ETV Bharat / state

বিজেপি আৰু কংগ্ৰেছ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি: ৰাজেশ শৰ্মা - AAP Assam

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 9:34 PM IST

AAP Assam: গোলাঘাটৰ প্ৰগতি চ'ৰাত অনুষ্ঠিত হয় আপৰ কৰ্মকৰ্তা সন্মিলন । উক্ত সন্মিলনত অংশগ্ৰহণ কৰে আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই । সন্মিলনত অংশগ্ৰহণ কৰি বিজেপিৰ লগতে কংগ্ৰেছকো তীব্ৰ সমালোচনা শৰ্মাৰ । '২৬ ৰ বিধানসভা নিৰ্বাচত আপে অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত আপৰ ।

Rajesh Sharma slams BJP and Congress
গোলাঘাটত আপৰ কৰ্মকৰ্তা সন্মিলন (ETV Bharat Assam)

গোলাঘাট,২৭ জুলাই: আগন্তক পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ প্ৰস্তুতি আৰম্ভ কৰিছে আম আদমী পাৰ্টিয়ে । মিত্ৰতাৰ বিপৰীতে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা-চৰ্চা চলাইছে দলটোৱে । ইতিমধ্যে দলৰ ভেটি শক্তিশালী কৰাৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা প্ৰস্তুতি চলাইছে আপে । ইয়াৰ মাজতে শনিবাৰে গোলাঘাটৰ প্ৰগতি চ’ৰাত অনুস্থিত হয় জিলা কৰ্মকৰ্তা সন্মিলন ।

উক্ত সন্মিলনত অংশগ্ৰহণ কৰে আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই । বিজেপিৰ লগতে কংগ্ৰেছকো তীব্ৰ সমালোচনাৰে থকাসৰকা কৰে শৰ্মাই । তেওঁ কয়,"বিজেপি আৰু কংগ্ৰেছ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি । গতিকে অসমৰ জনসাধাৰণৰ দুয়োটা দলৰ বিকল্প বিচৰিছে । গতিকে আমি দলটো পুনৰ সংগঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছো । যোগ্যতাৰ ভিত্তিত আমি অসমত দলটো পুনৰ নিৰ্মাণ কৰিম । "

ইয়াৰোপৰি ৰাজেশ শৰ্মাই কয়,"অসমত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত আমি পূৰ্ণ শক্তি প্ৰয়োগ কৰি যুঁজিম । কিন্তু নিৰ্বাচনত যুঁজ দিবলৈ সৰ্বপ্ৰথমে প্ৰতিটো বুথত ১০জনীয়া এটা এটা দল তৈয়াৰ কৰিম । যিহেতু অসমত ভাৰতীয় জনতা পাৰ্টিৰ শাসনত জনতা সুখী নহয় । অসমৰ জনতা মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বান সমস্যা, বিদ্যুতৰ মাচুল বৃদ্ধি তথা লোড শ্বেডিঙকে আদি কৰি বিভিন্ন সমস্যা সমাধান নোহোৱাত ক্ষুব্ধ হৈ পৰিছে । গতিকে অসমৰ ৰাইজে বিকল্প বিচাৰিছে । "

লগতে তেওঁ কয়,"আম আদমী পাৰ্টিক অসমৰ জনতাই ভাল পায় । কিয়নো লোকসভা নিৰ্বাচনত মাত্ৰ দুখন আসনত আপে প্ৰতিদ্বন্দ্বিতা কৰিছিল । তাত পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ জৰিয়তে অসমৰ জনতাৰ অৰবিন্দ কেজৰিৱাল আৰু আপৰ প্ৰতি আৰ্শীবাদ তথা মৰম স্পষ্ট হৈছে । অনাগত দিনত আমি যোগ্য লোকক লগত লৈ এক মজবুত ৰাজনৈতিক দল হৈ বিজেপিৰ বিৰুদ্ধে প্ৰত্যাহ্বান হৈ ঠিয় দিম ।"

লগতে পঢ়ক: চৰকাৰী চিকিৎসকৰ পদত্যাগ : চৰকাৰৰ বিৰুদ্ধে সৰৱ আপ অসম - AAP Assam

পুৰণা কংগ্ৰেছীক পুনৰ আদৰিবলৈ সাজু প্ৰদেশ কংগ্ৰেছ - APCC President Bhupen Borah

ষষ্ঠ অনুসূচী সুৰক্ষা সমিতিত অন্তৰ্ভুক্ত হ'বলৈ বিজেপি-কংগ্ৰেছক আহ্বান তৃণমূল কংগ্ৰেছ আৰু আপৰ - Sixth Schedule Suraksha Samiti

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.