনেকৈ ? - Mukhya Mantri Nijut Moina Scheme

অৰুণোদয় ৩.০; ৰাজ্যত ৫৫ লাখতকৈও অধিক ভুৱা ৰেচন কাৰ্ড বাতিল - Assam Orunodoi scheme

আৰম্ভ হ’ল অৰুণোদয় 3.0, কেনেকৈ কৰিব আবেদন ! জানি লওক - How to apply for Orunodoi Scheme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.