নিউজ ডেস্ক, 23 জানুৱাৰী : সুদীৰ্ঘ 44 বছৰে অসমৰ মানুহে শুনি অহা কিছুমান নাম আজিৰে পৰা আৰু নুশুনিব ৷ কিয়নো 4 টা দশক জুৰি মানুহৰ মুখে মুখে চলি অহা এই নামসমূহ আচলতে কাৰোৱেই প্ৰকৃত নাম নাছিল ৷ যেনে অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, মিথিংগা দৈমাৰী, ৰাজু বৰুৱা, চিত্ৰবন হাজৰিকা ইত্যাদি ৷
এইসকল আছিল আলফাৰ মুৰব্বী, একো একোজন শীৰ্ষ নেতা ৷ আজি আনুষ্ঠানিকভাৱে আলফা ভংগ হ’ল ৷ লগে লগে চিৰদিনৰ বাবে হেৰাই গ’ল এই নামসমূহো ৷ কাৰণ আলফা গঠনৰ সময়ত প্ৰতিজন নেতাই ছদ্মনামেৰেই আত্মপ্ৰকাশ কৰিছিল ৷ তেওঁলোকৰ প্ৰকৃত নাম আছিল সুকীয়া ৷ সেয়েহে আজি আলফা ভংগৰ লগে লগেই সেই নামবোৰো নোহোৱা হ’ল ৷ আজিৰে পৰা তেওঁলোক সমাজত পৰিচিত হ’ব তেওঁলোকৰ প্ৰকৃত নামেৰে ৷
আজিৰে পৰা কোনেও চিনি নাপাব অৰবিন্দ ৰাজখোৱাক ৷ তাৰ বিপৰীতে মানুহে চিনি পাব অৰবিন্দ ৰাজখোৱাৰ আঁৰত থকা প্ৰকৃত নাম ৰাজীৱ ৰাজকোঁৱৰকহে ৷ ঠিক একেদৰে অনুপ চেতিয়া নহয়, আজিৰে পৰা তেওঁ পৰিচিত হ’ব তেওঁৰ প্ৰকৃত নাম গোলাপ বৰুৱা বুলিহে ৷ তেনেদৰে ৰাজু বৰুৱা পৰিচিত হ’ব তেওঁৰ আচল নাম হিতেশ কলিতা ৰূপে ৷ মৃনাল হাজৰিকাৰ পৰিৱৰ্তে মানুহে এতিয়া জানিব প্ৰবাল ফুকনকহে ৷
আনহাতে, আজিৰে পৰা মিথিংগা দৈমাৰীক কোনেও নিচিনিব ৷ চিনি পাব তেওঁক দীপক দাস বুলিহে ৷ আন এজন আলফা নেতা চিত্ৰবন হাজৰিকা পৰিচিত হ’ব চিত্ৰ হাজৰিকা নামেৰে ৷ এসময়ৰ দুধৰ্ষ আলফা নেতা অন্টু চাউদাঙক আজিৰে পৰা আৰু কোনেও নাজানিব ৷ জানিব তেওঁক উপেন বুঢ়াগোঁহাই নামেৰে ৷ প্ৰকৃত নাম ৰঞ্জু চহৰীয়া ৰূপে আজিৰে পৰা মানুহে চিনি পাব একালৰ আন এজন শীৰ্ষ আলফা নেতা প্ৰাণজিৎ শইকীয়াক ৷
লগতে পঢ়ক : ৪৪ বছৰীয়া সংগ্ৰামৰ অন্তত ভংগ আলফা : জাতীয় বিকাশ পৰিষদ গঠনৰ ঘোষণা অনুপ চেতিয়াৰ