ETV Bharat / state

ধৰ্ষণকাৰী প্ৰধান শিক্ষকক ২১ বছৰৰ সশ্ৰম কাৰাদণ্ড, 10 হাজাৰ টকাৰ জৰিমনা

Rapist sentenced to 21 years rigorous imprisonment : বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান ৷ নাবালিকা ধৰ্ষণকাৰী প্ৰধান শিক্ষক মমিৰুল ইছলাম ওৰফে ৰাজুক POCSO আইনৰ অধীনত 376 (3) IPC ধাৰাত ২১ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান লগতে 10 হাজাৰ টকাৰ জৰিমনা বিহে ।

Rapist sentenced to 21 years rigorous imprisonment
ধৰ্ষণকাৰী প্ৰধান শিক্ষকক ২১ বছৰৰ সশ্ৰম কাৰাদণ্ড, 10 হাজাৰ টকাৰ জৰিমনা
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 5:09 PM IST

ধৰ্ষণকাৰী প্ৰধান শিক্ষকক ২১ বছৰৰ সশ্ৰম কাৰাদণ্ড, 10 হাজাৰ টকাৰ জৰিমনা

বিলাসীপাৰা, 22 ফেব্ৰুৱাৰী : ৪ বছৰ পিচত ন্যায় লাভ কৰিলে এটা দুৰ্ভগীয়া পৰিয়ালে ৷ ধুবুৰী জিলাৰ বিলাসীপাৰাত বৃহস্পতিবাৰে এটা ধৰ্ষণকাৰী প্ৰধান শিক্ষকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় । বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে এই ঐতিহাসিক ৰায় দিয়ে । নাবালিকা ধৰ্ষণৰ অভিযুক্ত আছিল প্ৰধান শিক্ষক মমিৰুল ইছলাম ওৰফে ৰাজু ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ২০১৯ চনত বিলাসীপাৰাৰ চাটাপাৰাত সংঘটিত হৈছিল মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ধৰ্ষণৰ ঘটনা । চাটাপাৰা এম ই স্কুলৰ তদানীন্তন প্ৰধান শিক্ষক মমিৰুল ইছলাম ওৰফে ৰাজুৱে গাঁওখনৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰে ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাগৰাকীক ধৰ্ষণ কৰিছিল শিক্ষক ৰাজুৱে ।

এই ঘটনা পোহৰলৈ অহাৰ পিচতে ভুক্তভোগী নাবালিকাৰ পৰিয়ালে বিলাসীপাৰা থানাত ১১০৭/১৯ নম্বৰত গোচৰ ৰুজু কৰিছিল । তাৰ পিচতে আৰক্ষীয়ে প্ৰধান শিক্ষক ৰাজুক গ্ৰেপ্তাৰ কৰে ৷ পৰৱৰ্তী সময়ত বিলাসীপাৰা মহকুমা আদালতত চলি থকা ছেচন কেচ নম্বৰ ১৮/২১ মতে ন্যায়াধীশে শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে চূড়ান্ত ৰায় প্ৰদান কৰে।

আজি বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতীয়াৰ বিচাৰপীঠে ধৰ্ষণৰ অভিযুক্ত চাটাপাৰা এম ই স্কুলৰ তদানীন্তন প্ৰধান শিক্ষক মমিৰুল ইছলাম ওৰফে ৰাজুক POCSO আইনৰ অধীনত 376 (3) IPC ধাৰাত ২১ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দানৰ লগতে 10 হাজাৰ টকাৰ জৰিমনা বিহে । নাবালিকা ধৰ্ষণকাৰী প্ৰধান শিক্ষকক যাৱজ্জীৱন কাৰাদণ্ডৰ এই ৰায়দানৰ পিচতে দুৰ্ভগীয়া পৰিয়ালটোৱে ভাৰতীয় ন্যায় ব্যবস্থাক ধন্যবাদ দি সন্তুষ্টি প্ৰকাশ কৰিছে । তেওঁলোকে ৪ বছৰ পিচত হ’লেও ন্যায় লাভ কৰাৰ বাব ন্যায় ব্যৱস্থাক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক: বৰপেটাত একেনিশাই ১২ সুদখোৰক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.